মেঘালয়লৈ অসমৰ পৰ্যটক টেক্সি চলাচলত কোনো বাধা নাই - Meghalaya government
Meghalaya Tourism : মেঘালয়ৰ পৰ্যটনস্থলীলৈ অসমৰ টেক্সি চলাচল নিষিদ্ধ নকৰে কনৰাড চৰকাৰে ৷ মেঘালয় টুৰিষ্ট টেক্সি ড্ৰাইভাৰ্ছ এছ'চিয়েচনে ৰাজ্যখনৰ পর্যটনস্থলীলৈ অসমৰ টেক্সি চলাচল নিষিদ্ধ কৰাৰ দাবী জনাই আহিছিল ৷

Published : July 19, 2024 at 4:57 PM IST
গুৱাহাটী, 19 জুলাই : মেঘালয়ৰ বিভিন্ন পৰ্যটনস্থলীলৈ অসমৰ টেক্সি চলাচলত কোনো বাধা নাই ৷ মেঘালয়ৰ পৰ্যটনস্থলীলৈ অসমৰ টেক্সি চলাচল নিষিদ্ধ নকৰে কনৰাড চাংমা চৰকাৰে ৷ এই কথা বৃহস্পতিবাৰে ঘোষণা কৰে মেঘালয়ৰ পৰ্যটন মন্ত্ৰী পল লিংডোৱে ৷
মেঘালয় টুৰিষ্ট টেক্সি ড্ৰাইভাৰ্ছ এছ'চিয়েচনে ৰাজ্যখনৰ পর্যটনস্থলীলৈ অসমৰ টেক্সি চলাচল নিষিদ্ধ কৰাৰ দাবী জনাই আহিছিল ৷ ইয়াক লৈ অসমৰ টুৰিষ্ট টেক্সি চালক সকলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল ৷ এছ'চিয়েচনৰ এই দাবীক বিৰোধিতা কৰি আহিছে চেভেন ষ্টেট টুৰিষ্ট অপৰেটৰ ইউনিয়নকে ধৰি অসমৰ টুৰিষ্ট কেব অপাৰেটৰ্ছ ইউনিয়নে ৷
চেভেন ষ্টেট টুৰিষ্ট অপৰেটৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ইছমাইল আলীয়ে কয় যে, অসমৰ টুৰিষ্ট টেক্সি মেঘালয়লৈ যোৱাত এতিয়া কোনো বাধা নাই ৷ অসমৰ টুৰিষ্ট টেক্সি চালক সকলে অসমৰ লগতে বিভিন্ন স্থানৰ পৰা অহা পৰ্যটক সকলক মেঘালয়ৰ বিভিন্ন পৰ্যটন থলীলৈ নিছে ৷ মেঘালয় টুৰিষ্ট টেক্সি ড্ৰাইভাৰ্ছ এছ'চিয়েচনে মেঘালয়ৰ পর্যটনস্থলীলৈ অসমৰ টেক্সি চলাচল নিষিদ্ধকৰণৰ যি দাবী জনাই আহিছিল এয়া গ্ৰহণযোগ্য নহয় ৷ ইয়াৰ বিৰোধীতা অসমৰ টুৰিষ্ট টেক্সি চালকসকলে কৰি আহিছে ৷ কিয়নো টুৰিষ্ট টেক্সিসমূহৰ সৰ্বভাৰতীয় অনুজ্ঞাপত্ৰ থাকে ৷ তেওঁলোকে প্ৰতিখন ৰাজ্যলৈ যাব পাৰে ৷
লগতে পঢ়ক : অসমৰ তিনিটা ঔদ্যোগিক প্ৰকল্পলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন - Industrial project in Assam
মেঘালয়ৰ পৰ্যটন মন্ত্ৰী পল লিংডোৱে বৃহস্পতিবাৰে কয় যে স্থানীয় পৰ্যটক টেক্সি সন্থাৰ দাবী অনুসৰি সমগ্ৰ মেঘালয়ৰ বিভিন্ন স্থানলৈ অসমৰ পৰ্যটকৰ বাহনসমূহে পৰ্যটকক লৈ যোৱাত নিষেধাজ্ঞা বা বাধা আৰোপ কৰাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই ৷ পৰ্যটন আৰু পৰিবহণ বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰা এখন বৈঠকত চৰকাৰে এই সন্দৰ্ভত আলোচনা কৰে বুলি জানিবলৈ দিয়ে তেওঁ ৷
বৈঠকৰ অন্তত লিংডোৱে সাংবাদিকৰ আগত কয় যে চৰকাৰে স্থানীয় টেক্সি চালকসকলৰ বাবে উন্নত জীৱিকাৰ সুবিধা প্ৰদান কৰিব বিচাৰে ৷ তেওঁ কয় যে ৰাজ্যত পৰ্যটক যান-বাহনৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বিপৰীতে উপলব্ধ যান-বাহনৰ সংখ্যা কম-বেছি পৰিমাণে স্থবিৰ হৈ আছে ৷
লগতে পঢ়ক : এইবাৰ লুইতৰ বুকুত নহয়, চাহ বাগিচা চফৰত ব্যস্ত বন্যহস্তীৰ জাক - WILD ELEPHANT MANACE

