ETV Bharat / state

বাস্তৱায়িত হ’ল মুখ্যমন্ত্ৰীৰ সপোন, দেশৰ শীৰ্ষ চাৰি ৰাজ্যৰ ভিতৰত অসম; লোকসভাৰ তথ্য

বিধ্বস্ত পথৰ বাবে সৰ্বাধিক পথ দুৰ্ঘটনা হোৱা চাৰিখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান ৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে লোকসভাত দাখিল কৰা তথ্যত প্ৰকাশ এই কথা ৷

NITIN GADKARI IN LOK SABHA
লোকসভাত ভাষণ দিয়া সময়ত নীতিন গাডকাৰী (IANS)
author img

By ETV Bharat Assamese Team

Published : February 6, 2025 at 7:59 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ৬ ফেব্ৰুৱাৰী: সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অসম দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান নাপালেও কিন্তু বিধ্বস্ত পথৰ বাবে সৰ্বাধিক পথ দুৰ্ঘটনা হোৱা দেশৰ চাৰিখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে । পথত গাঁত সৃষ্টি হোৱাৰ বাবে সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা শীৰ্ষ চাৰিখন ৰাজ্যৰ ভিতৰত অসমে স্থান লাভ কৰিছে । এই তথ্য প্ৰকাশ পাইছে লোকসভাৰ অধিবেশনত । পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে লোকসভাৰ মজিয়াত এই তথ্য দিছে ।

উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব‌ শৰ্মাই দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কৈছিল যে অসমৰ ৰাস্তা দিল্লীতকৈ ভাল । তেওঁ অসমৰ ৰাস্তা উন্নত বুলি কৈ দিল্লী ৰাস্তা বিধ্বস্ত বুলি সমালোচনা কৰিছিল । কিন্তু পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে লোকসভাৰ মজিয়াত দিয়া তথ্য মতে, বিধ্বস্তৰ পথৰ বাবে দিল্লীতকৈ অসমত যথেষ্ট বেছি পথ দুৰ্ঘটনা সংঘটিত হৈছে ।

Nitin Gadkari in Lok Sabha
লোকসভাৰ তথ্য (ETV Bharat Assam)

পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বৃহস্পতিবাৰে লোকসভাৰ মজিয়াত দিয়া তথ্য মতে, পথত গাঁত সৃষ্টি হোৱাৰ বাবে দেশৰ ভিতৰত সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা ৰাজ্য হ'ল উত্তৰ প্ৰদেশ । দ্বিতীয় স্থানত আছে মধ্যপ্ৰদেশ, তৃতীয় স্থানত তামিলনাডু আৰু চতুৰ্থ স্থানত অসম ।

Nitin Gadkari in Lok Sabha
লোকসভাৰ তথ্য (ETV Bharat Assam)

দেশৰ শীৰ্ষ চাৰি ৰাজ্যত বিধ্বস্ত পথৰ বাবে বিগত তিনিবছৰত সংঘটিত পথ দুৰ্ঘটনা সংখ্যা বছৰ অনুসৰি নিম্নলিখিত ধৰণৰ :

উত্তৰ প্ৰদেশ

চন দুৰ্ঘটনাৰ সংখ্যা
২০২০ ১৪৪৭
২০২১ ১২৫৪
২০২২ ১৯৮৬

মধ্যপ্ৰদেশ

চন দুৰ্ঘটনাৰ সংখ্যা
২০২০ ৪৩৯
২০২১ ৭১১
২০২২ ৭৫৯

তামিলনাডু

চন দুৰ্ঘটনাৰ সংখ্যা
২০২০ ৩৮৫
২০২১ ৪৫৯
২০২২ ৪৪৬

অসম

চন দুৰ্ঘটনাৰ সংখ্যা
২০২০ ১৯৪
২০২১ ১৮৭
২০২২ ৩১৯

বিধ্বস্ত পথৰ বাবে দেশত সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা:

চন দুৰ্ঘটনাৰ সংখ্যা
২০২০৩৫৬৪
২০২১ ৩৬২৫
২০২২ ৪৪৪৬

দেশৰ ৰাজধানী চহৰত সংঘটিত পথ দুৰ্ঘটনাৰ সংখ্যা:

চন দুৰ্ঘটনাৰ সংখ্যা
২০২০৫৫
২০২১ ৫৬
২০২২ ২৮

মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক দেশৰ পাঁচখন শ্ৰেষ্ঠ ৰাজ্য কৰাৰ কথা সততে ৰাজহুৱা সভাত আওৰায় থকাৰ সময়তে কিন্তু অসম বিধ্বস্ত পথৰ বাবে সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হোৱা শীৰ্ষ চাৰিখন ৰাজ্যৰ ভিতৰত অসম স্থান লাভ কৰিছে ।

লগতে পঢ়ক: দৰমহাৰ এহেজাৰ টকা আনিবলৈ গৈ মৃত্যু মাতৃৰ, চিকিৎসাধীন পুত্ৰ

একেলগে দুৰ্ঘটনাত পতিত ৩ খনকৈ বাহন, আহত কেইবাজনো