’নিযুত মইনা' হিতাধিকাৰী আঁচনি নহয়, বাল্যবিবাহৰ বিৰুদ্ধে প্ৰতিবাদৰ আঁচনি: উৎফুল্লিত মুখ্যমন্ত্ৰী
৪ লাখ ছাত্ৰীলৈ নিযুত মইনা ২.০ আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ আনুষ্ঠানিক শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ ।

Published : August 6, 2025 at 6:51 PM IST
গুৱাহাটী: সমুখত ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন ৷ বিজেপিয়ে নিৰ্বাচনী ৰণ প্ৰস্তুতি চলাই থকাৰ সময়তেই সমান্তৰালভাৱে ৪ লাখ ছাত্ৰীক সামৰি বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে অসম চৰকাৰৰ কেৱল ছাত্ৰীৰ বাবে যুগুত কৰা নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী— এই আঁচনিয়ে অসমত বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত ব্যপক অৰিহণা আগবঢ়াব । আঁচনি মুকলি কৰি দেশৰ ভিতৰতে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমতেই একমাত্ৰ চৰকাৰৰ উদ্যোগত বিনামূলীয়াকৈ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত শিক্ষাৰ্থীক নামভৰ্তিৰ ব্যৱস্থা আছে বুলি মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে ।
“বাল্যবিবাহ ৰোধৰ ক্ষেত্ৰত শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে ৷ সেইবাবে আমি নিযুত মইনা আঁচনিৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিছোঁ ৷ আমি বিশ্বাসী নিযুত মইনা-২.০ৰ দ্বাৰা আমি বাল্যবিবাহৰ বিৰুদ্ধে কৰা যুঁজখনত জয়ী হ'ম ৷ এইবাৰ অসমৰ ৪ লাখৰো অধিক কন্যা শিক্ষাৰ্থীক এই আঁচনিয়ে সামৰি ল'ব ৷” নিযুত মইনা আঁচনি ২.০ মুকলি কৰি মন্তব্য মুখ্যমন্ত্ৰীৰ ।
অসমৰ প্ৰতিগৰাকী ছাত্রীৰ প্ৰতি বিজেপি চৰকাৰ সদায়ে দায়বদ্ধ বুলি মন্তব্য কৰি অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাই ২০২৫-২৬ বৰ্ষৰ বাবে 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা-২.০' আঁচনিৰ অন্তর্গত ছাত্রীসকলক প্ৰ-পত্ৰ বিতৰণৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

উল্লেখ্য যে এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰীসকলে মাহে ১ হাজাৰ টকাকৈ, স্নাতক পাঠ্যক্ৰমৰ ছাত্রীসকলে ১২৫০ টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্রীসকলে ২৫০০ টকাকৈ লাভ কৰিব । অনুষ্ঠানত এই আঁচনি সম্পর্কত প্ৰথম পৰ্যায়ৰ সফলতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিয়ে বিশেষকৈ ছোৱালী শিক্ষাৰ্থীৰ বিদ্যালয় ত্যাগৰ হাৰ হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । বাল্যবিবাহ আৰু আৰ্থিক সংকটৰ বাবে শিক্ষাৰ পৰা বঞ্চিত হোৱা ছাত্ৰীসকলক সপোনৰ ডেউকা মেলি উৰিবলৈ এই আঁচনিয়ে সহায় কৰিব ।
নিযুত মইনা আঁচনি ২.০ মুকলি কৰি মুখ্যমন্ত্ৰীৰ মন্তব্য, "যোৱা বিত্তীয় বছৰত এই আঁচনিখনে ৰাজ্যত ১.৬ লাখ ছাত্ৰী শিক্ষাৰ্থীক উপকৃত কৰিছিল ৷ আঁচনিখনৰ পৰিসৰ আৰু বৰ্ধিত কলেবৰলৈ চাই আমি অনুমান কৰিব পাৰিম যে এই আঁচনিখনে এইবাৰ ৰাজ্যৰ প্ৰায় ৪ লাখ ছাত্ৰীক সমাহিত কৰিব ৷ আৰু চাৰি লাখ ছাত্ৰী এই আঁচনিখনৰ জৰিয়তে উপকৃত হ’ব ৷”
নিযুত মইনা আঁচনিখনে এইবাৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষ, স্নাতক পৰ্যায়ৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষ, লগতে স্নাতকোত্তৰ পৰ্যায়ৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলক সামৰি লৈছে । অহা বছৰলৈ স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীসকলকো সামৰি ল’ব ৷ ইয়াৰ লগে লগে নিযুত মইনাই মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত পঢ়া ১০০ শতাংশ ছাত্ৰীক সামৰি ল’বলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত ঘোষণা কৰে ।

ইয়াৰ জৰিয়তে মুঠ ১০ লাখ অৰ্থাৎ ১ নিযুত ছাত্ৰীক উপকৃত কৰাৰ লক্ষ্য ৰাজ্যৰ বিজেপি চৰকাৰৰ । সেয়ে এই আঁচনিক নাম দিয়া হৈছে নিযুত মইনা আঁচনি ।
“এই আঁচনি প্ৰৱৰ্তনৰ পূৰ্বে আমি দেখিছিলোঁ যে বহু ছাত্ৰীয়ে বিদ্যালয় পৰ্যায়ৰ পিছতে শিক্ষা আধাতে এৰি দিছিল । কিন্তু এই আঁচনিৰ পিছত কোনো ছোৱালীয়ে কলেজ পৰ্যায়ত শিক্ষাৰ পৰা আঁতৰি অহা নাই । আজি তেওঁলোক উচ্চতৰ মাধ্যমিক আৰু স্নাতকোত্তৰ শিক্ষালৈ আগবাঢ়িছে । আমি নাৰী শিক্ষাৰ প্ৰকৃত পৰিৱৰ্তন দেখিছোঁ ।” তেওঁ কয় ।
নিযুত মইনা আঁচনিয়ে ৰাজ্যত নাৰী শিক্ষা লাভ আৰু বাল্যবিবাহ ৰোধত অভূতপূৰ্ব প্ৰভাৱ বিস্তাৰ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে নিযুত মইনা আঁচনিয়ে গ্ৰাম্য অসমত বাল্যবিবাহ ৰোধত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । যোৱা এবছৰত চৰকাৰে বাল্যবিবাহৰ সৈতে জড়িত ২২,০০০ জনক গ্ৰেপ্তাৰ কৰিছে ।

“কঠোৰ ব্যৱস্থা আৰু নিযুত মইনাৰ দৰে আঁচনিৰ বাবে পৰিয়ালসমূহে এতিয়া নাবালিকা কন্যাৰ বিবাহৰ আগতে দুবাৰ ভাবে ৷ ” লগতে মুখ্যমন্ত্ৰী শৰ্মাই কয় ।
সাধাৰণতে পৰিলক্ষিত হৈ আহিছে যে নিযুত মইনা আঁচনিৰ জৰিয়তে বিজেপি চৰকাৰে হিতাধিকাৰী সৃষ্টি কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কঠোৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । বিৰোধী ৰাজনৈতিক প্ৰতিদ্বন্দ্বীসকলক এই সমালোচনৰো উত্তৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী শৰ্মাৰ উত্তৰ, “এই হিতাধিকাৰী কোনো ৰাজনৈতিক দলৰ নহয় । এই হিতাধিকাৰী অসমৰ ভৱিষ্যতৰ । কিছুমান সম্পদ আমি নিৰ্মাণ কৰিছোঁ । অসমৰ হিতাধিকাৰী, ই কোনো দলৰ হিতাধিকাৰী নহয় ৷ আমাৰ সমাজৰ হিতাধিকাৰী ৷ যিসকলে আমাৰ সমাজখনক জ্ঞানৰ আলোকেৰে আলোকিত কৰিব ৷”

“আমি যেতিয়া ভিতৰুৱা অঞ্চললৈ যাওঁ তেতিয়া আমি দেখোঁ ২২ বছৰীয়া ছোৱালী এজনীয়ে ৪টা সন্তানৰ মাতৃ হৈ বোজা কঢ়িয়াবলগা হৈ থাকে... তেতিয়া কটন বিশ্ববিদ্যালয়ত ২২ বছৰীয়া ছোৱালী এজনীয়ে স্নাতকোত্তৰ শ্ৰেণীত এক সুন্দৰ জীৱনৰ সাধনাৰে ক্লাছ কৰিবলৈ অহা প্ৰতিচ্ছবি দেখা পাওঁ । এফালে হাঁহি আৰু আনন্দ, আনফালে দুখ আৰু বেদনাৰ দুখন বিচিত্ৰ প্ৰাৰ্থক্য ভৰা সমাজ আমাৰ চকুত ধৰা পৰে ৷” এইবুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, অসমৰ প্ৰতিগৰাকী কন্যাৰ প্ৰতি চৰকাৰ সদায়ে দায়বদ্ধ ।
ৰাজ্যৰ বহুকেইখন জিলাৰ লগতে চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহৰ কন্যাসকলে বাল্যবিবাহ আৰু কম বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া পৰিস্থিতিত উদ্বিগ্নতা প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, "স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো এই ভয়াৱহ দিশটোৰ প্রতি আমাৰ সমাজ তথা চৰকাৰ উদাসীন হৈ আছিল । নিযুত মইনা আঁচনিখন এই ক্ষেত্রত হৈছে এখন প্রতিবাদৰ আঁচনি ।"
বাল্যবিবাহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিগত চাৰিটা বছৰত বাল্যবিবাহৰ লগত জড়িত ১২ হাজাৰৰো অধিক ব্যক্তিক কাৰাগাৰলৈ প্রেৰণ কৰা হৈছে আৰু ইয়াৰে বহুকেইগৰাকী ব্যক্তিক ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰেও দণ্ডিত কৰিছে । চৰকাৰৰ এই কঠোৰ পদক্ষেপৰ ফলত সম্প্রতি ৰাজ্যখন বাল্যবিবাহৰ পৰা মুক্ত হোৱাৰ পথত আগবাঢ়িছে ।
লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী যে কেৱল অসমতে ভাৰতৰ ভিতৰত কলেজ-বিশ্ববিদ্যালয়ত বিনামূলীয়া নামভৰ্তি কৰা হয় । চাট জিটিপিৰ সহায়ত পোৱা তথ্যৰ আধাৰত এই কথা দাবী কৰি মুখ্যমন্ত্ৰীযে কয়, “কেৱল উৎসুকতাবশতঃ মই চাট জিপিটিত সুধিছিলোঁ, দেশৰ কোন ৰাজ্যত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা দিয়া হয় ? তাত মোক কোৱা হৈছে কেৱল মাত্ৰ অসমত কলেজ আৰু বিশ্ববিদ্যালয়ত বিৱিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰা হয় । লগতে মোক কোৱা হৈছে যে তামিলনাডুত অ’বিচি আৰু জনজাতীয় ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া এডমিচন দিয়া হয় ৷ আৰু কৰ্ণাটকত ধৰ্মীয় সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া নামভৰ্তি কৰা হয় । ইয়াত শুধৰণিৰ সম্ভাৱনা থাকিলেও আমি চাট জিপিটিৰ আধাৰত প্ৰাৰম্ভিকভাৱে ক’ব পাৰোঁ যে ভাৰতৰ ভিতৰত অসমেই একমাত্ৰ ৰাজ্য, য’ত সাৰ্বজনীন বিনামূলীয়া নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীক সুবিধা দিওঁ ।"

