অখিল গগৈসহ তিনি সতীৰ্থৰ বিৰুদ্ধে গোচৰ, ২২ অক্টোবৰত ৰায়দান কৰিব নিয়া আদালতে - MLA Akhil Gogoi
NIA case against Akhil Gogoi : অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই নেতাৰ বিৰুদ্ধে থকা গোচৰৰ ৰায়দান হ’ব ২২ অক্টোবৰত ৷ 'কা' বিৰোধী আন্দোলন সন্দৰ্ভত বিচাৰাধীন গোচৰটোৰ শনিবাৰে শুনানি গ্ৰহণ কৰা হয় ।

Published : September 21, 2024 at 10:40 PM IST
গুৱাহাটী, ২১ ছেপ্টেম্বৰ : বিধায়ক অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰ, বিতুল সোণোৱাল, মানস কোঁৱৰৰ বিৰুদ্ধে নিয়াৰ আদালতত বিচৰাধীন হৈ থকা গোচৰৰ ৰায়দান অহা ২২ অক্টোবৰ ধাৰ্য কৰিছে । বিধায়ক অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰ, বিতুল সোণোৱাল, মানস কোঁৱৰৰ বিৰুদ্ধে নিয়াৰ আদালতত 'কা' বিৰোধী আন্দোলনৰ সন্দৰ্ভত বিচাৰাধীন হৈ থকা গোচৰটোৰ শনিবাৰে শুনানি গ্ৰহণ কৰা হয় ।
এই সন্দৰ্ভত বিধায়ক অখিল গগৈৰ পক্ষৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে কয়, ‘‘আজি নিয়াৰ আদালতত আমাৰ শুনানি গ্ৰহণ কৰে । ইতিমধ্যে চৰকাৰী পক্ষই তেওঁলোকৰ ৰায় প্ৰদান কৰিছে । নিয়া আদালতে অহা ২২ অক্টোবৰত গোচৰটোৰ ৰায়দান কৰিব ।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুযায়ী অখিল গগৈ বৰ্তমান জামিনত আছে ৷ নিয়মমফিকভাৱে বিধায়ক অখিল গগৈয়ে নিয়া আদালতত হাজিৰ আছিল ৷ উল্লেখ্য যে বিধায়ক অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰ, বিতুল সোণোৱাল, মানস কোঁৱৰৰ বিৰুদ্ধে থকা 'নিয়া'ৰ গোচৰৰ সন্দৰ্ভত পুনৰ গোচৰ চলোৱাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছিল অনুমতি ৷ এই সন্দৰ্ভত ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল অখিল গগৈ ৷ ইয়াৰ পিছতেই অখিল গগৈক সাময়িকভাৱে সকাহ দিছিল উচ্চতম ন্যায়ালয়ে ।
'কা' বিৰোধী আন্দোলনৰ গোচৰৰ বাবে দুবছৰ কাৰাবাস খাটি যোৱা বছৰ ২১ জুলাইত মুকলি আকাশৰ তললৈ আহিছিল অখিল গগৈ । পিছত নিয়াই পুনৰ এই শুনানীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আপীল কৰে । এই গোচৰটোৰ পুনৰ শুনানি গ্ৰহণ কৰি অখিল গগৈক নিয়া আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে অখিল গগৈয়ে আগতীয়া জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শেহতীয়া শুনানীক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল ।

