ETV Bharat / state

কথা দি কথা নাৰাখিলে চৰকাৰে : মুখ্যমন্ত্ৰীক শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ দাবী বঞ্চিত শিক্ষকৰ - Teachers Press Meet

Himanta Biswa Sarma : ৰাজ্যৰ একাংশ শিক্ষকৰ বিলৈ নোহোৱা হৈছে। চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত এইসকল শিক্ষক। লখিমপুৰত সংবাদমেল পাতি সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্রীক আহ্বান ।

NEWLY ACCOMODATED TEACHERS
মুখ্যমন্ত্ৰীক সমস্যা সমাধানৰ দাবী বঞ্চিত শিক্ষকৰ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : July 13, 2024 at 4:13 PM IST

4 Min Read
Choose ETV Bharat

লখিমপুৰ, 13 জুলাই : বৰ্তমান ৰাজ্যৰ শ শ শিক্ষকে দুৰ্ভোগ ভুগিব লগা হৈছে ৷ একাংশ শিক্ষকৰ দৰমহাও নাই নাইবা চৰকাৰৰ ঘোষিত অৱসৰকালীন সুবিধাও নাই ৷ শনিবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এইসকল শিক্ষকৰ সংগঠন 'নিউলি একোমোডেট টিচাৰ্চ মঞ্চ'ই এখন সংবাদমেল আয়োজন কৰি তেওঁলোকৰ সমস্যাসমূহ প্ৰকাশ কৰে ৷ তেওঁলোকে কয় যে, 1996 চনৰ পৰা 2001 চনৰ ভিতৰত চৰকাৰীভাবে নিযুক্তিপ্ৰাপ্ত শিক্ষকসকলক সেই সময়ৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই 2020 চনৰ 07 নবেম্বৰত অনুষ্ঠিত হোৱা কেবিনেটৰ সিদ্ধান্ত অনুসৰি 30/01/2021 তাৰিখে এইসকল শিক্ষকক টিউটৰ হিচাবে নিযুক্তি প্ৰদান কৰিছিল ৷

চৰকাৰী ঘোষিত সা-সুবিধাৰ পৰা বঞ্চিত একাংশ শিক্ষক (ETV BHARAT ASSAM)

নিযুক্তি পত্ৰ প্ৰদানৰ সময়ত বৰ্তমানৰ সেই সময়ৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা সভাত যিদিনা এই বুনিয়াদী প্ৰশিক্ষণ উত্তীর্ণ শিক্ষকসকলে অৱসৰ গ্ৰহণ কৰিব, সকলোকে দহ লাখ টকাকৈ গ্ৰেচুইটি প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল ৷ আনহাতে যিসকল শিক্ষকক বিশেষ কাৰণত টিউটৰ হিচাপে নিয়োগ কৰা হৈছে তেওঁলোকক অতি শীঘ্ৰেই এক হ্ৰস্বকালীন প্ৰশিক্ষণ দি শিক্ষকলৈ উন্নীত কৰা হ'ব আৰু তেওঁলোকেও আন শিক্ষকৰ দৰে সমমৰ্যাদা পাব বুলি ড৹ শৰ্মাই ঘোষণা কৰিছিল ৷

সংবাদমেলত শিক্ষকসকলে লগতে কয় যে, জে বি টি/ডায়েট/ডি এল এড যিসকল শিক্ষক চৰকাৰী বিষয়াৰ ভুলৰ বাবে টিউটৰ হৈ আছে, শীঘ্ৰেই তেওঁলোকক নিয়মীয়া কৰা হ'ব বুলিও হিমন্ত বিশ্ব শৰ্মাই সভাখনত কথা দিছিল ৷ তদুপৰি যিসকল শিক্ষক সেই সময়ত তালিকাৰ পৰা বাদ পৰি ৰৈছে, সেই সকলক মাত্ৰ 45 দিনৰ ভিতৰত পুনৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি কৈছিল তেওঁ ৷ কিন্তু তেতিয়াৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিশ্ৰুতি আজিও পূৰণ নহ‘ল ৷ সেই সময়ত মন্ত্ৰীগৰাকীয়ে যদিও এইসকল শিক্ষকৰ নিযুক্তি 30/01/2021 তাৰিখত প্ৰদান কৰা হৈছে, তথাপি 2020 চনৰ 1 নম্বেৱৰৰ পৰা সমুদায় বেতন পাব ৷ কিন্তু 2020 চনৰ নবেম্বৰ আৰু ডিচেম্বৰ আৰু 2021 চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই চাৰিমাহৰ সমুদায় বকেয়া বেতন পাবলৈ চাৰি বছৰে শিক্ষকসকল সক্ষম নহ’ল ৷

সংবাদমেলৰ জৰিয়তে শিক্ষকসকলে তৎক্ষণিকভাৱে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিভাগীয় কর্তৃপক্ষক নিৰ্দেশ জনাবলৈ অনুৰোধ জনায় ৷ শিক্ষকসকলে খেদ প্ৰকাশ কৰি কয়- দুর্ভাগ্যৰ বিষয় যে এই বিষয়সমূহ সেই সময়ৰ 07/11/2020 তাৰিখৰ অসম চৰকাৰৰ কেবিনেট মেম'ত ক'তো উল্লেখ নাই ৷ প্ৰাদেশীকৃত টিউটৰসকলক যি মৰ্যাদা প্ৰদান কৰা হৈছে নিউ একোমোডেট টিউটৰ শিক্ষকসকলক তৎক্ষণিকভাবে সমমৰ্যাদা প্ৰদান কৰাৰ লগতে নিউ একোমোডেট শিক্ষকসকলৰ অৱসৰপ্ৰাপ্ত আৰু মৃত্যু হোৱাসকলক ঘোষণা কৰা অনুসৰি দহ লাখ টকা গ্ৰেচুইটি প্ৰদান কৰিবলৈ দাবী জনায় ৷ সংবাদমেলত শিক্ষকসকলে কেবিনেট মেম' সংশোধন কৰি শিক্ষকসকলক প্ৰতিশ্ৰুতি অনুযায়ী ন্যাৰ্য প্ৰাপ্য শীঘ্ৰে প্ৰদান কৰিবলৈও দাবী জনায় ৷

লগতে পঢ়ক : তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে নহয় প্ৰাৰম্ভিক পৰীক্ষা; মুখ্যমন্ত্রীৰ ঘোষণা - Assam CM on ADR Exam Pattern

উল্লেখ্য যে, ৰাজ্যৰ এঘাৰ হেজাৰোধিক তেনে শিক্ষকৰ ভিতৰত তেতিয়া 4,541 জনকহে পুনৰ নিযুক্তি দিয়া হ’ল ৷ সেই নিযুক্তিৰ আওতাৰ পৰা বাহিৰত ৰৈ যোৱা সকলকো তৎকালীনভাৱে নিযুক্তি দিয়া হ’ব বুলি আশ্বাস দিয়া হৈছিল যদিও আজিলৈকে নিযুক্তি নহ’ল ৷ এইখিনি সময়ৰ ভিতৰত ৰাজ্যত এনে শিক্ষকৰ প্ৰায় 500 জনৰ অৱসৰ আৰু মৃত্যু হ’ল ৷ তেওঁলোকে কিন্তু ঘোষণা কৰা মতে 10 লাখ টকা গ্ৰেচুইটি পাবলৈ সক্ষম নহ’ল ৷ এই সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিবলৈ শিক্ষকসকলে বহু চেষ্টা কৰিও আজিও মুখ্যমন্ত্ৰীৰ সাক্ষাৎ নাপালে ৷ সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে তেওলোকে বিষয়টো মুখ্যমন্ত্ৰীৰ দৃষ্টি আকর্ষণ কৰি সমাধানৰ উদ্যোগ লবলৈ আহ্বান জনায় ৷ সংবাদমেলত শিক্ষক মঞ্চৰ সভানেত্ৰী হেমাঞ্জলী ভূঞা দত্ত, সম্পাদক ৰমেন শইকীয়াসহ ভালেসংখ্যক শিক্ষকে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক : অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতা : ক্ৰয় কৰিব নোৱাৰিলে লক্ষ্যৰ ৫০ শতাংশ ধানো - Assam Paddy Procurement