নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাত সাঙোৰ খাইছে এ আই ইউ ডি এফৰ যুৱনেতাৰ নাম: পৰিয়ালে বিচাৰিলে তদন্ত
মেঘালয়ত পথ দুৰ্ঘটনাত নিহত নম্ৰতা বৰাৰ ঘটনাৰ নতুন মোৰ । তদন্ত বিচাৰি পৰিয়ালৰ লোকৰ এজাহাৰ দাখিল ।

Published : June 5, 2025 at 4:48 PM IST
গুৱাহাটী: বন্ধুৰ সৈতে শ্বিলঙলৈ ফুৰিবলৈ গৈ মৃত্যুক সাবটি ল’বলগা হোৱা অধিবক্তা নম্রতা বৰাৰ ঘটনাই নতুন মোৰ লৈছে । এই ঘটনাত ইতিমধ্যে নাম সাঙোৰ খাইছে আন কেইবাজনৰো । ইয়াৰ মাজত আছে এগৰাকী এ আই ইউ ডি এফৰ যুৱনেতাও । এইগৰাকী এ আই ইউ ডি এফৰ যুৱনেতা হৈছে আনায়াতুল ৱাদুদ । তেওঁ হৈছে এ আই ইউ ডি এফৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীৰ পুত্র । শ্বিলঙলৈ ফুৰিবলৈ যোৱা দলটোত এইগৰাকী যুৱনেতাও থকাক লৈ এতিয়া ঘটনাই এক নতুন গতি লাভ কৰিছে ।
উল্লেখ্য যে বুধবাৰে পুৱতি নিশা মেঘালয়ৰ ৰি-ভই জিলাৰ চাংবাংলা অঞ্চলত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছিল । দুৰ্ঘটনাটোত গোলাঘাটৰ কমাৰগাঁৱৰ ২৫ বছৰীয়া নম্ৰতা বৰাৰ মৃত্যু হৈছিল । এই ঘটনাত আন ৫ গৰাকী লোক আহত হৈছিল । এই দুৰ্ঘটনাক সহজভাৱে ল'ব পৰা নাই মৃত নম্ৰতা বৰাৰ পৰিয়ালৰ লোকে ।
এই ঘটনাৰ আঁৰত কিবা থকাৰ সন্দেহ কৰি ঘটনা সন্দৰ্ভত তদন্ত কৰাৰ বাবে মৃত নম্ৰতা বৰাৰ ভাতৃ ঋষভানন্দন বৰাই মেঘালয়ৰ ৰি-ভই জিলাৰ নংপো থানাত এখন এজাহাৰ দাখিল কৰিছে । লগতে অভিযুক্ত হিচাপে এজাহাৰত মৃগাংক বৰা, প্ৰজ্ঞা দিহিঙীয়া, আনায়াতুল ৱাদুদ আৰু গায়ত্রী বৰাৰ নাম উল্লেখ কৰা হৈছে । বৰ্তমান এই ঘটনাটোৱে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰিছে ।
দিছপুৰ থানাতো এজাহাৰ দাখিল
তাৰ মাজতে যুৱতী গৰাকীৰ পৰিয়ালে বৃহস্পতিবাৰে অনলাইনযোগে দিছপুৰ থানাতো এজাহাৰ দাখিল কৰে । এই এজাহাৰত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ কৰা হৈছে ।

জানিব পৰা মতে, ৩ তাৰিখে নিশা ১.৩০ বজাত এগৰাকী বান্ধৱীয়ে নম্ৰতালৈ ফোন কৰাৰ পিছত প্ৰজ্ঞা বৰা, মৃগাংক বৰুৱা, গায়ত্ৰী বৰুৱা আৰু আনায়াতুল ৱাদুদৰ সৈতে নম্ৰতা ওলাই যায় । কিন্তু ৪ তাৰিখে পুৱতি নিশা গুৱাহাটীলৈ ওভতাৰ পথত এক দুৰ্ঘটনাত পতিত হৈ নম্ৰতাৰ মৃত্যু হোৱাৰ খবৰ পৰিয়ালে লাভ কৰে । কিন্তু দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতে বন্ধুকেইজনক এৰি আনায়াতুলে গাড়ী লৈ পলায়ন কৰাৰ অভিযোগ উঠিছে । তাৰ পাছতে মৃগাংক বৰুৱা আৰু প্ৰজ্ঞা বৰাই ৰাজপথেৰে চলাচল কৰা বাহন ৰখাই নম্ৰতাক নংপো অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও তাত মৃত ঘোষণা কৰা হয় ।
ইয়াৰ পিছত নংপো আৰক্ষীয়ে বিষয় সন্দৰ্ভত সোধা-পোছাৰ বাবে পলায়ন কৰা গাড়ীৰ গৰাকী আনায়াতুলক ফোন কৰি থানালৈ মাতে । তেতিয়াই আনায়াতুলে ইছমাইল হক চৌধুৰী নামৰ আন এজন ব্যক্তিয়ে বাহনখন চলোৱা বুলি নংপো আৰক্ষীৰ আগত হাজিৰ কৰায় । লগতে বাহনখনে ৰখাই থোৱা ট্ৰাকত খুন্দা মৰা বুলি আৰক্ষীৰ আগত স্বীকাৰোক্তি দিয়ে । কিন্তু প্ৰকৃততে যদি ৰখাই থোৱা বাহনত খুন্দাই মাৰিছিল, তেন্তে বাহনখনৰ সন্মুখভাগ ক্ষতিগ্ৰস্ত হোৱাৰ কোনো চিন নাছিল । মাত্ৰ বাহনখনৰ বাওঁফালৰ দৰ্জাখনহে ভাগি যোৱাটো স্পষ্ট হৈ আছিল । ইয়াকে লৈ এতিয়া সমগ্ৰ ঘটনাত সন্দেহ প্ৰকাশ কৰিছে নম্ৰতাৰ পৰিয়ালে । আনহাতে, নম্ৰতাৰ সৈতে বিধায়ক-পুত্ৰৰ কি সম্পৰ্ক আছিল সেই বিষয়ে পৰিয়ালৰ লোক এতিয়াও জ্ঞাত নহয় বুলি জানিবলৈ দিছে ।
উল্লেখ্য যে ঘটনা সন্দৰ্ভত বুধবাৰে লাভ কৰা তথ্য অনুসৰি, বুধবাৰে পুৱতি নিশা এ এছ-০১-ই ভি-৯৫৭৮ নম্বৰৰ হুণ্ডাই আল্কাজাৰ বাহনখন শ্বিলঙৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত আন এখন বাহনক অতিক্ৰম কৰিবলৈ যাওঁতে ৰাস্তাৰ কাষত ৰখাই থোৱা ট্ৰাক এখনত খুন্দা মাৰে । সেই সময়ত বাহনখনৰ গতিবেগ যথেষ্ট বেছি আছিল । বাহনখনৰ চালকৰ আসনত আছিল দৰং জিলাৰ ইছমাইল হক চৌধুৰী ।
আনহাতে, বাহখনত আছিল নম্ৰতা বৰা, মৃগাংক বৰা, প্ৰজ্ঞা দিহিঙীয়া, আনায়াতুল ৱাদুদ আৰু গায়ত্রী বৰা । বন্ধুৰ সৈতে শ্বিলঙলৈ ফুৰিবলৈ গৈ মৃত্যুক সাৱটি ল’বলগা হয় অধিবক্তা নম্রতা বৰাই । গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বাসিন্দা নম্রতাই গুৱাহাটীৰ ৰুক্মিণীগাঁৱৰ এটা ফ্লেটত আন দুগৰাকী বান্ধৱীৰ সৈতে ভাৰা লৈ আছিল ।

মেঘালয় আৰক্ষীৰ প্ৰাথমিক তদন্ত
ইফালে দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছতে ৰি-ভই জিলাৰ উপ-পৰিদৰ্শক পি উমিয়াপ ঘটনাস্থলীত উপস্থিত হৈ সমস্ত ঘটনাৰ বুজ লয় । প্ৰাৰম্ভিক তদন্ত সন্দৰ্ভত আৰক্ষী বিষয়াজনে কয়, ‘‘ঘটনা সংঘটিত হোৱাৰ পিছত নম্ৰতা বৰাক নংপো চিভিল হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । দুৰ্ঘটনাত বাহনখনৰ গুৰুতৰভাৱে ক্ষতি হয় । মেঘালয়ৰ ৰি-ভই জিলাৰ চাংবাংলা অঞ্চলত বুধবাৰে পুৱা শিলঙৰ পৰা গুৱাহাটীলৈ যোৱাৰ পথত এই দুৰ্ঘটনাটো সংঘটিত হয় ।"

তেওঁ লগতে কয়, "AS01EV 9578 নম্বৰৰ বাহনখন দৰং জিলাৰ ছিপাঝাৰৰ ইছমাইল হক চৌধুৰীয়ে (৩৩) চলাই আহিছিল । বাহনখনত আন পাঁচজন যাত্রী আছিল । তেওঁলোক হৈছে গুৱাহাটীৰ আনায়াতুল ৱাদুদ (৩৯), মঙলদৈৰ গায়ত্রী বৰা (২৫), চৰাইদেউৰ প্ৰজ্ঞা দিহিঙীয়া (২৯), গোলাঘাটৰ মৃগাংক বৰা (২৬) আৰু গোলাঘাটৰ নম্ৰতা বৰা (২৫) । দুৰ্ঘটনাটোত মূৰত গুৰুতৰভাৱে আঘাত পোৱা নম্ৰতা বৰাক নংপোৰ চিভিল হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে । ইফালে আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই দুৰ্ঘটনাগ্ৰস্ত বাহনখন অসমলৈ লৈ যোৱা হয় ।"
জানিব পৰা মতে বাহনখনত থকা আনায়াতুল ৱাদুদ এ আই ইউ ডি এফৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীৰ পুত্র আৰু দলটোৰ যুৱ নেতা ।
মৃত নম্ৰতা বৰাৰ ভাতৃৰ নংপো থানাত এজাহাৰ দাখিল
ইফালে এই ঘটনাটো সন্দৰ্ভত মৃত নম্ৰতা বৰাৰ ভাতৃ ঋষভানন্দন বৰাই নংপো থানাৰ যান-বাহন শাখাত এখন এজাহাৰ দাখিল কৰিছে । এই সন্দৰ্ভত ঋষভানন্দন বৰাই কয়, "মোৰ ভগ্নী নম্ৰতা বৰাৰ দুৰ্ঘটনাত মৃত্যু হোৱা ঘটনা সন্দৰ্ভত নংপো থানাত এজাহাৰ দাখিল কৰিছোঁ । এই ঘটনাৰ আমি তদন্ত বিচাৰিছোঁ । কাৰ ভুলৰ বাবে মোৰ ভগ্নীৰ মৃত্যু হ'ল । দুৰ্ঘটনাটো হোৱাৰ পাছত মোৰ ভগ্নীক মৃগাংক বৰা আৰু প্ৰজ্ঞা দিহিঙীয়াই হাস্পতাললৈ লৈ গৈছিল । কিন্তু লগত থকা আনায়াতুল ৱাদুদ আৰু গায়ত্রী বৰা আঁতৰি গৈছিল । মোৰ ভগ্নীৰ মৃত্যুৰ ঘটনাৰ আঁৰত নিশ্চয় কিবা ৰহস্য আছে । যাৰ বাবে এই ঘটনাৰ তদন্ত বিচাৰি মই এজাহাৰ দিছোঁ । বাহনখনত থকাকেইজনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে মই আৰক্ষীৰ ওচৰত অনুৰোধ জনাইছোঁ ।"
উল্লেখ্য যে মেঘালয় আৰক্ষীয়ে নম্ৰতা বৰাৰ মৃতদেহ নংপো চিভিল হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছত পৰিয়ালৰ লোকক গতাই দিয়ে ।

