গুৱাহাটী: অসমীয়া নৱবৰ্ষতে আৱিষ্কাৰ হৈছে এক নতুন প্ৰজাতিৰ ভেকুলী । গুৱাহাটীৰ দাঁতিকাষৰীয়া গড়ভঙা সংৰক্ষিত বনাঞ্চলত আৱিষ্কাৰ হৈছে এই নতুন প্ৰজাতিৰ ভেকুলীবিধ । শেহতীয়াভাৱে ভেকুলীৰ তালিকাত সন্নিবিষ্ট হৈছে 'লেপ্টব্রেকিয়াম এৰিয়াটাম' নামৰ এই নতুন প্রজাতিবিধ । প্ৰথমবাৰৰ বাবে এই বিৰল প্ৰজাতিৰ ভেকুলীৰ সন্ধান লাভ কৰা হৈছে । এই সন্দৰ্ভত সবিশেষ ক'লে গৱেষকে ।
অসমৰ অন্যতম উচ্চ শিক্ষাৰ প্রতিষ্ঠান আর্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ গৱেষক ড৹ জয়াদিত্য পুৰকায়স্থ, ড৹ দীপংকৰ দত্ত, ড৹ জয়ন্ত গগৈ আৰু ড৹ শৈবাল সেনগুপ্তই এই নতুন প্রজাতিৰ ভেকুলীবিধ আবিষ্কাৰ কৰি ইয়াক মহাবিদ্যালয়খনৰ নামত উৎসৰ্গা কৰিছে ।
নতুন প্ৰজাতিটোৰ বিশেষত্ব কি ?
গৱেষক ড৹ জয়াদিত্য পুৰকায়স্থই এই সন্দৰ্ভত কয়, "আৱিষ্কৃত এই প্রজাতিৰ ভেকুলীৰ আকৃতি মধ্যমীয়া আৰু ইয়াৰ কণ্ঠস্বৰ কোমল আৰু মাতটো হাহঁৰ দৰে । মাতটো দূৰৰ পৰা শুনিলে হাঁহে মতা যেন লাগে । এই ভেকুলীটোৰ আন এক বিশেষত্ব যে এই ভেকুলীটোৱে খোজ কাঢ়ে । আন প্ৰজাতিৰ ভেকুলীবোৰে যিদৰে জঁপিয়াই এই ভেকুলীটোৱে জপিওৱাতকৈ খোজ কাঢ়ি ভাল পায় । এইবিধ ভেকুলীয়ে মাটিত থাকি ভাল পায় । মাটিত পৰি থকা গছৰ পাতৰ দ'মবোৰত আৱাসস্থল সাজি থাকে । এপ্রিলৰ পৰা আগষ্ট মাহলৈ অধিক সক্রিয় হৈ থকা ভেকুলীৰ প্ৰজাতিটোৰ বাসস্থান বনাঞ্চলৰ অভ্যন্তৰৰ সেমেকা ঠাই । আমোদজনক দিশটো হ'ল- প্ৰজাতিটোৰ মতাবোৰে প্ৰজননকালত মাইকীবোৰক আকর্ষণ কৰিবলৈ বিশেষ আচৰণ প্ৰদৰ্শন কৰে । তদুপৰি এইটো প্ৰজাতিৰ ভেকুলীৰ চকুৰ ওপৰৰ অংশটো ৰঙা ।"

অসমত কিমান প্ৰজাতিৰ ভেকুলী আছে ?
অসমত কিমান প্ৰজাতি আছে সেই সন্দৰ্ভত তেওঁ কয়, "অসমত প্ৰায় ৭০ টা মান প্ৰজাতিৰ ভেকুলী আছে । ইয়াৰ ভিতৰত গড়ভঙা সংৰক্ষিত বনাঞ্চলত ৩৩-৪০ টা প্ৰজাতিৰ ভেকুলী আছে । ৰাজ্যত আৰু নতুন নতুন প্ৰজাতিৰ ভেকুলী ওলোৱাৰ সম্ভাৱনা আছে । নতুনকৈ আৱিষ্কাৰ হোৱা ভেকুলীৰ প্ৰজাতিটো ব্ৰহ্মপুত্ৰৰ দাঁতি-কাষৰীয়া অঞ্চলত পোৱা যাব । তদুপৰি নতুন প্ৰজাতিটো গড়ভাঙা, আমচং অভয়াৰণ্যৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ৰি-ভই জিলাৰ নংখাইল্লেম অভয়াৰণ্যত বাস কৰাটো নিশ্চিত হৈছো । আনহাতে আৱিষ্কৃত প্ৰজাতিটোৰ দৰে আন এটা প্ৰজাতি বৰাক উপত্য়কা, কাৰ্বি আংলং, ডিমা হাছাওত পোৱাৰ সম্ভাৱনা আছে ।"

ভেকুলীৰ সংকট কিয় ?
সাম্প্ৰতিক সময়ত ভেকুলীৰ সংকট হোৱা সম্পৰ্কে গৱেষকগৰাকীয়ে কয়, "আৰ্দ্ৰভূমি নাইকীয়া হৈ যোৱাৰ ফলত ভেকুলীবোৰ সংকটত পৰিছে । আমি যিদৰে গঁড়ৰ বিষয়ে জানো তেনেদৰে ভেকুলীৰ বিষয়ে নাজানো । ভেকুলী আৰ্দ্ৰভূমিৰ ওপৰত নিৰ্ভৰশীল । আৰ্দ্ৰভূমি যিদৰে নাইকীয়া হৈ গৈছে তাৰ বাবে ভেকুলীবোৰ সংকটত পৰিছে । আনহাতে ৰাইজৰ মাজত সজাগতাৰ অভাৱ । এতিয়াও বৰষুণৰ বাবে ভেকুলীৰ বিয়া পাতে । আমাৰ সমাজত ভুল ধাৰণা আছে যে ভেকুলীয়ে মাতিলে বৰষুণ আহে । প্ৰকৃততে বৰষুণ আহিলেহে ভেকুলীয়ে মাত দিয়ে । বৰষুণ আহিলে জমা হোৱা পানীত প্ৰজনন কৰে ভেকুলীয়ে ।"

গড়ভঙাত কি কি প্ৰজাতিৰ প্ৰাণী পোৱা যায় ?
গৱেষক ড৹ জয়াদিত্য পুৰকায়স্থই উল্লেখ কৰা অনুসৰি, গড়ভঙা সংৰক্ষিত বনাঞ্চলত ২৫৪ প্ৰজাতিৰ পখিলা, ৬৪ প্ৰজাতিৰ সৰীসৃপ, ৩০৭ টা প্ৰজাতিৰ চৰাই, ৩১ টা প্ৰজাতিৰ স্তন্যপায়ী প্ৰাণীকে ধৰি কেইবা প্ৰকাৰৰ প্ৰাণী বণাঞ্চলখনত পোৱা যায় । গড়ভঙা সংৰক্ষিত বনাঞ্চলত গৱেষণা হ'লে আৰু নতুন প্ৰজাতিৰ প্ৰাণী পোৱা যাব বুলিও গৱেষকগৰাকীয়ে কয় ।