গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সদ্যোজাতৰ অবৈধ দত্তক সম্পৰ্কীয় গোচৰত মহিলাসহ ৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ন ন তথ্য পোহৰলৈ আহিছে । অবৈধভাৱে দত্তক সম্পৰ্কীয় গোচৰত আৰক্ষীয়ে হক উপাধিৰ মহিলাগৰাকীক গ্ৰেপ্তাৰৰ পিছতেই আৰক্ষীৰ হাতত পৰিছে বিভিন্ন তথ্য ।
এই ঘটনা সন্দৰ্ভত গুৱাহাটী পূব মণ্ডলৰ উপ আৰক্ষী আয়ুক্ত মৃণাল ডেকাই কয়, "অবৈধভাৱে শিশু তুলি লোৱা ঘটনাৰ এজাহাৰ এখন নলবাৰীৰ বেলশৰ থানাত ৰুজু হৈছিল । ইয়াৰ পিছত গোচৰটো ভঙাগড় থানালৈ হস্তান্তৰ কৰে । ঘটনাৰ তদন্ত কৰি প্ৰথমে কুলেন তালুকদাৰ আৰু ভাস্কৰজ্যোতি তালুকদাৰক গ্ৰেপ্তাৰ কৰা হয় ।"
"কুলেন তালুকদাৰে ৯ দিনীয়া এটি শিশু অবৈধভাৱে তুলি লৈছিল । মহিলাগৰাকীয়ে এই ক্ষেত্ৰত সহায় কৰিছিল । শনিবাৰে মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে । মহিলাগৰাকী খানাপাৰাত সংঘটিত শিশু অপহৰণৰ ঘটনাৰে জড়িত আছিল । অপহৰণৰ গোচৰত পূৰ্বে দিছপুৰ আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছিল মহিলাগৰাকীক । এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।" মৃণাল ডেকাই কয় ।
নৱজাতক অবৈধ দত্তক ঘটনা
অভিযোগ অনুসৰি, এক দম্পতীয়ে জি এম চি এইছত জন্মলাভ কৰা সন্তানক দালালৰ জৰিয়তে বিক্ৰী কৰিছিল । এই ঘটনাটো সংঘটিত হৈছিল ৩০ মাৰ্চত । নলবাৰীৰ কুলেন তালুকদাৰ আৰু ভাতৃ ভাস্কৰজ্যোতি তালুকদাৰে ৯ দিনীয়া শিশুটোত ২ লাখ টকাত ক্ৰয় কৰিছিল বুলি অভিযোগ আছে ।
জানিব পৰা মতে, কুলেন তালুকদাৰে এটি শিশু তুলি লোৱাৰ আগ্ৰহেৰে এন জি অ'ৰ সৈতেও যোগাযোগ কৰিছিল । তেনে সময়তে জি এম চি এইছৰ দালালে নৱজাতকৰ খবৰ দি তেওঁলোকক গুৱাহাটীলৈ মাতি পঠিয়াইছিল ।
অভিযোগ অনুসৰি, জি এম চি এইছৰ ওচৰতে কুলেন তালুকদাৰ আৰু ভাস্কৰজ্যোতি তালুকদাৰে ২ লাখ টকাৰ বিনিময়ত শিশুটোক তুলি লৈছিল । নলবাৰীৰ শিশু সুৰক্ষা সমিতিৰ বিষয়াই এই কথা জানিব পাৰি নলবাৰী সদৰ থানাত দাখিল কৰিছিল এজাহাৰ ।
ইয়াৰ পিছতে আৰক্ষীয়ে কুলেন তালুকদাৰ আৰু ভাস্কৰজ্যোতি তালুকদাৰক গ্ৰেপ্তাৰ কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে সমগ্ৰ ঘটনাত জড়িত থকাৰ অভিযোগত হক উপাধিৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে শিশুটোক শিশু সুৰক্ষা সমিতিয়ে উদ্ধাৰ কৰিছে ।
উল্লেখ্য যে, জি এম চি এইছত নৱজাতক বিক্ৰীৰ এয়াই প্রথম ঘটনা নহয় ! কেইবছৰমান পূর্বে জি এম চি এইছৰ পৰা নৱজাতক চুৰিও হৈছিল । কিন্তু আজি পর্যন্ত আৰক্ষীয়ে এই চক্ৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল !