নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী
নতুন প্ৰজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকটিৰে ভৰি পৰিছে চিৰিয়াখানা । সামাজিক মাধ্যমত সদৰী কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

Published : March 25, 2025 at 4:52 PM IST
গুৱাহাটী: অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী । নতুন প্ৰজাতিৰ জীৱ-জন্তু, চৰাই-চিৰিকটিৰে ভৰি পৰিছে চিৰিয়াখানা । Comb Duck, Chukar Partridge আৰু Java sparrow ৰ লগতে আৰু ৪ টা প্ৰজাতিৰ পক্ষী আহিল অসম ৰাজ্যিক চিৰিয়াখানালৈ ।
এই কথা সামাজিক মাধ্যমত সদৰী কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমত তেওঁ চৰাইবোৰৰ ফটো আপলোড কৰি এনেদৰে উল্লেখ কৰিছে, "নতুন অতিথিসকলক স্বাগতম জনাইছো ।
অসম ৰাজ্যিক চিৰিয়াখানাত এতিয়াৰে পৰা দেখা যাব Comb Duck, Chukar Partridge আৰু Java sparrow কে ধৰি (কম্ব ডাক, চুকাৰ পাৰ্ট্ৰিজ, জাভা স্পেৰো) অন্যান্য জীৱসমূহ ৷ আন প্ৰজাতিৰ জন্তু বিনিময় কাৰ্যসূচীৰ জৰিয়তে ইয়াক অনা হৈছিল ।"
‘‘বন্ধুবৰ্গ আৰু পৰিয়ালৰ সৈতে নতুন অতিথিসকলক সাক্ষাৎ কৰক’’ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ৷

এই সন্দৰ্ভত অসম ৰাজ্যিক চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষক জয়ন্ত গোস্বামীয়ে জনোৱা অনুসৰি, ‘‘জন্তু বিনিময় কাৰ্যসূচীৰ অধীনত ২১ মাৰ্চত চণ্ডীগড়ৰ চটবীৰ চিৰিয়াখানাৰ পৰা এই পশু-পক্ষীসমূহ অনা হৈছে ।

চিৰিয়াখানাখনৰ পৰা নতুন প্ৰজাতিৰ এই ১৫ বিধ নতুন পক্ষী অনা হৈছে । নতুনকৈ অহা সাতটা প্ৰজাতিৰ পশু-পক্ষীবোৰৰ ভিতৰত আছে- কম্ব ডাক, চুকাৰ পাৰ্ট্ৰিজ, জাভা স্পে'ৰ, ব্লেক বাক, ইমু, গোল্ডেন ফিছেণ্ট, কালিজ ফিছেণ্ট(Kalij pheasant) ইত্যাদি’’।
আনহাতে, অসম ৰাজ্যিক চিৰিয়াখানাৰ পৰা এটা জলহস্তী, এযোৰ নাহৰফুটুকী বাঘ আৰু দুযোৰ মাউচ ডিয়েৰ বিনিময়ত প্ৰদান কৰা হ’ব । নতুনকৈ অহা জন্তুবোৰকে ধৰি অসম ৰাজ্যিক চিৰিয়াখানাত প্ৰায় ১২০ বিধ জীৱ-জন্তু আছে ।
লগতে পঢ়ক: ডেৰকুৰি নৱজাতকে ৰহন চৰাইছে চিৰিয়াখানাৰ - ASSAM STATE ZOO

