গুৱাহাটী : কাইলৈ অৰ্থাৎ ২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচীৰ মহাযোগ । অম্বুবাচী মহাযোগ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে নীলাচলৰ বুকুত । ইতিমধ্যে সাধু সন্ন্যাসীৰে ভৰি পৰিছে নীলাচল পাহাৰ । এই অম্বুবাচী মহাযোগৰ সময়ত মহানগৰীত যাতে মহানগৰীত যাতায়ত ব্যৱস্থা সুচল হৈ থাকে তাৰ বাবে মহানগৰ যান-বাহন আৰক্ষীয়ে ২২ জুনৰ পৰা ২৫ জুনলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে ।
মহানগৰ যান-বাহন আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত সাৰথী বৰাৰ স্বাক্ষৰিত এক প্ৰেছ বিজ্ঞপ্তিত কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে -
- ভক্ত কঢ়িয়াই অনা বাহনবোৰে ক’ত পাৰ্কিং কৰিব
- ভক্তসকলক কঢ়িয়াই অনা যান-বাহনসমূহে নীলাচল ফ্লাইঅ'ভাৰৰ তলত যাত্রীসকলক নমাই আদাবাৰী বাছষ্টেণ্ড আৰু বৰিপাৰা খেলপথাৰত যান-বাহনবোৰ ৰাখিব লাগিব ৷
- নীলাচল ফ্লাইঅ'ভাৰৰ তলৰ ছাৰ্ভিছ লেনেৰে সাধাৰণ জনতাৰ চলাচল সীমিত কৰা হ'ব ।
- ব্যক্তিগত যান-বাহন লৈ অহা ভক্তসকলে আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা খেলপথাৰ বা মাছখোৱাৰ এ এছ টি চিত যান-বাহনসমূহ ৰাখিব লাগিব ।
- কোনবোৰ স্থানত পথৰ দাঁতিত যান-বাহনৰ পার্কিং নিষিদ্ধ থাকিব
ক) পাণ্ডু পোর্ট ৰোডত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু পোর্ট পর্যন্ত পথৰ দুয়ো কাষত পাৰ্কিং নিষিদ্ধ ৷
খ) বৰবজাৰ ৰোডত মালিগাঁও চাৰিআলিৰ পৰা পাণ্ডু পোর্ট পর্যন্ত পথৰ দুয়োটা কাষত পাৰ্কিং নিষিদ্ধ ৷
গ) এলিভেটেড কৰিডৰত কোনো বাহন পাৰ্কিং কৰিব নোৱাৰিব ।
ঘ) শান্তিপুৰ বাছ ষ্টেণ্ডৰ পৰা এলিভেটেড কৰিডৰৰ আৰম্ভণিলৈ ডি জি ৰোডৰ দুয়োটা কাষত পাৰ্কিং নিষিদ্ধ কৰা হৈছে ।
ঙ) এলিভেটেড কৰিডৰৰ আৰম্ভণিৰ পৰা নীলাচল ফ্লাইঅ'ভাৰৰ আৰম্ভণিলৈ ডি জি ৰোডৰ দুয়োটা কাষতে পাৰ্কিং কৰিব নোৱাৰিব ৷
চ) নীলাচল ফ্লাইঅভাৰৰ দুয়োটা কাষত কোনো যান বাহন পাৰ্কিং কৰিব নোৱাৰিব ৷
ছ) নীলাচল ফ্লাইঅভাৰ পৰা আদাবাৰী তিনিআলিলৈ পথৰ দুয়োটা কাষত পাৰ্কিং নিষিদ্ধ কৰা হৈছে ৷

- মহানগৰীৰ কোনবোৰ পথত যান বাহন চলাচলত নিৰ্দেশনা জাৰি কৰিছে
- অম্বুবাচী মহাযোগৰ দিনকেইটাত তিনিচকীয়া বা অধিক চকাযুক্ত মালবাহী বাণিজ্যিক বাহন, কম গতিসম্পন্ন মালবাহী বাহন/ঠেলাগাড়ী ইত্যাদিৰ চলাচল জালুকবাৰী ৰ'টাৰীৰ পৰা মাছখোৱালৈ ডি জি ৰোড, এম জি ৰোড পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ বন্ধ থাকিব ।
- অম্বুবাচী মহাযোগৰ দিনকেইটাত তিনিচকীয়া বা অধিক চকাযুক্ত মালবাহী বাণিজ্যিক বাহন, কম গতিসম্পন্ন মালবাহী বাহন/ঠেলাগাড়ী ইত্যাদিৰ চলাচল পাণ্ডু পোর্ট ৰোডত আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু পোৰ্টলৈ আৰু বৰবজাৰ ৰোডত মালিগাঁও তিনিআলিৰ পৰা পাণ্ডু পোর্টলৈ পুৱা ৫ বজাৰ পৰা নিশা ১১ বজালৈ বন্ধ থাকিব ।
- ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডত কোনো ধৰণৰ আন্তঃজিলা পৰিবহন বাছ আৰু দূৰণীবটীয়া বাছৰ (অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনস্থ বাছকে ধৰি) চলাচল বন্ধ থাকিব ।
- নামনি অসমৰ পৰা অহা সকলো ধৰণৰ দূৰণীবটীয়া দূৰত্বৰ বাহু মাছখোৱা অভিমুখে যাব নোৱাৰিব । বাছবোৰ আদাবাৰী বাছষ্টেণ্ডত ৰখাব লাগিব ।
- কামাখ্যা ৰে'লৱে ষ্টেচনৰ পৰা ভক্তসকলক কঢ়িয়াই অনা বাছবোৰ পি এন জি বি ৰোড-ডি জি ৰোড-আদাবাৰী তিনিআলি-পাণ্ডু পোর্ট ৰোড হৈ আগবাঢ়ি ভক্তসকলক পাণ্ডু পোৰ্টৰ অস্থায়ী বিশ্রাম শিবিৰত নমাব ।
- পাণ্ডু পোর্ট আৰু কামাখ্যা ষ্টেচনৰ অস্থায়ী শিবিৰৰ পৰা অহা ভক্তসকলে নীলাচল ফ্লাইঅ'ভাৰৰ ছার্ভিছ লেনেৰে দেৱালয় অভিমুখে যাত্রা কৰিব ।
- ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা তেঁতেলীয়া হৈ গোশালা অভিমুখে কোনো গধুৰ বাহনক যাবলৈ দিয়া নহ'ব ।
উল্লিখিত নিষেধাজ্ঞাসমূহৰ পৰিপ্ৰেক্ষিতত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অভিমুখে যাত্ৰা কৰা লোকসকলক নিজৰ যাত্রাপথৰ পৰিকল্পনা আগতীয়াকৈ স্থিৰ কৰাৰ লগতে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।