ETV Bharat / state

কথা মতে কাম : দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে পথৰ নামকৰণ - BODOFA UPENDRANATH BRAHMA

বড়ো নেতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নতুন দিল্লী পথৰ নামকৰণ ।

New Delhi road to be named after Bodo leader Upendranath Brahma
গৃহমন্ত্রী অমিত শ্বাহ (X/@BJP Madhya Pradesh)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 9:00 PM IST

2 Min Read

গুৱাহাটী : ৰাজধানী দিল্লীত এটা গুৰুত্বপূৰ্ণ পথৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হৈছে । কথা মতে কাম কৰিলে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে ।

১৬ মাৰ্চত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭ সংখ্যক বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ আহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল যে দিল্লীৰ এটা পথ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হ’ব । সেই ঘোষণা অনুসৰি দিল্লীৰ এটা অতি গুৰুত্বপূৰ্ণ পথৰ নাম বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে নামকৰণ কৰা হৈছে । এই সম্পৰ্কীয় এক আনুষ্ঠানিক জাননী জাৰি কৰিছে দিল্লীৰ পৌৰ নিগমে ।

New Delhi road to be named after Bodo leader Upendranath Brahma
দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে পথৰ নামকৰণ (ETV Bharat Assam)

৩ এপ্ৰিল ২০২৫ ত No. SE-I/SZ/2025-26/D-01 নম্বৰ পত্ৰৰ জৰিয়তে কৈলাশ কলনীৰ A5-A18 পথটোক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাৰে নামকৰণ কৰা হৈছে । শীঘ্ৰেই এই পথটো নতুন নামেৰে ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰা হ’ব । এই খবৰটো সামাজিক মাধ্যম যোগৰ অৱগত কৰিছে মুখমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।

মুখ্যমন্ত্রীয়ে দিল্লীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামেৰে এটা পথ নামকৰণ কৰাৰ প্ৰস্তাৱক কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ধন্যবাদ জনাইছে । সামাজিক মাধ্যম যোগে মুখ্যমন্ত্রীয়ে কয়, "বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো সমাজ তথা আমাৰ জাতীয় জীৱনৰ বাবে এক অম্লান সত্তাৰ নাম ৷ দিল্লীৰ মাজমজিয়াত থকা এটা পথক মহান সত্তা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ নামেৰে নামকৰণৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ অসমবাসীৰ হৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো । দিল্লী পৌৰ নিগমে কৈলাস কলনীৰ এ ৫-এ ১৮ সংযোগী পথক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম মাৰ্গ হিচাপে নামকৰণত অনুমোদন জনাইছে । ভাল লগা কথাটি হ'ল বি টি আৰৰ জনসাধাৰণক কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি সোনকালে এই পথ জাতিটোৰ বাবে উৎসৰ্গা কৰা হ'ব ৷"

উল্লেখ্য যে, কোকৰাঝাৰৰ দতমাত ১৬ মাৰ্চত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৭সংখ্যক বাৰ্ষিক অধিৱেশনৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্রীয়ে কেতবোৰ ঘোষণা কৰিছিল । কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে বডোফা উপেন্দ্ৰনাথ ব্ৰক্ষ্মৰ নামত দিল্লীত এটা ডাঙৰ পথ নামাকৰণ কৰাৰ লগতে সেই পথত বড়োফাৰ মূৰ্তি স্থাপন কৰাৰ কথা ঘোষণা কৰিছিল । সেই ঘোষণা অনুসৰি দিল্লীৰ এটা গুৰুত্বপূৰ্ণ পথ বডোফা উপেন্দ্ৰনাথ ব্ৰক্ষ্মৰ নামত উচৰ্গা কৰা হৈছে ।

লগতে পঢ়ক : বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ৩৪ সংখ্যক মৃত্যু বাৰ্ষিকী পালন - Death anniversary of Bodofa

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.