নগাঁও: মাতৃত্বৰ মমতাকেই যেন কলংকিত কৰিলে এগৰাকী পাষাণ হৃদয়ৰ মাতৃয়ে । এগৰাকী মাতৃ কিমান নিষ্ঠুৰ হ'লে বিক্ৰী কৰিব পাৰে নিজৰ গৰ্ভৰ সন্তানক, তাকো সন্তান প্ৰসৱৰ বেদনা মাৰ নৌযাওঁতেই ! কোনো মাতৃয়ে নিজৰ সন্তানক বিক্ৰী কৰিব পৰা কথা কোনোবাই কল্পনা কৰিব পাৰেনে ?
কিন্তু এইখন অসমতেই এনে এক জঘন্য ঘটনা সংঘটিত হৈছে । ড্ৰাগছ আসক্ত এগৰাকী মাতৃয়ে আজিৰ পৰা চাৰি পাঁচদিন পূৰ্বে দুটাকৈ সন্তান জন্ম দিছিল । যমজ সন্তান জন্ম দিয়াৰ দুটা দিন পাছতেই এটি চক্ৰৰ জৰিয়তে তাৰে এটি সন্তানক বিক্ৰী কৰিছিল খোদ মাতৃয়েই ।
নগাঁও চহৰৰ ম’হখুলিৰ ফাতেমা খাতুন নামৰ মহিলাগৰাকীৰ স্বামী কৰ্মসূত্ৰে থাকে নগাঁৱৰ বাহিৰত । এনে অৱস্থাত মহিলাগৰাকী নিজৰ আত্মীয় ভাৰা থকা নগাঁৱৰ বেঙেনাআটিৰ এটি ঘৰতেই ভাৰাতীয়া হিচাপে থাকিবলৈ লয় ।
কিন্তু যোৱা বৃহস্পতিবাৰে মহিলাগৰাকীয়ে প্ৰসৱ কৰে যমজ সন্তান । বেঙেনাআটিৰেই পাৰবিন নামৰ এগৰাকী মহিলাৰ জৰিয়তে যমজ সন্তানৰ এটি সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে । শনিবাৰে নিশা যমজ সন্তানৰ এটি সন্তানৰ মৃত্যু হোৱাৰ পাছতেই পোহৰলৈ আহে আন এটি শিশু বিক্ৰীৰ ভয়ংকৰ তথ্য ।
কেৱল সেয়াই নহয়, মৃত্যু হোৱা নৱজাতকটিক লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ । মৃত্যুৰ পাছত গোপনে সমাধিস্থ কৰা শিশুটিকো মাতৃয়ে হত্যা কৰি পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় একাংশই । এটি শিশুৰ মৃত্যুৰ পাছতেই আনটো শিশুক বিক্ৰী কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই সমগ্ৰ নগাঁও জিলাতেই সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।
ঘটনা সন্দৰ্ভত স্থানীয় লোকে নিশাই নগাঁও আৰক্ষীক অৱগত কৰাৰ পাছতেই নিশাই তৎপৰ হৈ পৰে আৰক্ষী । নিশা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰাৰ লগতে বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন কৰা নৱজাতকটিক উদ্ধাৰৰ বাবে আৰম্ভ কৰে অভিযান ।
আনহাতে, বিক্ৰী কৰা নৱজাতকটিক সোমবাৰে পুৱা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীৰ দলটোৱে । নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে নৱজাতকটিক উদ্ধাৰ কৰাৰ লগতে নৱজাতক সৰবৰাহৰ অভিযোগত দুজন লোকক আটক কৰি সমগ্ৰ ঘটনাৰ অনুসন্ধান অব্যাহত ৰখা বুলি ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ই টিভি ভাৰতক জানিবলৈ দিয়ে ।
সম্প্ৰতি উদ্ধাৰ হোৱা নৱজাতকটিক মাতৃসহ আৰক্ষীৰ নজৰত নগাঁও হাস্পতালত ৰখাৰ কথাও জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে । ইপিনে ড্ৰাগছৰ বাবেই মাত্ৰ ১০ হাজাৰ টকাৰ বিনিয়মত এটি নৱজাতকক বিক্ৰী কৰা বুলি উত্থাপন হোৱা অভিযোগৰো তদন্ত অব্যাহত থকা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।
অৱশ্যে কেমেৰাৰ সন্মুখত দেওবাৰে নিশা কলংকিত মাতৃগৰাকীয়ে পূৰ্বে ড্ৰাগছ সেৱন কৰাৰ কথা স্বীকাৰ কৰি বিগত তিনি মাহ ধৰি ড্ৰাগছ সেৱনৰ পৰা বিৰত থকাৰ কথাও উল্লেখ কৰে ।
শিশুটিক বিক্ৰী কৰা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, "... মানুহঘৰৰ মই নাম নাজানো । বেলেগে চিনাকি কৰাই দিছে । তাই কৈছে দুটা ৰাখিব নোৱাৰে । কৈছোঁ এটা মই ৰাখো, মোৰ ল'ৰা-ছোৱালী নাইকিয়া ...।"
ড্ৰাগছ সেৱন কৰা প্ৰসংগত কয়, "আগতে খাইছিলোঁ । এতিয়া নাখাওঁ । ৰোজা যোৱাৰ পৰা মই নাই খোৱা ।"
আনটি শিশু ক'ত পুতি থলে বুলি সোধা প্ৰশ্নৰ উত্তৰত কয়, "... পিছপিনে পেলাই দিছোঁ । পাৰবিনক দিছোঁ । ঘৰ বেঙেনাআটিত ।"
আনহাতে, যমজ সন্তানৰ আনটি শিশুৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্যৰো তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । প্ৰয়োজনত যমজ নৱজাতকৰ মৃত্যু হোৱা বুলি দাবী কৰা আনটো নৱজাতকৰ মৃতদেহ কবৰৰ পৰা উলিয়াই আনি ফৰেনচিক পৰীক্ষা কৰাৰ সম্ভাৱনাৰ কথাও জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ।
উল্লেখ্য যে সমগ্ৰ নগাঁৱতে চাঞ্চল্যৰ সৃষ্টি কৰা নৱজাতক বিক্ৰী আৰু আন এটি নৱজাতকৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সকলো সদৰী কৰিব নোৱাৰে । ঘটনাৰ উচিত তদন্ত সাপেক্ষে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে স্থানীয় লোকে ।