পিতৃৰ পদাংক অনুসৰণ কৰিছে নেকি গৌৰৱে ? জানো আহক গগৈ পৰিয়ালৰ ৰাজনৈতিক ইতিহাস
বিধানসভা নিৰ্বাচনৰ এটা বছৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব গৌৰৱ গগৈৰ কান্ধত । কি কয় গগৈ পৰিয়ালৰ ৰাজনৈতিক ইতিহাসে ?

Published : May 27, 2025 at 7:43 PM IST
নগাঁও : লোকসভা, পঞ্চায়তকে ধৰি কেইবাটাও নিৰ্বাচনত অসমত কংগ্ৰেছ একপ্ৰকাৰ ধাৰাশায়ী হোৱাৰ সময়ত অসম বিধানসভা নিৰ্বাচনলৈ এটা বছৰো বাকী নথকা অৱস্থাত অৱশেষত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পৰিল সাংসদ গৌৰৱ গগৈৰ কান্ধত । বিগত লোকসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ পৰা বিজেপিৰ তীব্ৰ ঢৌকো প্ৰতিহত কৰি সাংসদ হিচাপে নিৰ্বাচিত হোৱা গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাবে পছন্দৰ হ'ল দলটোৰ হাইকামণ্ডৰ ।
শেহতীয়াকৈ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগক লৈ সাংসদগৰাকীৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা সৰৱ হৈ থকাৰ পাছতো গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি প্ৰদান কৰিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে ।
ইয়াৰ পূৰ্বে ২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰক প্ৰতিহত কৰি ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত তৰুণ গগৈয়ে ।
অৱশ্যে প্ৰথম বাৰতেই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈয়েই চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নাছিল তৰুণ গগৈ । ১৯৯৮ চনৰ পূৰ্বেও দুবাৰকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিল গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈ । অৱশ্যে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াও অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰিয়েই অসমত কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ।
গৌৰৱ গগৈৰ পিতৃ তৰুণ গগৈৰ ৰাজনৈতিক ইতিহাস:
সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিয়েই প্ৰয়াত তৰুণ গগৈয়ে ১৯৭২ চনতেই যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । একেদৰে ১৯৭৭ আৰু ১৯৮৩ চনৰ লোকসভা নিৰ্বাচনতো যোৰহাট লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল গৌৰৱ গগৈৰ প্ৰয়াত পিতৃ তৰুণ গগৈ ।
পৰৱৰ্তী সময়ত ১৯৮৫ চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ অগপ প্ৰাৰ্থী ভদ্ৰেশ্বৰ তাঁতীৰ হাতত পৰাজিত হৈছিল তৰুণ গগৈ । কিন্তু পুনৰ ১৯৯১ চনৰ লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰাই নিৰ্বাচনত অৱতীৰ্ণ হৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ।

পৰৱৰ্তী ১৯৯৬ লোকসভা নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰি পুনৰ অগপ প্ৰাৰ্থী কেশৱ মহন্তৰ হাতত পৰাজিত হৈছিল তৰুণ গগৈ । পৰৱৰ্তী সময়ত ১৯৯৮ আৰু ১৯৯৯ চনত অনুষ্ঠিত মধ্যৱৰ্তী কালীন আৰু সাধাৰণ নিৰ্বাচনত কলিয়াবৰ লোকসভা সমষ্টিৰ পৰাই সাংসদ হিচাপে নিৰ্বাচিত হৈছিল তৰুণ গগৈ ।
ইয়াৰ মাজতেই ১৯৮৬ ৰ পৰা ১৯৮৯ চনলৈকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্বত আছিল প্ৰয়াত তৰুণ গগৈ । কিন্তু ১৯৮৯ চনত কংগ্ৰেছ হাইকামাণ্ডে তৰুণ গগৈৰ বিপৰীতে হিতেশ্বৰ শইকীয়াক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পণ কৰি ১৯৯১ চনৰ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল কংগ্ৰেছ দল ।
প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত ১৯৯১ চনৰ অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বও লাভ কৰিছিল হিতেশ্বৰ শইকীয়াই । কিন্তু ১৯৯৬ চনত পুনৰ ৰাজ্যত কংগ্ৰেছৰ বিৰুদ্ধে প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত আঞ্চলিক দল অগপই চৰকাৰ গঠন কৰিবলৈ সক্ষম হয় ।
সেই সময়ত অৰ্থাৎ ১৯৯৬ চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰে প্ৰয়াত তৰুণ গগৈয়ে । একেদৰে ১৯৯৮ চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় । নিৰ্বাচনত তৰুণ গগৈয়ে হিৰণ্য বৰাক পৰাজিত কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয় ।
২০০১ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অৰ্থাৎ ১৯৯৮ চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰা তৰুণ গগৈৰ নেতৃত্বতেই ২০০১ চনত অসমত প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰক পৰাভূত কৰি দিছপুৰ দখল কৰিবলৈ সক্ষম হৈছিল । ১৯৯৮ চনৰ পৰা ২০০৪ চনলৈকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল তৰুণ গগৈয়ে ।

লগতে ২০০১চনৰ পৰা ২০১৬ চনলৈকে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বও লাভ কৰিছিল তৰুণ গগৈয়ে । ২০০৪ চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল ভুৱনেশ্বৰ কলিতাক ।
১৯৯৯ চনত সাংসদ হিচাপে নিৰ্বাচিত হোৱা তৰুণ গগৈয়ে ২০০১ চনৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত তৰুণ গগৈৰ ভাতৃ দ্বীপ গগৈক কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত কৰিবলৈয়ো সক্ষম হৈছিল । একেৰাহে ২০১৪ চনলৈকে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে আছিল তৰুণ গগৈৰ ভাতৃ দ্বীপ গগৈ ।
২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পৰাই অসমত ক্ষমতা হেৰুওৱা কংগ্ৰেছে বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ ক্ষমতা ঘূৰাই আনিবলৈ আপ্ৰাণ চেষ্টা কৰিও বিফল হ’বলগীয়া হৈছিল ৷ আনকি ইয়াৰ মাজতেই অনুষ্ঠিত হৈ যোৱা দুটাকৈ পঞ্চায়ত নিৰ্বাচন, দুবাৰকৈ লোকসভা নিৰ্বাচন, উপ নিৰ্বাচনৰ উপিৰিও পৌৰসভা, পৰিষদীয় আদি নিৰ্বাচনতো বিজেপিৰ সৈতে মুখথেকেছা খাবলগীয়া হৈছিল কংগ্ৰেছে ।
অৱশেষত আগন্তক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনলৈ এটা বছৰো বাকী নথকা অৱস্থাত কংগ্ৰেছ হাইকামাণ্ডে হঠাৎ গৌৰৱ গগৈৰ কান্ধত অৰ্পণ কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব ।
গৌৰৱ গগৈৰ ৰাজনৈতিক যাত্ৰা :
ৰাজ্যত তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসন দখল কৰা তৰুণ গগৈৰ শেষৰটো কাৰ্যকালৰ ২০১৪ চনত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনৰ প্ৰকমহুৰ্ততেই প্ৰত্যক্ষ ৰাজনীতিত ভৰি দিয়ে বৰ্তমানৰ সাংসদ গৌৰৱ গগৈয়ে । ২০১৪ চনত অনুষ্ঠিত লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোদীৰ তীব্ৰ ঢৌ থকাৰ পাছতো পিতৃৰ পূৰ্বৰ তথা খুড়ায়েক দ্বীপ গগৈৰ কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ হিচাপে প্ৰথমবাৰ নিৰ্বাচিত হৈছিল সাংসদ গৌৰৱ গগৈ ।
একেদৰে ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো কলিয়াবৰ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল গৌৰৱ গগৈ । ২০২৪ চনৰ নিৰ্বাচনত সমষ্টি পুনৰনিৰ্দ্ধাৰণৰ ফলত কলিয়াবৰ লোকসভা সমষ্টিৰ বিলুপ্তি ঘটাত যোৰহাট লোকসভা সমষ্টিৰ পৰা অৱতীৰ্ণ হৈ শাসকীয় বিজেপিৰ সৰ্বশক্তিক প্ৰতিহত কৰি সাংসদ হিচাপে নিৰ্বাচিত হ’বলৈ সক্ষম হৈছিল গৌৰৱ গগৈ ।
বিশেষকৈ উজনি অসমতেই গৌৰৱ গগৈৰ গ্ৰহণযোগ্যতা বৃদ্ধি পোৱা বুলি ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ মাজতে উজনি অসমৰ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ গৌৰৱ গগৈক সন্মুখত লৈ আগন্তুক বিধানসভা নিৰ্বাচন জিকাৰ ৰণকৌশল আৰম্ভ কৰিছে কংগ্ৰেছ হাইকামাণ্ডে । গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব অৰ্পনৰ পাছতেই বিভিন্ন চর্চা আৰম্ভ হৈছে ৰাজনৈতিক মহলত ।
কি কয় সমালোচক শিবানন্দ কাকতিয়ে ?
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আগন্তুক বিধানসভা নিৰ্বাচনত যুঁজিবলৈ কংগ্ৰেছৰ নেতৃত্বই হঠাৎ ভূপেন বৰাক আঁতৰাই সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াক লৈ নগাঁৱৰ বিশিষ্ট গল্পকাৰ সমালোচক শিবানন্দ কাকতিয়ে ই টি ভি ভাৰতৰ আগত কেতবোৰ মন্তব্য কৰে ৷
তেওঁ কয়, “কংগ্ৰেছৰ নেতৃত্বই কি কাৰণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কৰিলে সেয়া দলৰ ভিতৰুৱা বিষয় । সাম্প্ৰতিক ৰাজনীতিত মূল্যবোধৰ প্ৰয়োজন আছে । সাংসদ গৌৰৱ গগৈৰ সেই মূল্যবোধ নথকা নহয় । গণতন্ত্ৰত ভোটাৰেই আটাইতকৈ শক্তিশালী । তেনেক্ষেত্ৰত আগন্তুক সময়ত কাক চৰকাৰ পাতিব তাৰ সিদ্ধান্তও ভোটাৰেই ল’ব । আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য কৰিয়েই কংগ্ৰেছে নিষন্দেহে গৌৰৱ গগৈক অসম কংগ্ৰেছৰ দায়িত্ব অৰ্পণ কৰিছে ।”
এতিয়া গৌৰৱ গগৈৰ নেতৃত্বত বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে কিদৰে ৰণকৌশল প্ৰস্তুত কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ।

