ETV Bharat / state

ক্ষমতাত থাকিও নেতাজীক সন্মান নজনালে কংগ্ৰেছে: অতুল বৰা

ডিব্ৰুগড় আৰু চৰাইদেউৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত নেতাজীৰ জন্ম-জয়ন্তী । কংগ্ৰেছে নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মান নজনালে বুলি ক্ষোভ মন্ত্ৰী অতুল বৰাৰ ।

Netaji's birth anniversary held in different parts of Dibrugarh and Charaideo
ডিব্ৰুগড় আৰু চৰাইদেউৰ বিভিন্ন প্ৰান্তত নেতাজীৰ জন্ম-জয়ন্তী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2025 at 9:19 PM IST

2 Min Read
Choose ETV Bharat

ডিব্ৰুগড়: ভাৰতৰ স্বাধীনতা আন্দোলনৰ সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুক আজি শ্ৰদ্ধাৰে স্মৰণ কৰিছে দেশবাসীয়ে । ১৮৯৭ চনৰ ২৩ জানুৱাৰীত উৰিষ্যাত জন্মগ্ৰহণ কৰা নেতাজী সুভাষচন্দ্ৰ বসু জড়িত হৈ পৰিছিল দেশৰ স্বাধীনতা আন্দোলনত ।

দেশক স্বাধীন কৰাৰ লক্ষ্যৰে গঠন কৰিছিল আজাদ হিন্দ ফৌজ । এইগৰাকী স্বাধীনতা সংগ্ৰামীক স্মৰণ কৰিবলৈ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে চাবুৱাৰ অগপৰ মুখ্য কাৰ্যালয়ৰ প্ৰাংগণত চাবুৱা নগৰ সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্ম জয়ন্তী ।

ডিব্ৰুগড় আৰু চৰাইদেউৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত নেতাজীৰ জন্ম-জয়ন্তী (ETV Bharat Assam)

অগপৰ কাৰ্যালয়ত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন অনুষ্ঠানত অংশ লৈ নেতাজীলৈ শ্ৰদ্ধাঞ্জলি জনাই কৃষি মন্ত্ৰী অতুল বৰাই । নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্ম জয়ন্তী অনুষ্ঠানত চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই আদৰণি সম্ভাষণ জনোৱাৰ পিছতে কৃষিমন্ত্ৰী অতুল বৰাই ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখি নেতাজীয়ে দেশৰ প্ৰতি কৰি যোৱা ত্যাগ আৰু বলিদানৰ সোঁৱৰণ কৰে ।

অনুষ্ঠানত মন্ত্ৰীগৰাকীক সংগ দিয়ে জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জিতুমণি মৰাণ, উপ-সভাপতি পুতুল সোণোৱাল আদি নেতাসকলে । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি অগপৰ সভাপতি তথা কৃষি মন্ত্ৰী বৰাই কয়, "নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৮ সংখ্যক জন্ম-জয়ন্তীৰ দিনটোত তেওঁলৈ গভীৰ শ্ৰদ্ধা জনাইছোঁ । নেতাজীৰ ত্যাগে নতুন প্ৰজন্মক সদায় অনুপ্ৰাণিত কৰি আহিছে আৰু সদায় কৰি থাকিব । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২১ চনৰ পৰাই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তীৰ দিনটো পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । কিন্তু স্বাধীনতাৰ পাছত কংগ্ৰেছ দলে ক্ষমতাত থাকিও দেশৰ মুক্তি যোদ্ধা নেতাজী সুভাষ চন্দ্ৰ বসুক সন্মান নজনালে ।"

চৰাইদেউৰ বিভিন্ন প্ৰান্তত নেতাজীৰ জন্ম জয়ন্তী উদযাপন:

সমগ্ৰ দেশৰ লগতে চৰাইদেউ জিলাখনতো নেতাজীৰ জন্ম জয়ন্তী পালন কৰা হয় । মৰাণহাটত থকা নেতাজীৰ প্ৰতিমূৰ্ত্তিত মাল্যপৰ্ণ, বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জনাই পৰিবহণ বিভাগৰ মন্ত্ৰী যোগেন মহনে । আনহাতে জিলাখনৰ সোণাৰিত নেতাজী সংঘৰ উদ্যোগত আৰু সোণাৰিবাসীৰ সহযোগত উদযাপন কৰা হয় নেতাজীৰ জন্ম-জয়ন্তী ।

দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা এই অনুষ্ঠানত পুৱা পতাকা উত্তোলন, নেতাজীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় নেতাজীৰ জন্ম জয়ন্তী । সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: চোৰৰ কৱলৰ পৰা সাৰি নগ'ল জাতিৰ পিতা - MAHATMA GANDHI STATUE STOLEN