যোৰহাট : টোকোৰা চৰাই । চৰাইবিধ তেনেই ক্ষুদ্ৰ কিন্তু কৰ্ম বহুত ডাঙৰ । বিশেষকৈ ইয়াৰ বাহ সজাৰ কৌশল । ওখ তামোল বা নাৰিকলৰ গছত আটোমটোকাৰিকৈ সজা টোকোৰা চৰাইৰ বাহবোৰৰ নিৰ্মাণ শৈলীয়ে আধুনিক নিৰ্মাণ প্ৰযুক্তিকো চেৰ পেলাব । যাৰ বাবে পক্ষীকুলৰ অভিযন্তাৰূপে খ্যাত এই টোকোৰা চৰাই ।
আজিৰ পৰা কিছু বছৰ পূৰ্বলৈকে অসমৰ গ্ৰামাঞ্চলসমূহত সততে দেখিবলৈ পোৱা এক সুলভ দৃশ্য আছিল ওখ ওখ তামোল-নাৰিকল গছত ওলমি থকা টোকোৰা চৰাইৰ দৃষ্টিনন্দন বাহসমূহ । এয়া আছিল চহা গঞাৰ ঘৰ-বাৰীৰ এখন চিনাকি ছবি ।
কিন্তু সম্প্ৰতি বিভিন্ন কাৰণবশতঃ ক্ৰমাৎ বিলুপ্তিৰ দিশে গতি কৰিছে টোকোৰা চৰাই । ফলত শৈশৱৰ সুলভ দৃশ্যসমূহ দেখাৰ পৰা আমি বঞ্চিত হৈ আহিছোঁ ।
গ্ৰামাঞ্চলতো দুৰ্লভ হৈ পৰিছে টোকোৰা চৰাইৰ বাহ
ক্ৰমাৎ গ্ৰামাঞ্চলৰ বাৰীবোৰৰ পৰাও অদৃশ্য হৈ পৰিবলৈ ধৰিছে শৈশৱৰ চিনাকি টোকোৰা চৰাইৰ আকৰ্ষণীয় বাহবোৰ । কিন্তু তাৰ মাজতে গ্ৰামাঞ্চলৰ কিছু কিছু অংশত এতিয়াও দেখিবলৈ পোৱা যায় দৃষ্টিনন্দন টোকোৰা চৰাইৰ বাহসমূহ ।
পক্ষীকুলৰ অভিযন্তা হিচাপে আখ্যা দিয়া টোকোৰা চৰায়ে খেৰ-কুটা সংগ্ৰহ কৰি আলফুলে নিৰ্মাণ কৰা দৃষ্টিনন্দন বাহসমূহ এইদৰে জিলিকি আছে দেৰগাঁৱৰ ২নং ভকত চাপৰি দেৱীথান নাককাটি গাঁৱত । লগতে নিজৰ বাহৰ ওপৰত এইদৰে দেখা পোৱা গ'ল টোকোৰা চৰাইকো ।
কিন্তু পৰিৱেশ প্ৰদূষণ, নগৰাঞ্চল বৃদ্ধি, গছ-গছনি হ্ৰাসৰ লগতে কৃষিভূমিৰ পৰিসৰ হ্ৰাসে বিপন্ন কৰিছে টোকোৰা চৰাইৰ জীৱন প্ৰণালী । পথাৰ আৰু গছ-গছনিৰ আলমতেই জীৱন নিৰ্বাহ কৰা এই প্ৰজাতিটো আজি বিপন্ন হোৱাৰ সময়তো অৱশ্যে কিছু কিছু অঞ্চলত দেখিবলৈ পোৱা এই দুৰ্লভ দৃশ্যসমূহে তাহানিৰ দিনৰ পৰিৱেশৰ মাজলৈ লৈ যায় । বাটৰুৱাই এনেবোৰ দৃশ্য নয়নভৰি উপভোগ কৰি যায় । কাৰণ আজি এই দৃশ্য অতি দুৰ্লভ ।

টোকোৰা চৰায়ে কেনেদৰে বাহ সাজে আৰু কেতিয়া কণী পাৰে
নিজৰ আপোন ঘৰখন সজাত মতা-মাইকী টোকোৰা চৰাই উভয়ে মিস্ত্ৰী-যোগালিৰ দৰে কাম কৰে । মতা চৰাইটোৱে পাতৰ চোঁচ, ঘাঁহ-বন আনি বাহটোতে গোজ মাৰি থৈ যায় আৰু মাইকীজনীয়ে এডাল-এডালকৈ নি বাহটো গুঠে । টোকোৰা চৰায়ে একে ঠাইতে বা একেডাল গছতে ওচৰা-ওচৰিকৈ বাহ সাজে ।
টোকোৰা চৰায়ে মানুহৰ পৰা আঁতৰি বাহ নাসাজে, সিহঁতে সকলোৱে দেখাকৈ বাহ সাজি জীৱন নিৰ্বাহ কৰে । এপ্ৰিল মাহৰ পৰা নৱেম্বৰ পৰ্যন্ত টোকোৰা চৰায়ে কণী পাৰে । অৱশ্যে বাৰিষাৰ সময়ছোৱাতে সিহঁতে বেছিকৈ কণী পাৰিবলৈ আৰম্ভ কৰে আৰু কণীৰ সংখ্যা দুটাৰ পৰা চাৰিটাৰ ভিতৰত থাকে ।

টোকোৰা চৰাই বুলি ক'লেই আমি শৈশৱলৈ উভতি যাওঁ
টোকোৰা চৰাইৰ বিলুপ্তি আৰু ইয়াৰ আকৰ্ষণীয় বাহ সন্দৰ্ভত প্ৰকৃতিপ্ৰেমী সচেতন যুৱক ধ্ৰুৱজ্যোতি বৰুৱাই কয়, "টোকোৰা চৰাই বুলি ক'লে আমি শৈশৱলৈ উভতি যাওঁ । আমি যেতিয়া পঞ্চম বা ষষ্ঠ শ্ৰেণীত পঢ়ি আছিলোঁ তেতিয়া আমি টোকোৰা চৰাইৰ বাহ দেখিছিলোঁ । বিশেষকৈ তামোল গছত সুন্দৰ সুন্দৰকৈ ওলমি থাকে । এই দৃশ্য অতি নান্দনিক আছিল । আজিৰ সময়ত গ্ৰামাঞ্চলত টোকোৰা চৰাইৰ বাহসমূহ দেখা পোৱা নাযায় । এই দৃশ্যসমূহ গ্ৰামাঞ্চলত দুৰ্লভ হৈ পৰিছে ।"
আনহাতে, টোকোৰা চৰাই নোহোৱা হোৱা সন্দৰ্ভত তেওঁ কয়, "টোকোৰা চৰাইৰ বাহসমূহ বা টোকোৰা চৰাই গ্ৰামাঞ্চলৰ পৰা নাইকিয়া হোৱাৰ কাৰণসমূহৰ ভিতৰত আছে একাংশ লোকৰ প্ৰকৃতি ধ্বংস আৰু প্ৰদূষণ । এনেবোৰ উপাদানৰ বাবে টোকোৰা চৰায়ে নিজৰ বংশ বৃদ্ধি কৰিব পৰা নাই । সেয়ে জীৱশ্ৰেষ্ঠ হিচাপে চৰাই-চিৰকটিক আমি মৰম কৰিব লাগে আৰু সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে ।"
টোকোৰা চৰাইৰ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰকৃতিপ্ৰেমী যুৱকজনে আৰু কয়, "টোকোৰা চৰাই আমাৰ মাজৰ পৰা একেবাৰে যাতে হেৰাই নাযায় তাৰ বাবে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ ওলাই আহিব লাগে আৰু টোকোৰা চৰাই সংৰক্ষণ কৰিব লাগে ।"