জুবিনে নিজৰ প্ৰাণতকৈও বেছি ভাল পাইছিল এজোপা পাইন গছ
বঙালপুখুৰীত শৈশৱ অতিবাহিত কৰা ঘৰটোত আছিল জুবিনৰ বহু সজল স্মৃতি । তালৈ গ'লেই সাবটি ধৰিছিল এজোপা বিশেষ গছক...

Published : September 20, 2025 at 1:00 PM IST
যোৰহাট : এজোপা পাইন গছক নিজৰ প্ৰাণতকৈও বেছি ভাল পাইছিল জুবিন গাৰ্গে । নিজহাতে ৰোপণ কৰা পাইন গছজোপাও এবছৰ পূৰ্বে নোহোৱা হ'ল । যোৰহাটৰ বঙালপুখুৰীত শৈশৱ অতিবাহিত কৰা জুবিনৰ ঘৰখনৰ চৌহদতেই আছিল এইজোপা গছ ।
সেয়েহে যোৰহাটলৈ আহিলেই পাইন গছজোপাক এবাৰ সাবটি ধৰিছিল মৰমৰ শিল্পীগৰাকীয়ে ।
এইবাৰ সেই ঠাইতেই নতুনকৈ পাইন গছ এজোপা ৰোৱাৰ কথা আছিল যদিও সেই আশা আৰু কাহানিও পূৰণ নহয় । জুবিনৰ গান শুনি টোপনি যোৱা, সাৰ পোৱা শৈশৱৰ ঘৰখনৰ ওচৰ-চুবুৰীয়াই ক'লে শিল্পীগৰাকীয়ে গছজোপাক কিমান ভাল পাইছিল । চুবুৰীয়াসকলে অতীত স্মৃতি ৰোমন্থন কৰি কৈ গ'ল জুবিনৰ সেই সময়ৰ কথাবোৰ । এগৰাকী চুবুৰীয়াই কয়, "তেওঁ ৰোপণ কৰা পাইন গছজোপা চাবলৈ দৌৰি আহিছিল আৰু গছজোপাৰ লগত পাতিছিল কথা ।"

তেওঁ আৰু কয়, "সেই গছজোপা কেইদিনমান আগতে ধুমুহাত ভাঙি গৈছিল । সেই ঠাইতেই অন্য এজোপা পাইন গছ ৰুবলৈ অহাৰ কথা আছিল । শৈশৱৰ বঙালপুখুৰীৰ পুজাস্থলীয়ে এইবাৰ এশ বছৰ সম্পূৰ্ণ কৰিব আৰু এই পূজালৈ অহাৰ কথাও কৈছিল তেওঁ । জুবিন দা আৰু কেতিয়াও নাহে ।"
আন এগৰাকী চুবুৰীয়াই কয়, "জুবিনে শৈশৱতে তেওঁৰ ঘৰৰ সন্মুখত এজোপা পাইন গছ ৰোপণ কৰিছিল । সময়ৰ লগে লগে গছজোপাই আকাৰ ল'লে; কিন্তু দুৰ্ভাগ্যবশতঃ কেইদিনমান পূৰ্বে গছজোপাও ধুমুহাত ভাঙি গৈছিল । সেই কথা আমি জুবিনক অৱগত কৰিছিলো । তেওঁ সেই স্থানত গছ ৰুবলৈ অহাৰ কথাও কৈছিল ।"

শৈশৱতে তেওঁ কেনেদৰে কাপোৰ এখন পিন্ধি গান গাইছিল সেই কথাও ক'লে চুবুৰীয়াই । জুবিনৰ পিতৃৰ বন্ধু এগৰাকীয়ে কান্দি কান্দি ক'লে, "জুবিনে হাফপেন্ট এটা পিন্ধি এই অঞ্চলত ঘূৰি ফুৰিছিল । সকলোৱে তেওঁক ভাল পাইছিল । জুবিনক ভাল নোপোৱা মানুহ কোনো নাছিল, কেতিয়াবা কাপোৰ এখন পিন্ধি গান গাই থকা বাবে মই গালিও পাৰিছিলো । সি আজি আমাৰ মাজত নাই; কিন্তু আমি মানি ল'ব পৰা নাই ।"

