লখিমপুৰ : উত্তৰ-পূব শক্তি নিগম নীপকোৱে পুনৰ মোকলালে ৰঙানদী প্ৰকল্পৰ পানী । বৃহস্পতিবাৰে বিয়লি নীপকোৱে প্ৰকল্পৰ এক নং গেটখন ৫০ মিলিমিটাৰ খুলি দিয়ে । এপষেকৰ পূৰ্বে এনেদৰে গেট খুলি নীপকোৱে লখিমপুৰত বিভীষিকা সৃষ্টি কৰিছিল ৷ সেয়ে আজি পুনৰ গেট খোলাত শংকিত হৈ পৰিছে লখিমপুৰৰ ৰাইজ ।
আজি পূৱা প্ৰায় ৯.২৪ বজাত নীপকোৱে লখিমপুৰ জিলা প্ৰশাসনলৈ এটা সতৰ্কবাৰ্তা প্ৰেৰণ কৰে । ধাৰাসাৰ বৰষুণৰ বাবে প্ৰকল্পৰ জলাধাৰত পানীৰ চাপ বৃদ্ধি হোৱাত পানী মোকলাই দিয়াৰ সম্ভাৱনা ব্যক্ত কৰি নীপকোৱে বাৰ্তাটো প্ৰেৰণ কানীৰিছিল । তাৰ পাছত আকৌ আহিল আন এক সতৰ্কবাৰ্তা ।
পুৱা প্ৰায় ১০.৩০ বজাত নীপকোৰ দ্বাৰা জিলা প্ৰশাসনলৈ প্ৰেৰণ কৰা দ্বিতীয়টো সতৰ্কবাৰ্তাই লখিমপুৰলৈ অশনি সংকেত কঢ়িয়াই আনে । এই বাৰ্তাত নীপকোৱে উল্লেখ কৰে যে বিয়লি ১ মান বজাত প্ৰকল্পৰ পানী মোকলাই দিয়া হ'ব । সেয়ে নদীখনৰ কাষলৈ যাবলৈ ৰাইজক বাৰণ কৰা হৈছে ।
এই বাৰ্তা প্ৰেৰণ কৰাৰ পাছত নীপকোৱে ২.০৩ মিনিটত প্ৰকল্পৰ এক নং গেটখন ৫০ মিলিমিটাৰ খুলি দিয়ে । যাৰবাবে সন্ধিয়াৰ পূৰ্বে ৰঙানদীৰ পানী কিছু বৃদ্ধি হোৱা পৰিলক্ষিত হয় । উল্লেখ্য যে যোৱা ৩০ মে'ৰ দিনাও নীপকোৱে এনেদৰে সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছিল ৷ উক্ত দিনা নিশা ১ মান বজাত এনেদৰেই এখন গেট ৫০ মিলিমিটাৰ খুলি দিছিল । তাৰ পাছৰ পৰিস্থিতি সকলোৱে দেখিলে ।

নীপকোৱে লাহে লাহে চাৰিখনকৈ গেট ৮ হেজাৰ মিলিমিটাৰ পৰ্যন্ত খুলি দিছিল । যাৰবাবে লখিমপুৰত ধন-জনৰ বিস্তৰ ক্ষতি হ'ল । মৃত্যুক সাৱটিলে এজনে । লেখ জোখ নোহোৱাকৈ ৰাষ্টা-ঘাট, ঘৰ-বাৰী পশুধন,পথ, মথাউৰি আদিৰ ক্ষতি হ'ল । বিভীষিকা সৃষ্টি হৈছিল সেই সময়ত ।
কেইবাজনো মন্ত্রী-বিধায়কৰ উপৰি স্বয়ং মুখ্যমন্ত্রীয়েও জিলাখনৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰে । সকলোৱে দুৰ্দশাগ্ৰস্ত ৰাইজক সহায় কৰাৰ লগতে সংকট নিৰাময়ৰ ব্যৱস্থা কৰে । নীপকোক কমকৈ পানী এৰিবলৈ মূখ্যমন্ত্রীয়ে নীপকোৰ বিষয়াবৰ্গক ধমক দি গ'ল । এইয়া এপষেকৰ পূৰ্বৰ ঘটনা প্ৰবাহ ।
সম্প্ৰতি পুনৰ তেনে ঘটনাৰ পুনৰাবৃত্তিৰ আশংকাই দেখা দিছে । প্ৰথমে ৫০ মিলিমিটাৰ খুলি নীপকোৱে ৮ হেজাৰ মিলিমিটাৰলৈ বঢাইছিল । এইবাৰো ৫০ মিলিমিটাৰেই খুলিছে । আগৰ দৰে ইয়াৰ পৰিমাণ নীপকোৱে বৃদ্ধি কৰিব বুলি ৰাইজ শংকিত হৈ পৰিছে ৷ যদি নীপকোৱে পূৰ্ববৎ চৰিত্ৰৰে বেছি পৰিমাণে পানী এৰি দিয়ে তেন্তে লখিমপুৰত এইবাৰ পৰিস্থিতি হ'ব অৱৰ্ণনীয় । কিয়নো এপষেকৰ পূৰ্বে পথ-মথাউৰি আদিৰ ক্ষতিগ্রস্ত ঠাইসমূহ সম্পূর্ণকৈ মেৰামতি হোৱাই নাই ।
আনহাতে মেৰামতি হ'লে সেই অংশসমুহ কোমল হৈয়েই আছে । তেনে ক্ষেত্রত পুনৰ দোকোলটঁকা বান আহিলে তেনে ঠাইবিলাক সহজেই খহি পৰিব । যাৰবাবে পৰিস্থিতি অতি শোচনীয় হৈ পৰিব । নীপকোৰ ওপৰতে এই সকলোবোৰ নিৰ্ভৰ কৰিছে । প্ৰকল্পৰ পৰা কমকৈ পানী মোকলাই দিয়াৰ বাবে ৰাইজৰ দাবীৰ লগতে খোদ মুখ্যমন্ত্রীগৰাকীয়েও সকীয়াই থৈ যোৱাৰ পাছত এতিয়া নীপকোৱে কেনে ভূমিকা লয় সেইয়া লক্ষ্যণীয় হ'ব ।