ETV Bharat / state

মোৰ মনত ভেদ ভাব নাই অ’ আল্লাহ... শুভ্ৰতাৰ পোচাকে বিলালে সম্প্ৰীতিৰ বাণী

হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন কলাক্ষেত্ৰৰ বাকৰিত ।

Nearly a thousand Hindu-Muslim artists perform jikir at Kalakshetra
কলাক্ষেত্ৰত প্ৰায় এহেজাৰ হিন্দু-মুছলমান শিল্পীয়ে পৰিৱেশন কৰে জিকিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 9, 2025 at 8:50 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত প্ৰায় এহেজাৰ হিন্দু-মুছলমান শিল্পীয়ে মিলি জিকিৰ-জাৰি পৰিৱেশন কৰি দেখুৱালে একতাৰ নিদৰ্শন । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে পৰিৱেশন কৰা ‘মোৰ মনত ভেদ ভাব নাই অ’ আল্লাহ’ শীৰ্ষক জিকিৰে বুধবাৰে কলাক্ষেত্ৰৰ বাকৰিত এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে । এককথাত জিকিৰৰ সুমধুৰ ধ্বনিৰে মুখৰিত হৈ পৰে কলাক্ষেত্ৰৰ বাকৰি ।

অসম গৰিয়া পৰিষদৰ উদ্যেগত আৰু গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত আয়োজন কৰা এই বিশেষ কাৰ্যসূচী সন্দৰ্ভত অসম গৰিয়া পৰিষদৰ সভাপতি আব্দুল হামিদে কয়, "আজান ফকীৰৰ জিকিৰসমূহ অসমীয়া সমাজৰ প্ৰাণস্বৰূপ । এই জিকিৰসমূহক জীয়াই ৰখাৰ প্ৰচেষ্টাৰ অংশস্বৰূপে পৰিষদৰ উদ্যোগত শিল্পীসকলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰিত জিকিৰ প্ৰৰ্দশন কৰিছে ।" লগতে বিহু, ঝুমুৰৰ পিছত জিকিৰৰ প্ৰচাৰ, প্ৰসাৰৰ বাবে ব্যৱস্থা ল'বলৈ ৰাজ্য চৰকাৰক দাবী জনাই অসম গৰিয়া পৰিষদৰ সভাপতিগৰাকীয়ে ।

কলাক্ষেত্ৰত প্ৰায় এহেজাৰ হিন্দু-মুছলমান শিল্পীয়ে পৰিৱেশন কৰে জিকিৰ (ETV Bharat Assam)

অনুষ্ঠানটো পৰিচালনা কৰা শিল্পী বুলবুল হুছেইনে কয়, "জিকিৰৰ আগতে এনেকুৱা অনুষ্ঠান দেখা নাছিলো । সুন্দৰ অনুষ্ঠান এটা অনুষ্ঠিত হৈছে । জিকিৰ জাৰি, আইনাম , বিয়ানাম আদি লোকসংগীতবোৰ লোপ পাব ধৰিছে । এইবোৰ আমি জীয়াই ৰাখিব লাগিব । নহ'লে নৱপ্ৰজন্মই নাজানিব । আজি যিটো অনুষ্ঠান অসম গৰিয়া পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে সঁচাকৈয়ে মানিবলগীয়া । আমি হিন্দু-মুছলমান সকলোৱে একত্ৰিত হৈ আছো । ভাতৃত্ববোধ বজাই আমি জিকিৰ পৰিৱেশন কৰিবলৈ পাইছো ।"

কণ্ঠশিল্পী নেকিব হুছেইনে কয়, "বিহুৰ আগমুহূৰ্তত খুব সুন্দৰ অনুষ্ঠান হৈছে । উদ্যোক্তাসকলে অতি কম সময়ৰ ভিতৰত সুন্দৰ এটা পদক্ষেপ লৈছে, এয়া প্ৰশংসনীয় ।"

লগতে পঢ়ক: পুৰুষৰ সমানে ছোৱালী হুঁচৰি দলো সাজু হৈছে বিহুৰ মঞ্চ কঁপাবলৈ - BOHAG BIHU 2025

বিহুনাচ দেখি ৰ'বই নোৱাৰিলে... কান্ধত ঢোল তুলি ল'লে মন্ত্ৰী অতুল বৰাই - BIHU WORKSHOP IN GOLAGHAT