অনিশ্চয়তাত উমৰাংছ’ত আবদ্ধ শ্ৰমিকৰ ভৱিষ্যৎ: উভতি গ’ল নৌ-সেনা
উমৰাংছ’ কয়লাখনিৰ উদ্ধাৰ অভিযানক লৈ অনিশ্চয়তা ৷ অভিযান বন্ধ ৰাখি উভতি গ’ল নৌ-সেনা ৷ লৈ যোৱা হয় নাগপুৰৰ পৰা লৈ অনা বিশেষ পাম্প মেচিন ৷

Published : January 15, 2025 at 12:23 PM IST
হাফলং: উমৰাংছ’ অসম কয়লাখনিত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰক অভিযানক লৈ পুনৰ অনিশ্চয়তাই দেখা দিছে ৷ কাৰণ সোমবাৰে কয়লাখনিৰ উদ্ধাৰ অভিযান মাজতে বন্ধ ৰাখি উভতি যায় নৌ-সেনাৰ দল । নৌ সেনাৰ দলটোৰ লগত ঘূৰাই লৈ যোৱা হয় নাগপুৰৰ পৰা অনা বিশেষ পাম্প মেচিনটো ।
অৱশ্যে উদ্ধাৰ অভিযান আধাতে বন্ধ কৰি নৌ-সেনাৰ দলটো উভতি যায় যদিও এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ কয়লাখনিটোৰ পৰা পানী নিষ্কাষণৰ বাবে পাম্প লগোৱা হৈছে যদিও পাম্প বন্ধ কৰিলেই পুনৰ খনিটোত পানী সোমাই আহে ৷ বৰ্তমানেও কয়লাখনিৰ ভিতৰতে 100 ফুট পানী জমা হৈ আছে । যাৰ বাবে তিনি কিলো কয়লাখনিত এতিয়া উদ্ধাৰ অভিযানক লৈ অনিশ্চয়তা বৃদ্ধি পাইছে ।
ইফালে নৌ-সেনাৰ দলটো উভতি যোৱাৰ পাছত খনিটোৰ ভিতৰত আবদ্ধ 5 জন শ্ৰমিকৰ জীৱনক লৈ শংকাত ভুগিছে তেওঁলোকৰ পৰিয়াল তথা আত্মীয় ৷ খনিটোত আবদ্ধ 9 জন শ্ৰমিকৰ 4 জনৰ মৃতদেহ ইতিমধ্যে উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিছে ৷ বিগত 9 দিনত খনিটোৰ ভিতৰত পানী বৃদ্ধি পাই থকাত পানী নিষ্কাশন প্ৰক্ৰিয়া কেতিয়া সম্পূৰ্ণ হ’ব সেয়া এতিয়াও অনিশ্চিত ৷
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উদ্ধৃতিৰে এ এন আইয়ে কয়, "আমি সন্দেহ কৰিছো যে কপিলী নদী আৰু খনিটোৰ মাজত সম্ভাৱ্য সংযোগ আছে, যিয়ে পানীৰ নিষ্কাশনত বাধাৰ সৃষ্টি কৰিব পাৰে । এটা বিস্তৃত প্ৰতিবেদন প্ৰস্তুত হ'বলৈ আৰু তিনিৰ পৰা চাৰিদিন লাগিব । তদন্তত সহায় কৰিবলৈ ভাৰতীয় ভূতাত্ত্বিক জৰীপ সংস্থা(জি এছ আই)ই মঙলবাৰৰ পৰা এই স্থানৰ অধ্যয়ন আৰম্ভ কৰি নদীখন আৰু খনিটোৰ মাজত গভীৰ মাটিৰ তলৰ সংযোগ আছে নে নাই সেইটো নিৰ্ণয় কৰিবলৈ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । এই সময়ছোৱাত আমি পানী নিষ্কাষণ প্ৰক্ৰিয়াটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰিম । 3-4 দিনৰ পাছত আমি ইয়াৰ ওপৰত এক মতামত ল’ব লাগিব ।"
ইফালে ৭ জানুৱাৰীৰ পৰা উদ্ধাৰ অভিযানত জড়িত হোৱা নৌ-সেনাৰ ডিপ ডাইভাৰৰ এটা দলক মঙলবাৰে উক্ত স্থানৰ পৰা ঘূৰাই পঠোৱা হয় ৷
(সংবাদ সংস্থাৰ ANI ইনপুটৰ সহযোগত)
লগতে পঢ়ক: উমৰাংছ'ৰ কয়লা খনিত বাজিছে মৃত্যুঘন্টা; বৰ্তমানেও আবদ্ধ ৫ শ্ৰমিক

