ETV Bharat / state

নৌচাদ আখতাৰ হাজৰিকাক ক্রান্তিকাল সন্মান-২০২৪ প্ৰদান - KRANTIKAL SANMAN 2024

ক্ৰান্তিকাল সন্মান প্ৰদান অনুষ্ঠানত পাঁচগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন ।

Krantikal Sanman 2024
নৌচাদ আখতাৰ হাজৰিকাক ক্রান্তিকাল সন্মান-২০২৪ প্ৰদান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 21, 2025 at 1:25 PM IST

3 Min Read

নগাঁও: নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী 'কল্লোল'ৰ সৈতে প্ৰতিষ্ঠা কালৰ পৰা জড়িত সমাজসেৱক নৌচাদ আখতাৰ হাজৰিকাক প্ৰদান কৰা হয় 'ক্ৰান্তিকাল সন্মান-২০২৪'। নগাঁৱৰ শিৱকান্ত-ক্রান্তিকাল ন্যাসৰ উদ্যোগত দেওবাৰে বিয়লি নগাঁও সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সমাজকর্মী নৌচাদ আখতাৰ হাজৰিকাক এই সন্মান প্ৰদান কৰা হয় ।

সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত নৌচাদ আখতাৰ হাজৰিকাক গামোচা, চেলেং, পিতলৰ জাপি, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা আৰু ২৫ হাজাৰ টকা নগদ ধন প্ৰদান কৰা হয় । সন্মান গ্ৰহণ কৰি হাজৰিকাই শিৱকান্ত-ক্রান্তিকাল ন্যাসৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি এই সন্মানে তেওঁৰ জীৱনক নতুন উদ্যমেৰে পূৰ্ণ কৰিছে বুলি উল্লেখ কৰে । তেওঁ কয়, "এই সন্মান পোৱাৰ যোগ্য় মই হয় নে নহয় সেয়া ভাবি পোৱা নাই । মই মোৰ মনেৰে সমাজখনৰ যিখিনি কাম কৰিব পাৰো, জাতিটোৰ বাবে যিখিনি কৰিব পাৰো এই সৰু এটা প্ৰচেষ্টাৰ মাজেৰে কৰি গৈছো ।"

নৌচাদ আখতাৰ হাজৰিকাক ক্রান্তিকাল সন্মান-২০২৪ প্ৰদান (ETV Bharat Assam)

সাহিত্য-সংস্কৃতিৰ ঐতিহ্যৰ স্মৰণ:

এই অনুষ্ঠানটোত বিশিষ্ট সাংবাদিক তথা গল্পকাৰ মনোজ কুমাৰ গোস্বামীয়ে নগাঁৱৰ এসময়ৰ বিখ্যাত আড্ডা সংস্কৃতিৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয়, "আড্ডা হৈছে সমাজৰ চালিকাশক্তি; কিন্তু বৰ্তমান নগাঁৱত পূৰ্বৰ সেই পৰিবেশ হ্ৰাস পাইছে ।" তেওঁ কলং নৈৰ পাৰত সৃষ্টিশীলতাৰ নতুন সম্ভাৱনাৰ আশাও ব্যক্ত কৰে ।

জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা:

ক্ৰান্তিকাল সন্মান-২০২৪ প্ৰদানৰ উদ্দেশ্যে দেওবাৰে বিয়লি নগাঁৱৰ সাংস্কৃতিক প্ৰকল্পত আয়োজিত অনুষ্ঠানত ক্রান্তিকাল প্ৰকাশনৰ তৰফৰ পৰা পাঁচগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সাংবাদিক কনক হাজৰিকা, জিতেন বৰকটকী, শৈলেন শইকীয়া, পলাশ প্ৰতিম হাজৰিকা আৰু হেমেন কুমাৰ দাসক সম্বৰ্ধনা জ্ঞাপন কৰে ক্ৰান্তিকাল প্ৰকাশনে । অনুষ্ঠানটোত জ্যেষ্ঠ সাংবাদিক মানস কুমাৰ মহন্তই অংশগ্ৰহণ কৰি নৌচাদ আখতাৰ হাজৰিকাৰ সামাজিক অৱদানৰ বিষয়ে আলোকপাত কৰে ।

Krantikal Sanman 2024
নৌচাদ আখতাৰ হাজৰিকাক ক্রান্তিকাল সন্মান-২০২৪ প্ৰদান (ETV Bharat Assam)

‘সুৰীয়া নগাঁও’ উন্মোচন:

সাংবাদিক গুৰমাইল সিঙৰ সভাপতিত্বত আয়োজিত সভাত লেখক ৰেকিবুদ্দিন আহমদ হাজৰিকাৰ ‘সুৰীয়া নগাঁও’ শীৰ্ষক গ্ৰন্থৰ উন্মোচন কৰে বিশিষ্ট কণ্ঠশিল্পী মনিষা হাজৰিকাই । অবিভক্ত নগাঁও জিলাৰ সংগীত শিল্পীসকলৰ জীৱনবৃত্ত সমৃদ্ধ এই গ্ৰন্থৰ প্ৰশংসা কৰি মনিষা হাজৰিকাই ক্রান্তিকাল প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থ নতুন প্ৰজন্মৰ বাবে এক দলিলস্বৰূপ হ’ব বুলি মন্তব্য কৰে । ক্রান্তিকাল প্ৰকাশনৰ স্বত্বাধিকাৰী কৈলাস ৰাজখোৱাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানটোত আলিবাট প্ৰকাশনৰ স্বত্ত্বাধিকাৰী তথা লেখক প্ৰাঞ্জল কুমাৰ মহন্তকে প্ৰমুখ্য কৰি ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ উপৰি নগাঁৱৰ বহুকেইগৰাকী জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:তৰালী শৰ্মাক ২০২৫ বৰ্ষৰ ‘বৰপেটা বঁটা’ প্ৰদান - TARALI SARMA 2025 BARPETA AWARD

দৰিদ্ৰ জনজাতীয় শিক্ষাৰ্থীক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি অহা অচ্যুত সামন্তক গুৰুদেৱ কালিচৰণ ব্ৰহ্ম বঁটা প্ৰদান - GURUDEV KALICHARAN BRAHMA AWARD

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.