ETV Bharat / state

দুই দশকৰ টকলা পাহাৰে ৮ বছৰত পিন্ধিলে সেউজীয়া চোলা: হাতী বন্ধুৰ নীৰৱ সেউজ বিপ্লৱ - WORLD ENVIRONMENT DAY 2025

ক’ত আছে এই পাহাৰখন আৰু কেনেদৰে সম্পূৰ্ণ সেউজীয়া হৈ পৰিল ? জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

Hati Bondhu
দুই দশকৰ টকলা পাহাৰে ৮ বছৰত পিন্ধিলে সেউজীয়া চোলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2025 at 4:46 PM IST

6 Min Read

নগাঁও : মন কৰিলেই চন, বাকৰি মাটিতে ধন । হয়, এই সত্য প্ৰমাণিত হ’ল এখন পাহাৰৰ ক্ষেত্ৰতো । একাংশ অসাধু লোকৰ কৱলত পৰি ২০ বছৰে সম্পূৰ্ণ টকলা হৈ পৰিছিল নগাঁও-কাৰ্বি আংলং সীমান্তৰ এখন পাহাৰ । কিন্তু নগাঁৱৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা তথা প্ৰকৃতিপ্ৰেমী সন্থা হাতী বন্ধুৰ তৎপৰতাত সম্পূৰ্ণ টকলা হৈ পৰা পাহাৰখন এতিয়া হৈ পৰিছে সম্পূৰ্ণ সেউজীয়া ।

ক'ব বিচাৰিছোঁ নগাঁও আৰু কাৰ্বি আংলং সীমান্তত অৱস্থিত হাতীখুলি ৰংহাং পাহাৰৰ কথা । যিখন পাহাৰ এসময়ত সম্পূৰ্ণৰূপে গছশূন্য আৰু টকলা হৈ পৰিছিল, আজি পুনৰ সেউজীয়া আৱৰণেৰে জিলিকি উঠাই নহয়, এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি উঠিছে পাহাৰখনত । মাত্ৰ আঠ বছৰৰ অক্লান্ত প্ৰচেষ্টাৰ জৰিয়তে 'হাতী বন্ধু' নামৰ এটা প্ৰকৃতিপ্ৰেমী সন্থাই এই পাহাৰখনক পুনৰ যেন কৰি তুলিছে জীৱন্ত ।

দুই দশকৰ টকলা পাহাৰে ৮ বছৰত পিন্ধিলে সেউজীয়া চোলা (ETV Bharat Assam)

৮০০ বিঘা ভূমি সামৰি বিস্তৃত এই পাহাৰত ১৫,০০০ৰো অধিক গছপুলি ৰোপণ কৰি এক সমৃদ্ধ সেউজীয়া পৰিৱেশ গঢ়ি তোলাৰ কথা জানিবলৈ দিছে হাতী বন্ধুৰ ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰাই । যিটো কেৱল প্ৰকৃতিৰ সৌন্দৰ্যয়ে নহয়, হাতীৰ বাসস্থানৰ বাবেও এতিয়া সম্পূৰ্ণ উপযোগী হৈ পৰিছে ।

দুই দশকৰ ধ্বংসৰ পৰা পুনৰুজ্জীৱিত পাহাৰ

প্ৰায় ২০ বছৰৰো অধিক সময় ধৰি হাতীখুলি ৰংহাং পাহাৰখন বনাঞ্চল ধ্বংসৰ ফলত প্ৰাকৃতিক সম্পদৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল । গছ-গছনিৰ অভাৱত এই অঞ্চলৰ জৈৱ-বৈচিত্ৰ্যৰ ওপৰতো প্ৰভাৱ পৰিছিল আৰু হাতীৰ দৰে বন্যপ্ৰাণীৰ বাবে উপযুক্ত বাসস্থানৰ অভাৱে হাতী-মানুহ সংঘাতৰ সমস্যাকো তীব্ৰতৰ কৰিছিল ।

Hati Bondhu
এসময়ৰ টকলা পাহাৰখন (ETV Bharat Assam)

কিন্তু হাতী বন্ধুৰ স্বেচ্ছাসেৱীসকলৰ নিৰন্তৰ প্ৰচেষ্টাই এই পৰিস্থিতিৰ আমূল পৰিৱৰ্তন ঘটাবলৈ সক্ষম হৈছে ।

গছপুলি ৰোপণৰ মাধ্যমেৰে পৰিৱেশ পুনৰুদ্ধাৰ

হাতী বন্ধুৱে ২০১৮ চনৰ পৰা এই পাহাৰখনত গছপুলি ৰোপণেৰে পাহাৰখন সেউজীয়া কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছিল । কঁঠাল, নেপিয়াৰ ঘাঁহ, বিভিন্ন প্ৰজাতিৰ বাঁহ আৰু অন্যান্য স্থানীয় প্ৰজাতিৰ গছ ৰোপণৰ জৰিয়তে পাহাৰখনক পুনৰ সেউজীয়া কৰি তোলাত সফলতা লাভ কৰিছে হাতী বন্ধুৱে ।

Hati Bondhu
এসময়ৰ টকলা হাতীখুলি ৰংহাং পাহাৰ এতিয়া সম্পূৰ্ণ সেউজীয়া (ETV Bharat Assam)

এই গছবোৰৰ মাজত হাতীৰ খাদ্যৰ উৎস হিচাপে কাম কৰা গছৰ প্ৰজাতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া বুলিও ইটিভি ভাৰতক জানিবলৈ দিয়ে বিনোদ দুলু বৰাই । বন্যহস্তীৰ জাকৰ বাবে পৰ্যাপ্ত খাদ্যৰ যোগান নিশ্চিত কৰাৰ লগতে পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে দুলু বৰাই ।

বৃহৎ পাহাৰীয়া এলেকাত গছ ৰোপণ কৰাৰ ফলত এই অঞ্চলত হাতীৰ বাসস্থান উন্নত হোৱাৰ সমান্তৰালকৈ হাতী-মানুহৰ সংঘাতৰ ঘটনাও হ্ৰাস পোৱা বুলি দাবী কৰে হাতী বন্ধুৰ ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰাই ।

Hati Bondhu
সেউজীয়াৰে আৱৰি ধৰিছে হাতীখুলি ৰংহাং পাহাৰ (ETV Bharat Assam)

হাতীৰ বাবে উপযুক্ত বাসস্থান

হাতীখুলি ৰংহাং পাহাৰ পুনৰুজ্জীৱিত হোৱাত হাতীৰ বাবে এক নিৰাপদ আৰু উপযুক্ত বাসস্থান হৈ পৰিছে । হাতীৰ প্ৰাকৃতিক পৰিৱেশৰ সুৰক্ষাৰ লগতে খাদ্যৰ উৎসৰ উপলব্ধতাই এই অঞ্চলত হাতীৰ বিচৰণ বৃদ্ধি কৰিছে ।

স্থানীয় ৰাইজ উৎফুল্লিত

হাতী বন্ধুৰ ব্যতিক্ৰমী পদক্ষেপৰ বাবে এখন পাহাৰে নিজৰ পূৰ্বৰ সেউজীয়া মৰ্যাদা ঘূৰাই পোৱাত স্থানীয় ৰাইজৰ সহযোগিতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । হাতী বন্ধুৱে স্থানীয় গাঁৱৰ ৰাইজৰ সৈতে হাতে হাত ধৰি কাম কৰি গছ ৰোপণৰ কাৰ্যসূচীৰ লগতে পৰিৱেশ সচেতনতাৰ বিষয়েও সজাগতা সৃষ্টি কৰি আহিছে ।

Hati Bondhu
টকলা পাহাৰ সেউজীয়া কৰাত ব্যস্ত হাতী বন্ধুৰ সদস্যসকল (ETV Bharat Assam)

স্থানীয় বাসিন্দাৰ মাজত এই পাহাৰখন পুনৰুজ্জীৱিত হোৱাত এক উৎফুল্লিত পৰিৱেশৰ সৃষ্টি হৈছে । এই সন্দৰ্ভত সৰস্বতী তেৰাংপী নামৰ এগৰাকী স্থানীয় বাসিন্দাই কয়, “আগতে এই পাহাৰখন দেখিলে মনত দুখ লাগিছিল । কিন্তু এতিয়া সেউজীয়া পাহাৰখন দেখি আমাৰ গৌৰৱ অনুভৱ হয় । হাতীৰ বাবেও ই নিৰাপদ হৈছে ।”

ৰাজীৱ তিমুং নামৰ অঞ্চলটোৰ আন এগৰাকী লোকে এই সন্দৰ্ভত কয়, “হাতীখুলি ৰংহাং পাহাৰখন সম্পূৰ্ণ গছশূন্য আৰু টকলা হৈ পৰাত আমাৰ অঞ্চলত প্ৰায়েই হাতী-মানুহৰ সংঘাত হৈছিল । কিন্তু পাহাৰখন গছ-গছনিৰে পৰিপূৰ্ণ হৈ পৰাত এতিয়া হাতী-মানুহৰ সংঘাত প্ৰায় নোহোৱা হৈ পৰিছে । কেৱল এয়াই নহয়, এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশ গঢ়ি উঠিছে বৃহত্তৰ অঞ্চলটোত ।”

পৰিৱেশ সংৰক্ষণৰ এক অনন্য নিদৰ্শন

বিশিষ্ট সমাজসেৱক তথা হাতী বন্ধুৰ সঞ্চালক প্ৰদীপ কুমাৰ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰাৰ তৎপৰতাত তথা ৰাইজৰ সহযোগত গ্ৰহণ কৰা এই পদক্ষেপ পৰিৱেশ সংৰক্ষণৰো এক অনন্য নিদৰ্শন হৈ পৰিছে ।

প্ৰাকৃতিক সম্পদৰ পুনৰুদ্ধাৰৰ লগতে জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষা আৰু হাতী-মানুহৰ সহৱস্থানৰ ক্ষেত্ৰত এই পদক্ষেপে এক নতুন পথ প্ৰদৰ্শন কৰিছে বুলি দাবী কৰি ক্ষেত্ৰ সঞ্চালক বিনোদ দুলু বৰাই কয়, “আমাৰ লক্ষ্য কেৱল গছ ৰোপণ কৰাই নহয়, প্ৰকৃতি আৰু প্ৰাণীৰ মাজত এক সুস্থিৰ ভাৰসাম্য ৰক্ষা কৰা । হাতীখুলি ৰংহাং পাহাৰৰ সফলতাই আমাক আৰু অধিক অঞ্চলত এনে কাম কৰিবলৈ উৎসাহিত কৰিছে । লগতে কেৱল বিশ্ব পৰিৱেশ দিৱসত গছপুলি ৰোপণ নকৰি প্ৰতিদিনেই গছপুলি ৰোপণ কৰিব লাগে । যি গছে আমাক জীয়াই থাকিবলৈ অক্সিজেন প্ৰদান কৰি আহিছে । হাতীক মৰম কৰিলে বনাঞ্চল গঢ়ি তুলিব লাগিব । হাতীয়েও গ্ৰহণ কৰা খাদ্যৰ বীজ সিঁচি প্ৰাকৃতিকভাৱে পৰিৱেশ গঢ়ি তোলে । হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও 'মন কী বাত'ত প্ৰশংসা কৰাত আমি যথেষ্ট প্ৰেৰণা লাভ কৰিছোঁ ।”

হাতীখুলি ৰংহাং পাহাৰক পুনৰুজ্জীৱিত কৰা এই কাৰ্যই প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে হাতী বন্ধুৱে । এই সেউজীয়া পাহাৰখন এতিয়া কেৱল হাতীৰ বাবেই নহয়, সমগ্ৰ জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষাৰ এক প্ৰতীক হৈ পৰিছে ।

লগতে পঢ়ক :বিশ্ব পৰিবেশ দিৱস 2025: এই সাধাৰণ পদ্ধতিবোৰ অনুসৰণৰ জৰিয়তেও আপুনি অৰিহণা যোগাব পাৰে সুস্থ পৰিৱেশ গঠনত - ACTIONS FOR A HEALTHY PLANET
লগতে পঢ়ক :চাইকেল চালনাৰে জীৱন সজীৱ কৰা আৰু সেউজী ধৰণীৰ প্ৰেমত পৰা এদল লোক - FUN RIDERS PLANTATION DRIVE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.