ETV Bharat / state

টংকেশ্বৰ দলৈৰ বাৰীত কপৌফুলে দিছে ব'হাগৰ জাননী - STATE FLOWER OF ASSAM

বিগত ৩০ বছৰে অৰ্কিড সংৰক্ষণত ব্য়স্ত এগৰাকী প্ৰকৃতিপ্ৰেমী । চৰকাৰৰ পৰা কোনো সহায় নোলোৱাকৈয়ে সংৰক্ষণ কৰিছে অৰ্কিড ।

State flower of Assam preservation
অৰ্কিড সংৰক্ষক টংকেশ্বৰ দলৈ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 8, 2025 at 2:49 PM IST

3 Min Read

ধেমাজি : বসন্তৰ আগমনৰ লগে লগে লঠঙা গছে কুঁহিপাতেৰে ন-সাজ পিন্ধে । এই ন-সাজে ব’হাগ অহাৰ বাতৰি দিয়ে । গছত ফুলে কপৌফুল ৷ ৰঙালী বিহু মানেই কপৌফুলেৰে জাতিষ্কাৰ ধৰিত্ৰী । ব'হাগৰ নাচনীৰ ঘিলাখোপা শুৱনি কৰে কপৌ পাহিয়ে ৷ পিছে আজিকালি প্ৰকৃতিৰ অনবদ্য অৱদান কপৌফুল বিচাৰি পাবলৈ নোহোৱা হৈছে ৷ অৱশ্য়ে ইয়াৰ মাজতে বহুতো প্ৰত্য়াহ্বান নেওচি একাংশ লোকে নিজৰ নিজৰ বাৰীত কপৌ ফুল সংৰক্ষণ কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে ।

অস্তিত্বৰ সংকটত পৰাৰ সময়তে ধেমাজিৰ নগৰৰ নলনিপাম গাঁৱৰ অৰ্কিড সংৰক্ষক টংকেশ্বৰ দলৈৰ বাৰীত নানা ৰঙী কপৌফুল ফুলিছে ৷ শাৰী শাৰী তামোল গছত জকমকাই ফুলিছে বিভিন্ন প্ৰজাতিৰ অৰ্কিড ৷ স্থানীয় শিয়ালনেজীয়া (Foxtail, Rhynchostylis Retusa), কপৌপাহিৰ লগতে Dendobrium Chrysanthemum, Dendrobium Nobile, Dendrobium a Phyllum আদি বিভিন্ন প্ৰজাতিৰ হালধীয়া,বেঙুনীয়া কপৌফুল ফুলিছে ৷ ই কেৱল এপাহ কপৌফুলেই নহয়, ই অসমীয়া সংস্কৃতি আৰু যৌৱনৰ প্ৰতীক । তদুপৰি টংকেশ্বৰ দলৈৰ বাৰীত আছে গৰু বিহুৰ ববে প্ৰয়োজনীয় মাখিয়তী, টিকনি বৰুৱা জাতীয় ঔষধি গুণসম্পন্ন গছ ৷

অৰ্কিড সংৰক্ষক টংকেশ্বৰ দলৈ (ETV Bharat Assam)

প্ৰাক্ ৰঙালীতে কপৌফুল বিক্ৰী কৰি দুহাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিছে ৷ ৰঙালী বিহুৰ বতৰত দুপৰনিশা কপৌফুল বিচাৰি আহি নাচনীয়ে আমনি কৰে টংকেশ্বৰ দলৈক ৷ তেওঁৰ বাৰীৰ পৰা গুৱাহাটীলৈকে যায় কপৌফুল ৷ বৰ্তমান নিজৰ ঘৰৰ বাৰীখনৰ তামোল গছত কপৌফুলক প্ৰাকৃতিকভাৱে ভেলামেনৰ সহায় জীয়াই ৰাখিবলৈ যত্ন লোৱাৰ লগতে নাৰ্চাৰীত দুশটা পাহাৰীয়া ঢেঁকীয়া গছৰ মূড়াত বিশেষ পদ্ধতিৰে কপৌফুল সংৰক্ষণ কৰিছে ।

State flower of Assam preservation
অৰ্কিড সংৰক্ষক টংকেশ্বৰ দলৈ (ETV Bharat Assam)

বিশেষ পদ্ধতিৰে কৰিছে নাৰ্চাৰী :

এই প্ৰসংগত টংকেশ্বৰ দলৈয়ে কয়,“ মই ২৫-৩০ বছৰে অৰ্কিডৰ লগত লাগি আছো ৷ বিভিন্ন জাতৰ অৰ্কিড ফুলিছে ৷ প্ৰায় ৮০ শতাংশ ফুল ফুলিছে ৷ প্ৰায় ডেৰশ বিধমান প্ৰজাতি আছে ৷ মই বাৰীত তামোল গছত বান্ধি ৰাখিছো । বাৰীত বিভিন্ন ফুল আছে । এতিয়ালৈকে ২০০০ কপৌফুল বিক্ৰী কৰিছো ৷ ইয়াৰ পৰা গুৱাহাটীলৈকে গৈছে ৷ নাৰ্চাৰী কৰা তিনি বছৰ হৈছে ৷ প্ৰায় দুশটা ঢেঁকীয়াৰ মূড়াত লগাইছো ৷ মুঠতে মোৰ ওচৰত ডেৰশমান প্ৰজাতি আছে ৷ মোৰ এতিয়ালৈকে বিভাগৰ ফালৰ পৰা সহায় সহযোগ কৰা নাই । নিজৰ বলতে কৰিছো ৷ "

কিয় সংৰক্ষণ কৰা কথা মনলৈ আহিল ?

কিয় সংৰক্ষণ কৰা কথা মনলৈ আহিল বুলি প্ৰশ্ন কৰোতে তেওঁ পুনৰ কয়, "কপৌফুল জাতীয় সম্পাদ ৷ ই ক্ৰমশঃ নাইকিয়া হৈ যাবলৈ ধৰিছে । চিৰিয়াখানাত কপৌফুল সংৰক্ষণ কৰা দেখি ইয়াক সংৰক্ষণৰ ব্যৱস্থা কৰা চিন্তা মনলৈ আহিল ৷" এই সম্পৰ্কত তেওঁ পুনৰ কয় “মানুহে ঘৰ বনাবলৈ গছ-গছনি কাটি দি অৰ্কিড পেলাই দিছে ৷ মই সেইবোৰকে সংগ্ৰহ কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছো ।"

অৰ্কিডৰ চাহিদা :

শেহতীয়াকৈ ব্যাপক চাহিদা বাঢ়িছে অৰ্কিডৰ । এইক্ষেত্ৰত তেওঁ কয়,“ সদ্যহতে অৰ্কিডৰ চাহিদা বহুত আহিছে ৷ ইয়াৰ প্ৰতি মানুহৰ আকৰ্ষণ বাঢ়িছে । সেয়ে ইয়াৰ চাহিদা বৃদ্ধি পাইছে ৷ বিহুৰ সময়ত খুবেই ভাল লাগে । এবছৰৰ মূৰত বাৰীখন জকমকাই থাকে ৷ ইয়ে আমাক বিহুৰ জাননী দায়ে । ইপিনে, বিহুৰ সন্মিলন হ’লে নিশা ১১টা বজাতো নাচনীয়ে আমনি দিয়ে ৷“

লগতে পঢ়ক: গ্ৰাম্য সমাজ জীৱনে আজিও ধৰি ৰাখিছে জেতুকা বোলোৱাৰ পৰম্পৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.