ৰাষ্ট্ৰ বিকাশৰ মূল আধাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা: অতুল বৰা
যোৰহাটস্থিত নেইষ্টত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । মেট্ৰিকৰ প্ৰশ্নকাকতৰ পৃষ্ঠা আৰু বাঢ়িব ৷ জনাই দিলে শিক্ষা মন্ত্ৰীয়ে ।

Published : February 28, 2025 at 6:47 PM IST
যোৰহাট: আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । যোৰহাটস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান চমুকৈ নেইষ্টত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগু, কৃষি মন্ত্ৰী অতুল বৰা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই । ভাষণ প্ৰসংগত তেওঁলোকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গুৰুত্ব আৰু ভৱিষ্যত সম্পকে আলোকপাত কৰে।
ৰাষ্ট্ৰ বিকাশৰ মূল আধাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা:
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত অংশগ্ৰহণ কৰি মন্ত্ৰী অতুল বৰাই কয়, "এখন ৰাষ্ট্ৰৰ বিকাশৰ মূল আধাৰ হৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা । আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত অধিক গুৰুত্ব প্ৰদান কৰি দেশ আৰু ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব । কাৰণ এখন দেশ তথা ৰাজ্যৰ বিকাশৰ মূল গতিয়ে হৈছে বিজ্ঞান । অসমক পাঁচখন বিকশিত ৰাজ্যৰ মাজত ৰাখিবলৈ হলে বিজ্ঞান অপৰিহাৰ্য ।"
লগতে মন্ত্ৰী বৰাই কয়, "এডভান্টেছ আছাম ২.০ ত বহু বিনিয়োগকাৰীৰ সমাগম ঘটিছিল আৰু বিনিয়োগকাৰীয়ে অসমত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে । অসমৰ বহু শিক্ষিত যুৱক-যুৱতীয়ে উদ্যোগ ক্ষেত্ৰখনত জড়িত হ'বলৈ ওলাই আহিছে । এয়া আমাৰ কাৰণে ভাল খবৰ তথা শুভ লক্ষণ ।"
আনহাতে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, "বাজেটত গৱেষণাৰ বাবে ২০ হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে গৱেষণা বাবে ফেল'শ্বিপৰ পৰিমাণ বৃদ্ধি কৰিছে ।''
অনাগত দিনত প্ৰশ্নকাকতৰ পৃষ্ঠা আৰু মাধ্যমৰ সংখ্যা বৃদ্ধি হ'ব:
আনহাতে মেট্ৰিকৰ প্ৰশ্নকাকতৰ পৃষ্ঠা ডাঙৰ হোৱা সন্দৰ্ভত শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয়, "আহি থকা দিনবোৰত প্ৰশ্নকাকত আৰু ডাঙৰ হ'ব । এইবাৰ এখন প্ৰশ্নকাকতত ৫ টা মাধ্যম আছে আৰু আহি থকা দিনবোৰত মাধ্যমৰ সংখ্যা আৰু প্ৰশ্নৰ পৃষ্ঠা বৃদ্ধি হ'ব । কাৰণ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৪ লাখ ২৯ হাজাৰ শিক্ষাৰ্থী অৱৰ্তীণ হৈছে আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত তিনিলাখ পৰীক্ষাৰ্থী অৱৰ্তীণ হৈছে । সেয়েহে ইমান পৰীক্ষাৰ্থী থকা পৰীক্ষাত পৃথকে পৃথকে প্ৰশ্নকাকত প্ৰস্তুত কৰাটো সম্ভৱ নহয় । ৬৫ পৃষ্ঠা থকা প্ৰশ্নকাকতৰ পৰীক্ষা আৰম্ভ হোৱা ১৫ মিনিটৰ আগতে তেওঁলোকক পঢ়িবৰ বাবে দিয়া হৈছে ।"

