ETV Bharat / state

তেজপুৰ পল’ ফিল্ডত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ পয়োভৰ

আৰম্ভ হল ব্ৰহ্মপুত্ৰ ভলীবলৰ চূড়ান্ত লীগ । আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰে ভৰি পৰিল পল' ফিল্ড ।

National-international volleyball players in the final league of Brahmaputra volleyball
তেজপুৰ পল’গ্ৰাউণ্ডত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ পয়োভৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 23, 2025 at 10:29 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ: এখন গাঁৱৰ সকলো উপাদানেৰে ভৰপূৰ এক পৰিৱেশ গঢ়ি তোলা হৈছে তেজপুৰ পল’গ্ৰাউণ্ড । এই পৰিৱেশ দেখা পাই মোহাচ্ছন্ন হৈ পৰিছে বহু ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ । কিয়নো বৃহস্পতিবাৰৰ পৰা তেজপুৰৰ পল' ফিল্ডত আৰম্ভ হৈছে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ চুড়ান্ত পৰ্যায়ৰ খেল । উক্ত ভলীবল লীগত উপস্থিত থাকে নেদাৰলেণ্ডৰ ডাচ্চ ভলীবল ফেডাৰেচনৰ এজন আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ পিটাৰ ভান ৰাৰেলি আৰু তিনিবাৰকৈ অলিম্পিকত পদক বিজেতা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ভ্লাডিমিৰ গাৰ্বীকৰ লগতে ফেডাৰেচন অৱ ইন্টাৰনেছনেল ভলীবল কমিচনৰ সদস্যসকল ।

বৃহস্পতিবাৰে পুৱা বিভিন্ন জিলাৰ খেলুৱৈৰ লগতে প্ৰশিক্ষকসকলৰ উপস্থিতিত এই লীগৰ তিনিখনকৈ পতাকা উত্তোলন কৰা হয় । এই ভলীবল লীগত উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ পিটাৰ ভান ৰাৰেলিয়ে কয়,"সকলোলোকে একত্ৰিত কৰি এই ভলীবলৰ আয়োজন কৰিছে । এই বিষয়ে মই জানিবলৈ পাই এই খেল চাবলৈ আহিছোঁ । সৰু সৰু লৰা-ছোৱালী গাঁৱৰ পৰা ওলাই আহি এই খেল প্ৰদৰ্শন কৰিছে । সকলোতকৈ ডাঙৰ কথা হৈছে খেল সকলোৰে বাবে অতি গুৰুত্বপূৰ্ণ ৷ এই খেলৰ জৰিয়তে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হ'ব পাৰি ।"

তেজপুৰ পল’গ্ৰাউণ্ডত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ পয়োভৰ (ETV Bharat Assam)

ব্ৰহ্মপুত্ৰ ভলীবল লীগ কেৱল এক ক্ৰীড়া প্ৰতিযোগীতা নহয়, এয়া অসমৰ গ্ৰাম্য কৃষ্টি-সংস্কৃতি । কণ কণ শিশুসকলৰ মানসিক আৰু স্বাস্থ্য উৎকৰ্ষৰ গ্ৰাম্য পৰ্যায়ত এক বিশেষ ক্ষেত্ৰ লাভ কৰিছে এই ব্ৰহ্মপুত্ৰ ভলীবল লীগে । ভলীবলক অলিম্পিক পৰ্যায়লৈ নিয়াৰ প্ৰচেষ্টা সম্পৰ্কত অলিম্পিকত পদক বিজেতা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ভ্লাডিমিৰ গাৰ্বীকে কয় যে তেওঁ এজন গাওঁ অঞ্চলৰ পৰা যাত্ৰা আৰম্ভ কৰা খেলুৱৈ । অলিম্পিকত যোগ্যতা অৰ্জনৰ বাবে তেও ২৫ টাকৈ বছৰ যুঁজিছে ।

National-international volleyball players in the final league of Brahmaputra volleyball
আয়ুক্ত অংকুৰ ভৰালীয়ে উদ্বোধন কৰে এই লীগৰ (ETV Bharat Assam)

গতিকে আজিৰ এইসকল শিশু-কিশোৰ-কিশোৰীক সেই পৰ্যায়লৈ নিয়াৰ বাবে যুঁজ অব্যাহত ৰাখিব লাগিব আৰু তাৰ বাবে এইধৰণৰ লীগৰ প্ৰয়োজন আছে । তেজপুৰত প্ৰথমবাৰ উপস্থিত হৈ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ যি মূল লক্ষ্য আৰু ইয়াক ৰাইজৰ সহযোগিতাত সফল কৰাৰ বাবে যি চেষ্টা তাৰো শলাগ লয় অলিম্পিয়ানগৰাকীয়ে । ইয়াৰ পিছতে তেওঁ ৰাজ্যৰ ভলীবল দলসমূহৰ প্ৰশিক্ষকসকলৰ সৈতে এক দীঘলীয়া বাৰ্তালাপত মিলিত হয় ।

National-international volleyball players in the final league of Brahmaputra volleyball
আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ পিটাৰ ভান ৰাৰেলি (ETV Bharat Assam)

আজিৰে পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত এই লীগত মুঠ ৩৫ টা দল, ৪০০ লোকৰ অংশগ্ৰহণৰে ৭২ খন খেল অনুষ্ঠিত হ'ব ১২ বছৰ অনুৰ্ধৰ ল'ৰা ছোৱালী আৰু ১৬ বছৰ অনুৰ্ধৰ গাঁৱৰ ল'ৰা-ছোৱালীয়ে এই খেলত অংশগ্ৰহণ কৰিব । লগতে ১৭০ খন গাঁৱৰ ভলীবলৰ প্ৰশিক্ষিক উপস্থিত থাকিব । বিয়লি ৩ বজাত পল' ফিল্ডৰ চাৰিখনকৈ কৰ্টত একে সময়তে এই লীগ আৰম্ভ হয় । জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰ, ব্ৰহ্মপুত্ৰ ভলীবলৰ সম্পাদক উপস্থিত থাকি এই লীগৰ খেলসমূহ আৰম্ভ কৰে ।

লগতে পঢ়ক: আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ খেলুৱৈ - INTERNATIONAL SPORTS COMPETITION

ব্ৰহ্মপুত্ৰত ৯১৬ কিলোমিটাৰ দুঃসাহসিক নৌকা যাত্ৰা - NIMAS HISTORIC BRAHMAPUTRA RAFTING