হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন - National Handloom Day
Directorate of Handloom and Textiles : অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাকক্ষত বুধবাৰে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন ৷ অনুষ্ঠানত উপস্থিত থাকে পদ্মশ্ৰী হেমপ্ৰভা চুতীয়া ৷ তাঁতশালখনক অৱহেলা কৰা হৈছে বুলি মন্তব্য বয়নশিল্পীগৰাকীৰ ৷

Published : August 7, 2024 at 4:52 PM IST
গুৱাহাটী, ৭ আগষ্ট: অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত বুধবাৰে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সভাকক্ষত দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হয় ৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম, ভূমি সংৰক্ষণ আৰু বড়োলেও কল্যাণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম মুখ্য অতিথি হিচাপে, জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা সন্মানীয় অতিথি হিচাপে আৰু পদ্মশ্ৰী আৰু অসম গৌৰৱ বঁটাপ্ৰাপক বিশিষ্ট বয়নশিল্পী হেমপ্ৰভা চুতীয়া বিশেষ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ব্ৰহ্মই কয়, ‘‘ আমাৰ ঐতিহ্য, সংস্কৃতি ৰক্ষাৰ বাবে হস্ততাঁতক ৰক্ষা কৰিবই লাগিব ৷ এসময়ত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ ব্যৱহাৰ ঘৰে ঘৰে আছিল ৷ এতিয়া এই চাহিদা পুনৰ বৃদ্ধি পাইছে ৷ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগটোৱে বহু নতুন পৰিকল্পনা হাতত লৈছে ৷’’
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, ‘‘ক্ৰমাগতভাৱে হস্তশিল্প, কুটীৰ শিল্পৰ চাহিদা এতিয়া যথেষ্ট বাঢ়িছে ৷ আমাৰ শিপিনীসকল যাতে তাঁতশালৰ পৰা আঁতৰি নাহে, তাৰ বাবে আমি কাম কৰিব লাগিব ৷ মুখ্যমন্ত্ৰী মহোদয়ে 'স্ব-নিৰ্ভৰ নাৰী'ৰ দৰে আঁচনি লৈছে ৷ আমি স্বাৱলম্বিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব ৷ হস্ততাঁতৰ বৈশিষ্ট্য ৰক্ষা কৰিও কম খৰচত যাতে সামগ্ৰী উৎপাদন কৰিব পাৰো তাৰ বাবে আমি চেষ্টা কৰিব লাগিব ৷ পৰম্পৰাগতভাৱে দক্ষ শিপিনীক পেছাগতভাৱে কেনেকৈ দক্ষ কৰিব পাৰো তাৰ বাবে আমি চেষ্টা কৰিব লাগিব ৷’’
মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘ আমি এতিয়া উপভোক্তা জাতি হৈ পৰিলো ৷ উৎপাদনশীল কামত জড়িত হ’লেহে আমি আগবাঢ়িব পাৰিম ৷ ৰাজ্যখনক ভাৰতৰ আগশাৰীৰ ৰাজ্য হিচাপে গঢ় দিব পাৰিম ৷’’
ইপিনে বিশিষ্ট বয়নশিল্পী হেমপ্ৰভা চুতীয়াই কয়, ‘‘সাম্প্ৰতিক সময়ত তাঁতশালখনক অৱহেলা কৰা হৈছে ৷ কিন্তু তাঁতশালখনৰ জৰিয়তে পুৰুষ-মহিলা সকলো স্বাৱলম্বী হ’ব পাৰে ৷’’ তেওঁ বহিঃৰাজ্যৰ পৰা অহা গামোচাৰ বিক্ৰী অসমত সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ আৰু অসমৰ দুখীয়া শিপিনীক তাঁতশাল-সূতা দি সহায় কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি আহ্বান জনায় ৷ অনুষ্ঠানত বিশিষ্ট বয়নশিল্পী হেমপ্ৰভা চুতীয়া, ৰাজ্যৰ বিভিন্ন স্থানৰ ১০ গৰাকী শিপিনী আৰু হস্ততাঁত আৰু বস্ত্ৰশিল্প প্ৰতিষ্ঠানৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ৫ গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয় ৷
হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ সচিব দিলীপ কুমাৰ বৰাই আদৰণি ভাষণ দিয়া অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালক পৰাগমণি মহন্তই শলাগৰ শৰাই আগবঢ়ায় ৷ অনুষ্ঠানত ভার্চুৱেল মাধ্যমেৰে বিভাগটোৰ জিলা পৰ্যায়ৰ বিষয়াকৰ্মচাৰীসকলে ভাগ লয় ৷ অনুষ্ঠানৰ পূৰ্বে সভাকক্ষৰ বাহিৰত আয়োজিত হস্ততাঁত সামগ্ৰীৰ প্রদর্শনী উদ্বোধন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷
লগতে পঢ়ক : ৰাষ্ট্ৰীয় জেভেলিন নিক্ষেপ দিৱস: গ’ল্ডেন বয় নীৰজ চোপ্ৰাৰ কৃতিত্বৰ উদযাপন

