গুৱাহাটীত অবৈধ পাহাৰ খনন; শপতনামা দাখিলৰ নিৰ্দেশ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ - Excavation of hills
Illegal hill excavation in Guwahati : মহানগৰীৰ পাহাৰৰ সেউজীয়া বুকুখন যেন ক্ৰমাৎ উদং হৈ পৰিছে । একাংশ লোকৰ কাৰ্য তথা নীতি বৰ্হিঃভূতভাৱে চলা খননৰ বাবেই সম্প্ৰতি অস্তিত্বহীন হোৱাৰ উপক্ৰম ঘটিছে পাহাৰৰ ৷ জিলা প্ৰশাসনে নিষেধাজ্ঞা জাৰি কৰাৰ পিচতো চলিয়েই আছে অবৈধ পাহাৰ খনন ।

Published : September 29, 2024 at 9:53 AM IST
গুৱাহাটী, ২৯ ছেপ্টেম্বৰ: কামৰূপ মহানগৰ জিলা প্ৰশাসনে নিয়মমাফিক গুৱাহাটীত অবৈধভাৱে পাহাৰ খনন কৰাৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰী কৰি থকাৰ পিচতো মহানগৰীত পাহাৰ খনন চলি থকাৰ অভিযোগ উঠি আহিছে । শেহতীয়াকৈ গুৱাহাটীৰ মালিগাঁৱৰ গোশালা অঞ্চলত অবৈধ পাহাৰ খননৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ (এন জি টি) ওচৰত জবাবদিহি হ'বলগীয়া হৈছে চৰকাৰী বিভাগ ।
কেইবাটাও কৰ্তৃপক্ষক জাননী জাৰি
শেহতীয়া এক পৰিৱেশ সম্পৰ্কীয় গোচৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে গুৱাহাটীৰ মালিগাঁৱৰ গোশালা অঞ্চলত অবৈধ খনন কাৰ্যকলাপৰ অভিযোগৰ সন্দৰ্ভত কামৰূপ পূব বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক (পি চি চিএফ) আৰু বন বিভাগৰ মুৰব্বী (এইচ অ'এফ এফ), বিভাগীয় বন বিষয়া (ডি এফ অ'), অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড (এপিচিবি), কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব'ৰ্ড (চিপিচিবি) আৰু ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কৰ্তৃপক্ষ (এছ ই আই এএ) অসমকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ কৰ্তৃপক্ষক জাননী জাৰি কৰিছে ।
চাৰি সপ্তাহত শপতনামা দাখিলৰ নিৰ্দেশ
ন্যায়িক সদস্য ন্যায়াধীশ বি অমিত ছাথেলকাৰ আৰু বিশেষজ্ঞ সদস্য অৰুণ কুমাৰ বাৰ্মাৰ নেতৃত্বত এন জি টিৰ পূব মণ্ডল বিচাৰপীঠে উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ উপ মুখ্য অভিযন্তা গৌতম সিঙৰ দ্বাৰা দাখিল কৰা এক লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ জাৰি কৰিছে । যোৱা ২৪ ছেপ্টেম্বৰত জাৰি কৰা নিৰ্দেশনা মতে, ন্যায়াধিকৰণে সকলো উত্তৰদাতাক চাৰি সপ্তাহৰ ভিতৰত শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।
যোৱা ২১ মে 'ত গৌতম সিঙে ই-মেইলৰ জৰিয়তে প্ৰেৰণ কৰা এখন লেখ আবেদনৰ ভিত্তিত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে আবেদনখন পঞ্জীয়ন কৰিছিল । আবেদনখনত অভিযোগ কৰা হৈছিল যে যোৱা দুমাহ ধৰি দিন-নিশাই অবৈধ খনন চলি আছে, যাৰ ফলত স্থানীয় পৰিৱেশ যথেষ্ট বিঘ্নিত হয় আৰু নলা-নৰ্দমা আৱৰ্জনাময় হৈ পৰে । আবেদনখনত এন এফ ৰে'লৱেৰ জেনেৰেল মেনেজাৰকে ধৰি জ্যেষ্ঠ বিষয়াসকল বাস কৰা গোশালাত থকা ৰে'লৱে অফিচাৰ্ছ ক'লনিত ইয়াৰ প্ৰভাৱ পৰাৰ কথাও উল্লেখ কৰা হয় ।
অভিযোগকাৰী গৌতম সিঙে আবেদনত উল্লেখ কৰা মতে, যোৱা ৩ মে 'ত কামৰূপ পূব বন বিভাগৰ বিভাগীয় বন বিষয়াৰ (ডিএফঅ') ওচৰত এই সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । তদুপৰি এনএফ ৰে'লৱেৰ প্ৰধান মুখ্য অভিযন্তা সন্দীপ শৰ্মায়ো যোৱা ৮ মে' ত পি চিচিএফ আৰু এইচ অ' এফ এফত অভিযোগ দাখিল কৰিছিল, কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল । বিচাৰপীঠে পৰৱৰ্তী শুনানি অহা ১১ নৱেম্বৰত নিৰ্ধাৰণ কৰিছে ।

