ৰাষ্ট্ৰীয় ক্ৰীড়াত পদক অৰ্জনকাৰী বক্সাৰক সম্বৰ্ধনা
৩৮ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অসমৰ বক্সাৰৰ সাফল্য় । লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো, শিৱ থাপা, অভিনৱ শইকীয়াক সম্বৰ্ধনা ।

Published : February 19, 2025 at 1:58 PM IST
গোলাঘাট : গোলাঘাট জিলা এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত অসম এমেচাৰ বক্সিং সন্থা আৰু গোলাঘাট জিলা প্ৰশাসনৰ সহযোগত ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদক বিজয়ী বক্সিং খেলুৱৈক সম্বৰ্ধনা জ্ঞাপন কৰে । উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ তম ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত পদক বিজয়ী বক্সাৰক সম্বৰ্ধনা জনোৱা হয় ।
গোলাঘাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা উক্ত সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা গ্ৰহণ কৰে লাভলীনা বৰগোহাঁই, অংকুশিতা বড়ো, শিৱ থাপা, অভিনৱ শইকীয়াই । অৱশ্য়ে আইকণ মিলিয়ে পৰীক্ষাৰ বাবে সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে ।
সম্বৰ্ধনা গ্ৰহণ কৰি লাভলীনা বৰগোহাঁইয়ে কয়," গ্ৰামাঞ্চলত আন্তঃগাথঁনি আৰু উন্নত কৰাৰ প্ৰয়োজন আছে । মোৰ এনেধৰণৰ বহু আশা আছে যে আগন্তুক সময়ত গ্ৰামাঞ্চলৰ খেলুৱৈসকলক উলিয়াই আনিবলৈ চেষ্টা কৰিম আৰু চৰকাৰে এইক্ষেত্ৰত গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ।"

খেলুৱৈগৰাকীয়ে লগতে কয়, "এতিয়াও আমি দেখিবলৈ পাও অকল বক্সিঙেই নহয়, সকলোধৰণৰ খেলৰ আন্তঃগাথঁনিৰ প্ৰয়োজন আছে । লাহে লাহে চৰকাৰে কিছু পৰিমাণে কৰিছে যদিও এইক্ষেত্ৰত আমিও অলপ চেষ্টা কৰিব লাগিব । এইবাৰ ৰাষ্ট্ৰীয় খেলত আমি দেখিছো এতিয়াও যদি আমি বেলেগ ৰাজ্যৰ লগত তুলনা কৰো তেনেহ'লে আমি আন্তঃগাথঁনিৰ দিশত বহুতো পিছ পৰি আছো ।"

খেলুৱৈগৰাকীয়ে পুনৰ কয়, "ইতিমধ্যে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছো আৰু যেতিয়া বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহো তেতিয়া এনেধৰণৰ মৰম পালে ভাল লাগে । যিহেতু অলিম্পিকৰ পাছত এইখন প্ৰথম ৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিছো আৰু ভাবিছিলো ইয়াৰ পৰা আৰম্ভ কৰিম । ঠিক যেনে ধৰণে ভাবিছিলো তেনেধৰণে সফলতা লাভ কৰিবলৈ সক্ষম হৈছো । আগন্তুক বিশ্বকাপ, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছৰ বাবে প্ৰস্তুতি চলাই আছো ।"

উক্ত সম্বৰ্ধনা গ্ৰহণ কৰি অংকুশিতা বড়োয়ে কয়, "আজি খুব ভাল লাগিছে, কাৰণ সকলো খেলুৱৈৰ এটা আশা থাকে যে ভালকৈ খেলি আহিলে সকলোৱে মৰম দিয়ে । এইবাৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত বহুত ভাল লাগিছে, কাৰণ বহু ভাল ভাল খেলুৱৈ আছিল । সকলোৱে বহু কষ্ট কৰিছিল । আমাৰ প্ৰশিক্ষকসকলে বহু কষ্ট কৰিছে ।"

তেওঁ লগতে কয়, "আগন্তুক নেচনেল চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চলাই আছো আৰু নেচনেল চেম্পিয়নশ্বিপত পদক অৰ্জন কৰিলে ইণ্ডিয়া কেম্পত স্থান পাবলৈ সক্ষম হ'ম আৰু ইণ্ডিয়া কেম্পত স্থান পাবলৈ সক্ষম হ'লে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিম । গতিকে এতিয়া একমাত্ৰ নেচনেল চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি চলাই আছো ।"

ভাৰতীয় বক্সিং সন্থাৰ সচিব তথা অসম এমেচাৰ বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কলিতাই কয়, "গোলাঘাট এমেচাৰ বক্সিং সন্থাৰ জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছো । কাৰণ ৩৮ তম ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি পদক অৰ্জন কৰা বক্সাৰসকলক সম্বৰ্ধনা জনাবলৈ ইয়াত এই অনুষ্ঠানৰ আয়োজন কৰিছে । এই অনুষ্ঠানৰ যোগেদি আমাৰ খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাব । লগতে গোলাঘাটৰ উঠি অহা খেলুৱৈসকল উৎসাহিত হ'ব বুলি আশা ৰাখিলো । এইবাৰ ৩৮ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ দুটা সোণৰ পদক, দুটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । আমাৰ আঠজন বক্সাৰে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু তাৰেই পাঁচজনে পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।"

উক্ত সম্বৰ্ধনা অনুষ্ঠানত প্ৰশিক্ষক ক্ৰমে পদুম বড়ো, অমৰ ডেকা, প্ৰণামিকা বৰা, ত্ৰিদিপ বৰুৱা, টীম মেনেজাৰ মৃদুল বুঢ়াগোহাঁইক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং,গোলাঘাট এমেচাৰ বক্সিং সন্থাৰ সভাপতি মৃগেন বৰা, জিলা ক্ৰীড়া বিষয়া বিমল গগৈ আদি উপস্থিত থাকে ।

