শিক্ষকৰ মাধ্য়মৰেই নিৰ্মাণ হয় জগত : লক্ষ্মণ প্ৰসাদ আচাৰ্য
ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক ৰজত চন্দ্ৰ গোস্বামীক সম্বৰ্ধনা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ।

Published : September 5, 2025 at 5:31 PM IST
যোৰহাট: "শিক্ষকসকলে সমাজ,পৰিয়াল আৰু দেশ গঢ়ে । তেওঁলোকৰ মাধ্য়মৰেই নিৰ্মাণ হয় জগত ।" এই মন্তব্য় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ । যোৰহাটৰ হাতীগড় মৌজাৰ অশীতিপৰ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক এগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰি ৰাজ্যপালগৰাকীয়ে সমগ্ৰ শিক্ষক সমাজে মানৱ সম্পদ গঢ়াত গ্ৰহণ কৰা ভূমিকাৰ শলাগ লয় ।
আজি পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আধাৰ সত্ৰ নিবাসী, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষক ৯৮ বৰ্ষীয়ান ৰজত চন্দ্ৰ গোস্বামীক যোৰহাটৰ হাতীগড়ৰ নিজা ঘৰতে সম্বৰ্ধনা জ্ঞাপন কৰে ।
জিলাখনৰ ১১২নং ডিফলু প্ৰাথমিক বিদ্যালয়ৰ পৰা ১৯৯৪ চনতে অৱসৰ গ্ৰহণ কৰিছিল ৰজত চন্দ্ৰ গোস্বামীয়ে । ১৯৮৬ চনত শিক্ষকতাৰ বাবে ৰাজ্যিক আৰু ১৯৮৮ চনত ৰাষ্ট্ৰীয় সন্মান লাভ কৰা বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰে সমৃদ্ধ গোস্বামীক সম্বৰ্ধনা জ্ঞাপন কৰি ৰাজ্যপালগৰাকীয়ে কয়, "ৰাষ্টীয় শিক্ষক পুৰস্কাৰেৰে সন্মানিত ৰজত চন্দ্ৰ গোস্বামীক আজি পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই অভিনন্দন জ্ঞাপন কৰাৰ লগতে সম্বৰ্ধনা জনাও । এই পৱিত্ৰ শিক্ষক দিৱসৰ দিনাই ৰাজ্যৰ শিক্ষক সমাজলৈ শুভেচ্ছা জ্ঞাপন কৰিছো ।"


ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পুনৰ কয়, "শিক্ষকসকলে সমাজ,পৰিয়াল আৰু দেশ গঢ়িছে । তেওঁলোকৰ জৰিয়তে জগত নিৰ্মাণ হৈছে । এইসকল পূজনীয় শিক্ষকক অভিনন্দন জনাই মনটোৱে সন্তুষ্টি লাভ কৰিছে । ৰজত চন্দ্ৰ গোস্বামীৰ জীৱন কৰ্মৰে ভৰা । তেওঁ হাজাৰোধিক লোকক শিক্ষা প্ৰদান কৰি সমাজত কাম কৰাৰ যোগ্য বিদ্যাৰ্থী গঢ়িলে । আজি পৱিত্ৰ ক্ষণত তেওঁৰ বিষয়ে যিমান কৈ যাম সেয়া কম হ'ব ।"

