কলিয়াবৰ : ৰঙালী বিহুৰ পঞ্চম দিনটো পালিত হয় নাঙল বিহু হিচাপে । জনবিশ্বাস অনুসৰি, এই দিনটোতে মহাদেৱ শিৱই প্ৰথম হাল জুৰিছিল । অৱশ্যে কৃষিকৰ্মৰ প্ৰতি পিঠি দিয়া অসমীয়াৰ বাবে বৰ্তমান নাঙল বিহু এক আনুষ্ঠানিকতাহে মাত্ৰ ।
কৃষিপ্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষিকাৰ্যত ব্যৱহৃত সা-সজুঁলিসমূহৰ নামত উৎসৰ্গিত কৰা হয় ব’হাগৰ চতুৰ্থ দিনটো । বসন্তৰ বতৰা লৈ প্ৰকৃতি নতুন ৰূপেৰে উজলি উঠে । অনাগত দিনৰ কৃষিকাৰ্যৰ ব্যস্ততাপূৰ্ণ দিনৰ প্ৰাকক্ষণত অসমীয়া ৰাইজে আনন্দ-উৎসৱৰ মাজৰে জীৱন উপভোগ কৰে । এই আনন্দোৎসৱৰ ফলশ্ৰুতিতেই অসমত পালন কৰা হয় হেঁপাহৰ ৰঙালী বিহু ।
- নাঙল বিহুৰ তাৎপৰ্য
বিহু মূলত কৃষিজীৱীৰ উৎসৱ । অসমীয়াৰ আদৰৰ সাদিনীয়া ৰঙালী বিহুৰ পঞ্চমদিনা খেতিয়ক ৰাইজে উদযাপন কৰে নাঙল বিহু । এক কথাত এই দিনটো কৃষক ৰাইজৰ ৷ আনহাতে, ব’হাগৰ চতুৰ্থ দিনটো উৎসৰ্গা কৰা হয় কৃষিপ্ৰধান বৃহত্তৰ অসমীয়া জাতিটোৰ কৃষিকাৰ্যত ব্যৱহৃত সা-সজুঁলিসমূহৰ নামত ৷
প্ৰচলিত জনবিশ্বাস মতে, মহাদেৱ শিৱই প্ৰথম হাল জোৰা দিনটোক মান্যতা প্ৰদান কৰিয়ে এই দিনটোতেই অসমীয়া সমাজৰ কৃষক ৰাইজে নাঙলৰ বিহু হিচাপে পালন কৰে । কৃষিপ্ৰধান অসমীয়া ৰাইজৰ মাজত প্ৰচলিত কৃষি সঁজুলিৰ ভিতৰত নাঙল আৰু মৈ প্ৰধান ।
- কৃষক গজেন নেওগৰ মুখেৰে জানো আহক নাঙলৰ বিভিন্ন উপাদানৰ বিষয়ে
নাঙলখন গৰু বা ম'হেৰে যুটিবলৈ যুঁৱলিৰ লগতে আন দুই-এপদ সঁজুলি ব্যৱহাৰ কৰা হয় । লগতে হাল বোৱাৰ পিছত মাটি সমান কৰিবলৈ ব্যৱহাৰ হয় মৈ । মূলতঃ নাঙল-যুঁৱলি আৰু মৈ খেতিৰ মাটি চহোৱাৰ প্ৰধান সম্পদ । অৱশ্যে অসমৰ কৃষিক্ষেত্ৰত ট্ৰেক্টৰ-পাৱাৰ টিলাৰৰ বহুল ব্যৱহাৰ হ'লেও এতিয়াও কমকৈ হ'লেও অসমত অসমীয়া কৃষি ঐতিহ্যৰ এই ঐতিহ্য ধ্বজাবাহী নাঙলৰ প্ৰচলন আছে ।

- নাঙলৰ সৈতে ব্যৱহৃত বিভিন্ন সঁজুলি
এই নাঙলখন হাল বাব পৰাকৈ সাজু কৰি তুলিবলৈ বহুকেইপদ সৰু-বৰ সঁজুলিৰ প্ৰয়োজন হয় । তাৰ ভিতৰত ফাল, ইহ, যুঁৱলি, আওঠ, শ'লমাৰি, যুঁট আদি । অৱশ্যে ঠাইভেদে ইয়াৰ স্থানীয় নামো আছে । নাঙলৰ তলফালে মাটি চহাবলৈ থকা লোৰ পাতচটাৰ নাম ফাল । নাঙলখনৰ যিটো অংশত কৃষকে হাতৰ মুঠিৰে ধৰি হাল বায় সেই অংশটোৰ নাম কুটি ।
নাঙলখন যুঁৱলীৰে সংযোগ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিডাল হ'ল 'ইহ' । ইহডালক নাঙলৰ তলৰ অংশত থকা এটা খোলনিত লৰ-চৰ হ'ব নোৱাৰাকৈ যিডাল বাঁহৰ পাতি ব্যৱহাৰ কৰা হয়, তাৰ নাম 'বেঙেতি' । যুঁৱলিৰ মাজ অংশৰ যিটো স্থানত ইহডাল বন্ধা হয়, তাৰ দুয়োফালে থাকে দুটা 'নিগনি খুঁটি'। ইহডালক নিগনি খুঁটি দুটাৰ মাজত ৰাখি যুঁৱলিৰে বন্ধা ৰছীডালক কোৱা হয় 'আওঠ' ।
- নাঙলৰ ব্যৱহাৰ
যুঁৱলিডালৰ দুইমূৰে গৰু বা ম'হ দুটা বান্ধিবলৈ বাবে থাকে দুযোৰকৈ শ'লমাৰি । শ'লমাৰিৰ লগত গৰুৰ কান্ধ বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ৰছী দুডালক কোৱা হয় যুঁট । অসমৰ ঠাই বিশেষে এই সঁজুলিবোৰৰ নাম ভিন্ন হ'ব পাৰে যদিও ইয়াৰ ব্যৱহাৰ একেই ।
নাঙলৰ প্ৰধান কাম হ'ল মাটি চাহ কৰা । বহল কৃষিভূমিত বীজ বা কঠীয়া ৰোপণ কৰিবলৈ নাঙলেৰে হাল বোৱা হয় । বিহুৰ পিছতেই খেতিয়কে ধানখেতিৰ বাবে মাটি প্ৰস্তুত কৰিবৰ সময় । ধানখেতিৰ বাবে এডৰা মাটিত কমেও পাঁচবাৰ হাল চলোৱা বা হাল বোৱা হয় । প্ৰথম চাহক মাটি কঢ়োৱা বুলি কোৱা হয় । দ্বিতীয় চাহক কোৱা হয় সভাৰ বোৱা, তৃতীয়বাৰ মৈ দিয়া । চতুৰ্থ চাহ কঠীয়া তোলা, ঠাই বিশেষে 'খেৰ বোকা' আৰু পঞ্চম চাহক কোৱা হয় বোকা দিয়া ।
হাল বোৱাৰ পিছত অসমান বোকা মাটিডৰা সমান কৰিবলৈ বা শুকান মাটিডৰাৰ চপৰা ভাঙিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধৰ নাম হ'ল মৈ । মৈ যুঁৱলিৰ লগত মৈটকাৰে সংযোগ কৰা হয় । মৈখনত মৈটকাৰ ভাগ দুটা লগাবলৈ কনাৰী নামৰ দুডাল জৰী থাকে । কিন্তু বৰ্তমান অসমীয়া কৃষিক্ষেত্ৰত এই নাঙলৰ ব্যৱহাৰ কমি আহিছে । ইয়াৰ মূলতে হাল বাবলৈ ট্ৰেক্টৰৰ ব্যৱহাৰে খেতিয়কৰ শাৰীৰিক শ্ৰম আৰু সময় লাঘব হৈছে । লগতে গৰু-ম'হ পালনত আহি পৰা জটিলতা এই সম্পদবিধৰ ব্যৱহাৰ কমি অহাৰ অন্যতম কাৰণ ।

- হেৰাই যোৱাৰ পথত নাঙল আৰু ইয়াৰ ব্যৱহাৰ
বৰ্তমান নগণ্যসংখ্যকহে এনে কৃষক আছে, যিয়ে নাঙলেৰে হাল বায় খেতি কৰি আছে । এতিয়া অসমত হাতে বোৱা নাঙলৰ ব্যৱহাৰ কমি অহাৰ লগে লগে অসমীয়া গঞা কৃষক সমাজৰ লগতে অসমীয়া জনজীৱনত কৃষি সঁজুলিসমূহৰ চৰ্চাও কমি আহিছে । খেতিয়কৰ সংখ্যা অস্বাভাৱিকভাৱে কমি অহাৰ সময়ত এনে চৰ্চা স্বাভাৱিকতে নোহোৱা হৈছে । যি কৃষিকৰ্মৰ লগত জড়িত তেওঁলোকেও আধুনিক কৃষি সঁজুলি ব্যৱহাৰ কৰিছে ।
- কৃষকৰ মনৰ কথা
তথাপিও এনে সম্পদসমূহ একেবাৰে নিশ্চিহ্ন হোৱাটো কোনেও নিবিচাৰে । সেয়ে বোপা-ককাৰ দিনৰ পৰা নাঙলৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি কৃষিকাৰ্যৰ লগত জড়িত কলিয়াবৰৰ এগৰাকী খেতিয়ক গজেন নেওগে এই ঐতিহ্য বহনকাৰী কৃষি সঁজুলিবিধ সংৰক্ষণৰ আহ্বান জনাইছে । এই আপুৰুগীয়া সন্মানীয় সম্পদবিধ কৰ্মত নচলিলেও সংৰক্ষণ কৰি ভৱিষ্যত প্ৰজন্মই জানিব পৰাৰ ব্যৱস্থা কৰিব লাগে বুলি তেওঁ অনুৰোধ জনায় ।

কৃষক গজেন নেওগে কয়, "আজি সাত বিহুৰ নাঙল বিহু । কিন্তু সমগ্ৰ অঞ্চলতে হয়তো এইটো পালন কৰা নাই । কাৰণ এইকাৰণেই নাই নাঙলৰ প্ৰভাৱ নিচেই কমি গ'ল একমাত্ৰ পৰিস্থিতিৰ ওপৰত । কিন্তু ট্ৰেক্টৰৰ ওপৰত নিৰ্ভৰশীল হয় যদিও কিছু কিছু কৃষকৰ ওচৰত হয়তো এই সঁজুলি প্ৰস্তুত হৈ আছে । এই বস্তুটো অতি সন্মানীয় বস্তু, আপুৰুগীয়া বস্তু । আমাৰ বোপা-ককা, দেউতাহঁতৰ দিনৰ পৰাই চলি আছিল । কিন্তু পৰিস্থিতিৰ কাৰণে এইটো লোপ পাইছে ।"