বিজেপিক তুলাধূনা দি বিহপুৰীয়াত নন্দিতা দাসৰ নিৰ্বাচনী প্ৰচাৰ - Lok Sabha Election 2024
Lok Sabha Election 2024: বিহপুৰীয়াত কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ নিৰ্বাচনী প্ৰচাৰ বিধায়ক নন্দিতা দাসৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ সমালোচনা বিধায়কগৰাকীৰ । একাংশ লোকে তলে তলে কংগ্ৰেছক ভোট দিব বুলি উল্লেখ কৰে নন্দিতা দাসে ।

Published : April 11, 2024 at 10:28 PM IST
বিহপুৰীয়া,১১ এপ্ৰিল: ক্ৰমাৎ গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ । সমানে বৃদ্ধি পাছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ । ১১ নং শোণিতপুৰ লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৰ হৈ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই বকো বিধানসভা সমষ্টিৰ বিধায়ক নন্দিতা দাসে । বিহপুৰীয়াত নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণত বিজেপি চৰকাৰৰ লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰে তুলাধূনা দিয়া দেখা গ'ল বিধায়কগৰাকীক ।
- " class="align-text-top noRightClick twitterSection" data="">
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মিছলীয়া প্ৰধানমন্ত্ৰী হিচাপে আখ্যা দি চুইচ বেংকত থকা ক'লা ধন ঘূৰাই আনি দুখীয়া ৰাইজৰ প্ৰত্যেকৰ বেংক একাউণ্টত পোন্ধৰ লাখকৈ টকা ভৰাই দিম বুলি কোৱা কথা, বিগত নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতক ভোট দিবলৈ কৈ নিৰ্বাচনত জয়ী হ'লে ১৬মে' তাৰিখে অসমৰ পৰা সকলো বাংলাদেশীয়ে টালি টোপোলা বান্ধি অসম এৰি যাব লাগিব বুলি কৈ এতিয়া বেছিকৈ বাংলাদেশী অসমলৈ আনিলে বুলি সমালোচনাৰে থকা-সৰকা কৰে বিধায়কগৰাকীয়ে ।
লগতে, নিৰ্বাচনত জয়ী হ'লে সামগ্ৰীৰ মূল্য হ্ৰাস কৰিম বুলি কৈ এতিয়া বজাৰত ৰাইজে সামগ্ৰী ক্ৰয় কৰিব নোৱৰাকৈ অত্যাধিক মূল্যবৃদ্ধি ঘটোৱা, উজ্বলা আঁচনিৰ গেছত এতিয়া জুই নজলা, বৃদ্ধা মহিলাই কষ্টৰে খোজ কাঢ়ি সমবায় দোকানত আঙুলি টিপা দি দি চাউল আনিবলৈ বাধ্য কৰোৱাকে ধৰি বিভিন্ন বিষয়ত বিজেপি চৰকাৰৰ কৰ্মকাণ্ডক তীব্ৰ ভাষাৰে কটাক্ষ কৰা দেখা গ'ল বিধায়ক নন্দিতা দাসক ।
আনহাতে, ৰাজ্যত চৰকাৰী বিদ্যালয়সমূহ এফালৰ পৰা বন্ধ কৰি চুকে-কোণে মদৰ দোকান খোলা বিজেপি চৰকাৰৰ কৰ্মকাণ্ডক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে বিধায়ক নন্দিতা দাসে । লগতে তেওঁ কয় যে একাংশ লোকে বিজেপিত থাকিলেও তলে তলে কংগ্ৰেছ প্ৰাৰ্থীক ভোট দিয়াটো নিশ্চিত বুলি তেওঁ উল্লেখ কৰে ।
লগতে পঢ়ক: লখিমপুৰত লোকসভা নিৰ্বাচনত হ'ব একপক্ষীয় যুজ: অতুল বৰা - Lok Sabha Election 2024

