ETV Bharat / state

তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমিত নগাই চলাইছে বেদখল

নিৰাপত্তাহীনতা সীমান্তৰ অসমীয়া । নগাই অস্ত্ৰ-শস্ত্ৰৰ ভয়-ভাবুকিৰে চলাইছে বেদখলৰ চেষ্টা ।

Assam-Nagaland border
তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমিত বেদখল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 20, 2025 at 7:45 PM IST

3 Min Read
Choose ETV Bharat

যোৰহাট: অসম-নাগালেণ্ড সীমান্তত পুনৰ তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ আশংকা প্ৰকট হৈ উঠিছে । বিগত সময়ত নাগাই অবৈধভাৱে অসমৰ ভূমি দখল কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এইবাৰ মৰিয়নীৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ বনভূমি ধ্বংস কৰি বেদখল কৰাৰ বাবে আগবাঢ়ি আহিছে একাংশ নগালোক । ইয়াকে লৈ সীমান্তবাসী শংকিত হোৱাৰ পিচতো নীৰৱ অসম চৰকাৰ তথা জিলা প্ৰশাসন ।

যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ তিৰুহিলছ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি অবাধে ভূমি দখলক কেন্দ্ৰ কৰি সীমান্তত সম্প্ৰতি তীব্ৰ উত্তেজনাই বিৰাজ কৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । তিৰুহিলছ সংৰক্ষিত বনাঞ্চল দখল কৰাৰ সমান্তৰালভাৱে সীমান্তৰ ৰজাবাৰীত নগাই চলাইছে বেদখল ।

তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমিত বেদখল (ETV Bharat Assam)

উল্লেখ্য় যে নাগালেণ্ডৰ ইয়া চাং চি বস্তিৰ নগাই অসমৰ তিৰুহিলছ বনাঞ্চলৰ সেউজ বনভূমি এফাল পৰা ধ্বংস কৰি ইখন পিছত সিখনকৈ ৰবৰ বাগান আৰু চাহ বাগিচা স্থাপন কৰিছে । ইয়াৰ পিছতো নগাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত থমকি ৰৈছে যোৰহাট জিলা প্ৰশাসন ।

নগা বেদখল বিৰুদ্ধে আন্দোলনৰ হুংকাৰ :

মৰিয়নী ছেলেংহাট আঞ্চলিক ছাত্র সন্থাৰ এজন বিষয়ববীয়াই এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "নগাই অসমৰ বনাঞ্চলৰ ভূমি দখলতে ক্ষান্ত নাথাকি অস্ত্ৰ-শস্ত্ৰৰ ভয়-ভাবুকি দেখুৱাই সীমান্তৰ বহুকেইটা পৰিয়ালৰ ৰাজহ মাটিতো চলাইছে বেদখলৰ চেষ্টা । বেদখলকাৰীয়ে অসমৰ ভূমিত অৱস্থান কৰাৰ পিছতো অসমৰ প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । নিমাত হৈ আছে প্ৰশাসন । নগাৰ এনে ৰণচালিয়ে সীমান্তবাসী অসমীয়াৰ জীৱন-জীৱিকাৰ প্ৰতি সংশয় নমাই অনাত নিৰাপত্তাহীনতাত ভুগিবলগা হৈছে । সেয়ে এই ক্ষেত্ৰত অসমৰ প্ৰশাসনে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে ছাত্র সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।"

Assam-Nagaland border
তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমিত বেদখল (ETV Bharat Assam)

নগাৰ বেদখল সীমান্তবাসীৰ বাবে শংকাৰ কাৰণ :

এই বেদখল সন্দৰ্ভত সীমান্তত বাসকৰা এজন ব্যক্তিয়ে কয়, "নগাই অসমৰ তিৰুহিলছ বনাঞ্চলৰ ভূমিৰ ৯০ শতাংশ দখল কৰাৰ পিছত ৰাজহ গাঁৱৰ ভূমি দখলৰ যো-জা চলোৱা বিষয়টো চিন্তনীয় । এই বিষয়টো সীমান্তবাসীৰ বাবে এক ভয় লগা বিষয় । অসমৰ গাড়ী চোৰক বিচাৰি নাগালেণ্ডৰ ভূমিত পদাৰ্পণ কৰা অসম আৰক্ষীৰ এটা দলক নগা দুৰ্বৃত্তই আৱদ্ধ কৰি আক্ৰমণ কৰা ঘটনাৰ পিছত অসম চৰকাৰে নাগালেণ্ডক কোনো ধৰণৰ প্ৰত্যুত্তৰ দিব নোৱৰাটো লজ্জানক কথা । যদি নগা বেদখলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত প্ৰশাসন তথা চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেতিয়াহ'লে দল-সংগঠনৰ সহযোগত নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিম । "

Assam-Nagaland border
তিৰুহিলছ সংৰক্ষিত বনাঞ্চলৰ ভূমিত বেদখল (ETV Bharat Assam)

উল্লেখ্য যে অসমৰ দিচৈ ভেলী আৰু তিৰুহিলছ বনাঞ্চলৰ প্ৰায় সংখ্যক ভূমিয়ে নগাই দখল কৰি উক্ত ভূমিত ৰবৰ আৰু চাহ বাগিচা স্থাপন কৰিছে । তাৰ পিছতো অসমৰ ভূমি নগাৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত পিছহুহকি যাব লগা হৈছে অসম চৰকাৰ । কাৰণ কেই বছৰমান আগতে নগাই দখল কৰা অসমৰ ভূমি পৰিদৰ্শন কৰিবলৈ যোৱা সময়ত মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈ লক্ষ্য কৰি নগাই কেইবাজাই গুলী নিক্ষেপ কৰিছিল ।

লগতে পঢ়ক:এইবাৰ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসম আৰক্ষী; আবদ্ধ আৰক্ষীৰ দলক উদ্ধাৰ - ASSAM POLICE

মেৰাপানীত অসমৰ ভূমিত নগাৰ কৌশলী আগ্ৰাসন, কাটিলে গছ-গছনি - ASSAM NAGALAND BORDER