ETV Bharat / state

মিঞা অধ্যুষিত অঞ্চলৰ মাছ অনা ব্যৱসায়ীক বাধা : দুই নেতাক আটক - Veer Lachit Sena leaders arrested

Veer Lachit Sena leaders arrested: নগাঁও সদৰ আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ দুই নেতাক । নগাঁৱৰ বৰবজাৰস্থিত মাছৰ কাটালৈ মিঞা অধ্যুষিত অঞ্চলৰ পৰা মাছ অনা ব্যৱসায়ীসকলক বাধা প্ৰদান বীৰ লাচিত সেনাৰ । অসমীয়া পৰিপন্থী ভাষ্য দিয়াটো কোনো কাৰণতে সহ্য নকৰাৰ হুংকাৰ বীৰ লাচিত সেনাৰ বিষয়ববীয়াৰ ।

Nagaon Sadar police arrest two leaders of Veer Lachit Sena
বীৰ লাচিত সেনাৰ দুই নেতাক আটক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 28, 2024 at 9:45 PM IST

2 Min Read
Choose ETV Bharat

চামগুৰি,২৮ আগষ্ট: নগাঁৱত বীৰ লাচিত সেনাৰ দুই নেতাক আটক । নগাঁও সদৰ আৰক্ষীয়ে আটক কৰে বিতোপন শইকীয়া আৰু দৰ্পণ বৰা নামৰ নেতা দুগৰাকীক । মঙলবাৰৰ দিনটোত নগাঁও মৎস্যপালক সন্থাই উজনি অসমলৈ মাছৰ ৰপ্তানি বন্ধ কৰিব বুলি ঘোষণা কৰাৰ পিছতেই বিভিন্ন দল-সংগঠনে উক্ত বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ।

বীৰ লাচিত সেনাৰ দুই নেতাক আটক (ETV Bharat Assam)

বিশেষকৈ নগাঁৱত বীৰ লাচিত সেনাৰ বিষয়ববীয়াসকলে মঙলবাৰৰ দিনটোত উক্ত বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে যিসকল ব্যৱসায়ীয়ে নিজকে অনা-অসমীয়া বুলি পৰিচয় দিব বিচাৰে তেওঁলোকে কেৱল উজনি বুলিয়েই নহয় নগাঁৱতো ব্যৱসায় চলাব নোৱাৰিব বুলি হুংকাৰ প্ৰদান কৰিছিল । লগতে অসমীয়াৰ পৰিপন্থী ভাষ্য দিয়াটো কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছিল বীৰ লাচিত সেনাই ।

তাৰ পৰিপ্ৰেক্ষিতত বুধবাৰে পুৱাৰ ভাগত নগাঁৱৰ বৰবজাৰস্থিত মাছৰ কাটালৈ মিঞা অধ্যুষিত অঞ্চলৰ পৰা মাছ অনা ব্যৱসায়ীসকলক বাধা প্ৰদান কৰিছিল বীৰ লাচিত সেনাৰ একাংশ সদস্যয়ে । পৰৱৰ্তী সময়ছোৱাত উক্ত ঘটনাটিৰ সন্দৰ্ভত নগাঁও সদৰ আৰক্ষীয়ে বীৰ লাচিত সেনাৰ দুজন বিষয়ববীয়া ক্ৰমে বিতোপন শইকীয়া আৰু দৰ্পণ বৰাক আটক কৰে ।

ইয়াৰ পিচতে বীৰ লাচিত সেনাৰ দুজন বিষয়ববীয়াক নগাঁও সদৰ আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত বীৰ লাচিত সেনা নগাঁও জিলা সমিতিৰ সভাপতি ৰূপজ্যোতি শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, "যি অনা অসমীয়াই অসমীয়াৰ বিৰূদ্ধে কথা কৈছে, তেওঁলোকৰ বিৰুদ্ধে বীৰ লাচিত সেনাই প্ৰতিবাদ অব্যাহত ৰাখিছে । যি দুজন সতীৰ্থক আৰক্ষীয়ে আটক কৰিছে তাৰ বিৰুদ্ধে আমি তীব্ৰ আন্দোলন গঢ়ি তুলিম ।"

লগতে পঢ়ক: উজনিৰ ৰাইজক কেনেকৈ মাছ খুৱাব মীন মন্ত্ৰীয়ে ? - Miya controversy

পোষ্টাৰিং কৰোতেই টাইপাৰ সভাপতিক আটক, থানাত উপস্থিত আটাছুৰ উপ সভাপতি - Miya Muslims Controversy