ETV Bharat / state

নগাঁৱত সৎকাৰ কৰা যুৱতীৰ পৰিচয় উদ্ধাৰ: কিদৰে মৃত্যু হৈছিল যুৱতীগৰাকীৰ

ৰহস্যভেদ কৰিলে নগাঁও আৰক্ষীয়ে ৷ মৃতদেহটো আছিল কাৰ্বি আংলঙৰ কিশোৰীৰ, সৎকাৰ কৰিলে ৰহাৰ পৰিয়ালে ।

Nagaon police have uncovered the mystery behind the recovery of the girl's dead body
আৰক্ষীৰ জালত অভিযুক্ত ছাদ্দাম (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 19, 2025 at 8:32 PM IST

|

Updated : July 19, 2025 at 8:59 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও: এগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ এটা মাহ পাছতহে ভেদ হৈছে সকলো ৰহস্য । সম্পূৰ্ণ ৰহস্যঘন আৰু চাঞ্চল্যকৰ এটা ঘটনা । সকলো ৰহস্য ফাদিল হোৱাৰ পাছত এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ । মৃতদেহ উদ্ধাৰৰ পাছত আন এটা পৰিয়ালে সৎকাৰ কৰা কিশোৰীগৰাকীৰ প্ৰকৃত পৰিচয় অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

সৎকাৰ কৰা কিশোৰীগৰাকীৰ মৃতদেহটো কাৰ্বি আংলঙৰ বুলি চিনাক্ত কৰাৰ লগতে কিশোৰীগৰাকীক হত্যা কৰাৰ তথ্যও ফাদিল কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । কাৰ্বি কিশোৰীগৰাকীক হত্যা কৰাৰ অভিযোগত ছাদ্দাম হুছেইন নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে নগাঁও আৰক্ষীয়ে ।

এমাহৰ পাছত ফাদিল হত্যাকাণ্ডৰ ৰহস্য (ETV Bharat Assam)

ঘটনাৰ বিৱৰণ:

তাৰিখ ১৬ জুন ২০২৫ চন । নগাঁও চহৰৰ ডিফলুত পথৰ দাঁতিত উদ্ধাৰ হৈছিল এটা মৃতদেহ । মৃতদেহটো আছিল এগৰাকী কিশোৰীৰ । পাছদিনা অৰ্থাৎ ১৭ জুন তাৰিখে পুৱাই মৃতদেহ উদ্ধাৰৰ খবৰ লাভ কৰিয়েই নগাঁও আৰক্ষীৰ সৈতে যোগাযোগ কৰে নগাঁৱৰ ৰহাৰ এটা পৰিয়ালে । ৰহাৰ পৰিয়ালটোৰ এগৰাকী কিশোৰীও নিৰুদ্দেশ হৈছিল মৃতদেহটো উদ্ধাৰ হোৱাৰ এটা দিন পূৰ্বে ।

এনে অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহ পৰিয়ালটোৰ সন্ধানহীন কিশোৰীগৰাকীৰ বুলি দাবী কৰি পৰিয়ালটোৱে নি কৰিছিল সৎকাৰ । কিশোৰীগৰাকীৰ এজন মিস্ত্ৰীৰ সৈতে যোগাযোগ থকাৰ কথা উল্লেখ কৰি আৰক্ষীক এজাহাৰ দিয়াত আৰক্ষীয়েও অভিযুক্তক আটক কৰি আৰম্ভ কৰিছিল অনুসন্ধান । আনকি ঘটনাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাই নহয় প্ৰতিবাদত উত্তাল হৈ পৰিছিল ৰহা অঞ্চল ।

কিন্তু ঘটনাৰ এটা সপ্তাহৰ ভিতৰতেই সৎকাৰ কৰি দিয়া ৰহাৰ পৰিয়ালটোৰ নিৰুদ্দেশ হৈ থকা কিশোৰীগৰাকীক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল নগাঁও আৰক্ষী । কিশোৰীগৰাকীক জীৱন্তে উদ্ধাৰ হোৱাৰ পাছত সৎকাৰ কৰা কিশোৰীগৰাকীৰ পৰিচয়ৰ লগতে মৃত্যুক লৈ অধিক ঘনীভূত হৈ পৰিছিল ৰহস্য ।

ঘটনা সংঘটিত হোৱাৰ আজি এটা মাহ সম্পূৰ্ণ হৈছে । এটা মাহৰ ভিতৰত সমগ্ৰ ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । উদ্ধাৰৰ পাছত সৎকাৰ কৰি দিয়া কিশোৰীগৰাকী কাৰ্বি আংলং জিলাৰ চামেলাংছু আৰক্ষী থানাৰ অন্তৰ্গত ধেন্তা ইংতি গাঁৱৰ বুলি অৱশেষত চিনাক্ত কৰে নগাঁও আৰক্ষীয়ে । কেৱল চিনাক্ত কৰাই নহয় কিশোৰীগৰাকীৰ মৃত্যুৰ ৰহস্যও ফাদিল কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী ।

বিগত জুন মাহৰ ১৬ তাৰিখেই ঘৰৰ পৰা ওলাই অহা কিশোৰীগৰাকীয়ে নিশা নগাঁও বৰঘাট বাইপাছত লগ পাইছিল নগাঁৱৰ মৰঙিয়ালৰ ছাদ্দাম হুছেইনক । পেছাত গাড়ী চালক ছাদ্দাম হুছেইনৰ সৈতে বাইপাছৰ পৰা যোৱা কিশোৰীগৰাকীৰ পৰৱৰ্তী সময়ত উদ্ধাৰ হৈছিল মৃতদেহ । এই কথা জানিবলৈ দিয়ে নগাঁও আৰক্ষীয়ে ।

কাৰ্বি আংলঙৰ কিশোৰীগৰাকী ঘৰৰ পৰা খেৰণিলৈকে বাছত অহাৰ তথ্য নিশ্চিত হোৱা বুলি উল্লেখ কৰি নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱাই ই টিভি ভাৰতৰ সন্মুখত কয়, “কিশোৰীগৰাকীক নগাঁৱৰ বাতাবাৰীৰ ছাদ্দাম হুছেইনে গাড়ীৰ ভিতৰত গামোচাৰে ডিঙি চেপি হত্যা কৰাৰ কথা নিজেই স্বীকাৰ কৰিছে । ১৬ জুনত নগাঁৱৰ ডিফলুত উদ্ধাৰ হোৱা মৃতদেহটো পৰিয়ালৰ লোকৰ ভাষ্যৰ ভিত্তিত কাৰ্বি আংলঙৰ পৰিয়ালৰেই বুলি নিশ্চিত হৈছে যদিও ডি এন এ পৰীক্ষাৰ বাবে ইতিমধ্যেই প্ৰেৰণ কৰা হৈছে ।”

ইপিনে, কাৰ্বি আংলঙৰ কিশোৰীগৰাকীক ছাদ্দাম হুছেইনে হত্যা কৰাৰ বহু তথ্য নগাঁও আৰক্ষীয়ে লাভ কৰা বুলি নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই জানিবলৈ দিয়ে। লগতে হত্যাৰ সময়ত ছাদ্দাম হুছেইনে ব্যৱহাৰ কৰা চাৰিচকীয়া বাহনখনো জব্দ কৰি নগাঁও আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰখাৰ কথাও উল্লেখ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই ।

কিশোৰীগৰাকীক ছাদ্দাম হুছেইন নামৰ যুৱকজনে হত্যা কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই কিশোৰীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি একাংশই সন্দেহ প্ৰকাশ কৰিছে যদিও এই সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ নকৰালৈকে নিশ্চিতকৈ ক’ব পৰা নাযায় বুলিহে উল্লেখ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰাই ।

নগাঁৱত উদ্ধাৰ হোৱা মৃতদেহটো কাৰ্বি আংলং জিলাৰ চামেলাংছু আৰক্ষী থানাৰ ধেন্তা ইংতি গাঁৱৰ বুলি চিনাক্ত হোৱাৰ লগতে কিশোৰীগৰাকীক গামোচাৰে ডিঙি চেপি হত্যা কৰাৰ তথ্য পোহৰলৈ অহাত সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক: সৎকাৰ কৰাৰ পিচতেই জীৱন্তে উদ্ধাৰ সন্ধানহীন কিশোৰী - MISSING TEENAGER RESCUED

সৎকাৰৰ তিনিদিন পাছতেই কিদৰে জীৱন্তে উদ্ধাৰ হ’ল কিশোৰী ?

বিজেপিৰ প্ৰাসাদোপম ৰাজ্যিক কাৰ্যালয়ত কোনে চলাব বুলড'জাৰ ? - ATAL BIHARI VAJPAYEE BHAWAN

Last Updated : July 19, 2025 at 8:59 PM IST