ETV Bharat / state

কোৱাৰি ফাটিল ! কোটি টকীয়া ট্রেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড অনিৰ্বাণ-কাশ্যপক ধৰি আনিলে আৰক্ষীয়ে

নগাঁও আৰক্ষীৰ জালত নগাঁৱৰ কোটিটকীয়া ট্রেডিং কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড অনিৰ্বাণ দেউৰী আৰু কাশ্যপ ফুকন ।

Nagaon police arrested trading mastermind Anirban Deuri
গাঁৱৰ কোটিটকীয়া ট্রেডিং কেলেংকাৰীৰ দুই অভিযুক্ত (Social media)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 3:54 PM IST

4 Min Read
Choose ETV Bharat

নগাঁও: অৱশেষত নগাঁও আৰক্ষীৰ জালত পৰিল কেইবাকোটিটকীয়া ট্রেডিং কেলেংকাৰীৰ দুই মাষ্টাৰমাইণ্ড অনিৰ্বাণ দেউৰী আৰু কাশ্যপ ফুকন । বুলছ আইজ নামৰ এটা বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে ট্ৰেডিঙৰ নামত নগাঁৱৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু লোকৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি শেহতীয়াকৈ পলায়ন কৰিছিল দুই মূল অভিযুক্ত কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীয়ে ।

আজিৰ পৰা প্ৰায় দুবছৰ পূৰ্বেই নগাঁৱৰ কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীৰ নেতৃত্বত নগাঁৱত বুলছ আইজ নামৰ এটা প্ৰতিষ্ঠান জন্ম দি বিভিন্নজনৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছিল । পৰিকল্পনা অনুসৰিয়েই নগাঁৱৰ বহুকেইজন ব্যক্তিৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি বিলাসী জীৱন আৰম্ভ কৰিছিল বুলছ আইজ নামৰ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত দলটো । তেনে সময়তে ৰাজ্যত গোপনে হৈ থকা ট্রেডিং কেলেংকাৰী আহিছিল পোহৰলৈ । কাহিনী আৰম্ভ হৈছিল চুমি, বিশালৰ ট্রেডিং কেলেংকাৰীৰ খলনায়কৰ পৰাই ।

কেইবাকোটি টকাৰ ট্রেডিং কেলেংকাৰী (ETV Bharat Assam)

ৰাজ্যত ট্ৰেডিঙৰ নামত সংঘটিত হাজাৰ কোটিৰো অধিক টকাৰ কেলেংকাৰী পোহৰলৈ অহাৰ পাছত বুলছ আইজ নামৰ প্ৰতিষ্ঠানৰো এজন সদস্য গ্ৰেপ্তাৰ হৈছিল । পৰৱৰ্তী সময়ত ৰাজ্যৰ ট্রেডিং কেলেংকাৰীৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰি কেন্দ্ৰীয় অনুসন্ধান শাখা চি বি আয়ে আৰম্ভ কৰে অন্যান্য ট্রেডিং কেলেংকাৰীৰ লগতে বুলছ আইজৰ ট্রেডিং কেলেংকাৰীও ।

প্ৰায় ছমাহমান পূৰ্বে চি বি আইৰ এটা দলে নগাঁৱত বাঁহৰ পাতি ট্রেডিং বুলছ আইজৰ কেলেংকাৰীৰ অনুসন্ধান কৰাৰ সময়তে একাংশ বিনিয়োগকাৰীৰ ভাষ্যৰ ভিত্তিত চি বি আয়ে প্ৰদান কৰে ক্লিনশ্বিট । পূৰ্বে চি বি আইৰ পৰা ক্লিনশ্বিট লাভ কৰাৰ পাছতেই বিনিয়োগকাৰীক ধন ঘূৰাই দিয়াৰ প্ৰলোভন দিয়া বুলছ আইজৰ নামত কেলেংকাৰী সংঘটিত কৰা দুই মূল অভিযুক্ত অনিৰ্বাণ দেউৰী আৰু কাশ্যপ ফুকনে পলায়ন কৰে ।

Nagaon police arrested trading mastermind Anirban Deuri
নগাৱঁৰ ট্রেডিং কেলেংকাৰীৰ অভিযুক্ত অনিৰ্বাণ দেউৰী (Social media)

দুই মূল অভিযুক্তৰ পলায়নৰ পাছতেই একপ্ৰকাৰ হাহাকাৰ লাগে বিনিয়োগকাৰীৰ মাজত। বিনিয়োগকাৰীৰ একাংশই অভিযুক্তৰ বাসগৃহ ঘেৰাও, ধৰ্ণা, প্ৰতিবাদ আদি কৰাৰ উপৰিও ন্যায় বিচাৰি জিলা আৰক্ষী অধীক্ষক আৰু জিলা আয়ুক্তৰ কাষ চাপে ।

সমগ্ৰ ঘটনাৰ এক অনুসন্ধান আৰু নগাঁও আৰক্ষীৰ তৎপৰতাত অৱশেষত নগাঁও আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হয় দুই অভিযুক্ত অনিৰ্বাণ দেউৰী আৰু কাশ্যপ ফুকনক । আৰক্ষীৰ জালত পৰাৰ পূৰ্বে সামাজিক মাধ্যমত ভিডিঅ' আপলোড কৰি এজনে আন এজনলৈ দোষ ঠেলি নিজকে ধোঁৱা তুলসীৰ পাত সজাবলৈ চেষ্টা কৰিছিল ।

কিন্তু অৱশেষত নগাঁও আৰক্ষীয়ে দিল্লীৰ পৰা বুধবাৰে নিশা অনিৰ্বাণ দেউৰীক আটক কৰাৰ লগতে অন্যতম অভিযুক্ত কাশ্যপ ফুকনকো আটক কৰি পুৱাৰ ভাগত নগাঁও সদৰ আৰক্ষী থানাত দুয়োকে হাজিৰ কৰায় । সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত দুই মূল অভিযুক্ত কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীক নগাঁও আৰক্ষীৰ উচ্চপদস্থ বিষয়াই মুখামুখিকৈ জেৰা চলাই থকা বুলি জানিব পৰা গৈছে ।

আৰক্ষীৰ জেৰাত অভিযুক্ত দুজনে কি মন্তব্য কৰিছে সেয়া আৰক্ষীয়ে এই পৰ্যন্ত প্ৰকাশ কৰা নাই যদিও এজনে আন এজনৰ বিৰুদ্ধে পূৰ্বৰ দৰেই অভিযোগ প্ৰতি অভিযোগ কৰি থকা বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ।

Nagaon police arrested trading mastermind Anirban Deuri
নগাঁৱৰ ট্রেডিং কেলেংকাৰীৰ অভিযুক্ত কাশ্যপ ফুকন (Social media)

পূৰ্বেই বিপৰীত ভাষ্য প্ৰদান কৰা দুই অভিযুক্ত কাশ্যপ ফুকন আৰু অনিৰ্বাণ দেউৰীক বৃহস্পতিবাৰে পুৱা নগাঁও আৰক্ষীয়ে সদৰ আৰক্ষী থানাত হাজিৰ কৰাৰ পাছতেই আৰক্ষী থানাৰ সন্মুখত ভিৰ কৰে বহু বিনিয়োগকাৰীয়ে ।

নিজৰ কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰি এতিয়া বিপদত পৰা বিনিয়োগকাৰীয়েও এতিয়া কেৱল নিজৰ প্ৰাপ্য ধন বিচাৰি অনুৰোধ কৰিছে আৰক্ষীক । দুই মূল অভিযুক্তক কৰায়ত্ত কৰাত নগাঁও আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰি প্ৰাপ্য ধন ঘূৰাই দিবলৈ দাবী উত্থাপন কৰে বিনিয়োগকাৰীয়ে ।

সম্প্ৰতি নগাঁও সদৰ আৰক্ষী থানাত জেৰা অব্যাহত ৰখা দুই অভিযুক্ত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাৰ অন্তত পুনৰ আৰক্ষীয়ে নিজৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : 'বুলছ আইজ'ৰ কাশ্যপ, অনিৰ্বাণে ঢোকে ঢোকে পানী খুৱাইছে নগাঁৱৰ ৰাইজক

লগতে পঢ়ক : বিশাল, চুমি নহয় এইবাৰ অনিৰ্বাণক বিচাৰি হাহাকাৰ বিনিয়োগকাৰীৰ