ETV Bharat / state

নগাঁৱত শিপাইছে চাইবাৰ অপৰাধীয়ে: অসাৱধান হ’লেই আপুনিও হ’ব পাৰে চিকাৰ !

বৃহৎ সংখ্যক এ টি এম, বিভিন্ন সামগ্ৰী, নগদ ধনসহ আৰক্ষীৰ জালত তিনি অভিযুক্ত ।

CYBER CRIMINAL IN NAGAON
নগাঁৱত শিপাইছে চাইবাৰ অপৰাধীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 18, 2025 at 10:07 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও: মধ্য অসমৰ মৰিগাঁও জিলাৰ পৰা অভিলেখসংখ্যক চাইবাৰ অপৰাধী আৰক্ষীৰ জালত পৰাৰ পাছত যেন চাইবাৰ অপৰাধীৰ টাৰ্গেট হৈ পৰিছে নগাঁও । মৰিগাঁও জিলাৰ পৰা চাইবাৰ অপৰাধীৰ কেইবাটাও বৃহৎ ঘাটি উৎখাতৰ পাছত এইবাৰ নগাঁৱৰ পৰাও উৎখাত হৈছে এটা সন্দেহজনক চাইবাৰ অপৰাধী চক্ৰ ।

চাইবাৰ অপৰাধ সংঘটিত কৰাৰ গোপন সূত্ৰে এক খবৰ লাভ কৰাৰ পাছতেই ৰহা অঞ্চলৰ চক্ৰটোৰ বিৰুদ্ধে তৎপৰ হৈ পৰে নগাঁও আৰক্ষী । সূত্ৰটোৰ খবৰৰ ভিত্তিতেই সোমবাৰে নিশা ৰহা আৰক্ষীৰ সহযোগত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় ।

সোমবাৰে নিশা নগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ এটা দলে ৰহা আৰক্ষীৰ সহযোগত মণিপুৰটুপ বজাৰত অভিযান চলাই এটা চি এছ পিৰ পৰা বৃহৎসংখ্যক এ টি এম কাৰ্ডৰ লগতে বিভিন্ন নথিপত্ৰসহ চি এছ পিৰ স্বত্বাধিকাৰীৰ লগতে আন দুজনকৈ লোকক নিশাই আটক কৰাৰ পাছত সোধা-পোছাৰ অন্তত মঙলবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধত জড়িত থকা তিনি অভিযুক্তক ।

আৰক্ষীৰ দলটোৱে ৰহা আৰক্ষী থানাৰ অন্তৰ্গত মণিপুৰটুপ বজাৰস্থিত "জুনাইদ কম্পিউটাৰ" তথা বেংক অৱ ইণ্ডিয়াৰ চি এছ পিত অভিযান চলাই এ টি এম কাৰ্ডৰ লগতে বেংকৰ চেকবুক, বেংক পাছবুক আদিৰ উপৰিও বৃহৎ পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ।

নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কয়, "অভিযানকাৰী আৰক্ষীৰ দলটোৱে চি এছ পি-টোত অভিযান চলাই চক্ৰটোৰ পৰা ১৮৫ খন বিভিন্ন বেংকৰ এ টি এম কাৰ্ড, ৭৪ খন বিভিন্ন প্ৰকাৰৰ ব্যক্তিৰ পৰিচয় পত্ৰ, ১৬ খন বেংকৰ চেকবুক, ৪৬ খন বিভিন্ন বেংক পাছবুক, ৪ টা ম’বাইল ফোন, এটা টেবলেট, ৪ টা লেপটপ, দুটা হাতৰ আঙুলি চাপ সংবেদক, এটা প্ৰিণ্টাৰ জব্দ কৰাৰ উপৰিও চক্ৰটোৰ পৰা নগদ ১ লাখ ৮৯ হাজাৰ টকা জব্দ কৰিবলৈ সক্ষম হয় ।"

লগতে জুনাইদ কম্পিউটাৰৰ স্বত্বাধিকাৰী জুনাইদুৰ ৰহমানৰ লগতে কৰ্মচাৰী মাইনুল হক আৰু আমিনুল হকক আটক কৰাৰ পাছত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে । আৰক্ষীৰ জালত পৰা ৰহাৰ চাইবাৰ অপৰাধী চক্ৰটো ক’ত, কিমান চাইবাৰ অপৰাধত জড়িত সেই তথ্যৰ বাবে নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক: নগাঁও আৰক্ষীৰ জালত পৰিল চাৰি চাইবাৰ অপৰাধী - CYBER CRIMINAL IN NAGAON