কোনে কাটি এৰুৱাই নিলে গৌৰৱ গগৈৰ মুখ ?
দলীয় কৰ্মীক সাক্ষাতৰ উদ্দেশ্যে নগাঁৱত উপস্থিত প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি । তাৰ পূৰ্বেই অঘটন ৷

Published : June 2, 2025 at 1:33 PM IST
নগাঁও: হঠাৎ তৎপৰতা নগাঁও পৌৰসভাৰ । আজি পুৱতি নিশাৰে পৰাই পৌৰসভাৰ কৰ্মীয়ে চহৰখনত এফালৰ পৰা বেনাৰ, প’ষ্টাৰ আদি আঁতৰ কৰাত ব্য়স্ত হৈ পৰে । নগাঁও পৌৰসভাই পিছে বাচি বাচি কংগ্ৰেছ দলৰহে বেনাৰ, প’ষ্টাৰ আঁতৰ কৰি পৌৰসভাৰ বাহনত উঠাই নিয়ে । এই বিষয়ে জানিব পাৰি দলটোৰ নেতা-কৰ্মীসকলে আগভেটি ধৰে পৌৰসভাৰ বাহনকেইখন । বাহনৰ পৰা ৰাস্তাতেই নমাই ৰাখিলে আঁতৰ কৰা বেনাৰ,প’ষ্টাৰসমূহ ।
সোমবাৰে দিনজোৰা কাৰ্যসূচীৰ বাবে নগাঁৱত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱনিযুক্ত সভাপতি তথা সাংসদ গৌৰৱ গগৈ । পুৱতি নিশা নগাঁৱৰ বৰঘাট বাইপাছৰ এখন হোটেলত উপস্থিত হোৱা নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে পুৱা কাৰ্যসূচীৰ বাবে ৰাওনা হোৱাৰ পূৰ্বেই নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত লগোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বেনাৰ, প’ষ্টাৰ, হ'ৰ্ডিং আদি ফালি আঁতৰ কৰি নিলে পৌৰসভাই ।
প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিক আদৰিবলৈ দলীয় নেতা-কৰ্মীয়ে নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত আঁৰিছিল গৌৰৱ গগৈৰ বৃহৎ আকাৰৰ বেনাৰ, প’ষ্টাৰৰ লগতে হ'ৰ্ডিং ৷ কিন্তু পুৱাই নগাঁও পৌৰসভাৰ এখন বাহনত উঠাই লৈ যোৱা হয় গৌৰৱ গগৈৰ বেনাৰ, হ'ৰ্ডিং আদি । পুৱাই গৌৰৱ গগৈৰ বেনাৰ, হ'ৰ্ডিং খুলি পৌৰসভাৰ বাহনেৰে লৈ যোৱা ঘটনাই নগাঁৱৰ কংগ্ৰেছ মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । পৌৰসভাৰ অভিযোগ- দলটোৱে এই সন্দৰ্ভত লোৱা নাছিল আগতীয়া অনুমতি ।
নগাঁও পৌৰসভাৰ অজ্ঞতা প্ৰকাশ :
বেনাৰ, হ'ৰ্ডিং আদি খুলি লৈ যোৱাৰ সময়তেই উক্ত স্থানত উপস্থিত হৈ এনে কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে নগাঁৱৰ কংগ্ৰেছ নেতা মৃণাল হাজৰিকা । সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতিৰ বেনাৰ, হ'ৰ্ডিং খুলি নিয়া কাৰ্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ নেতা মৃণাল হাজৰিকাই । নগাঁও পৌৰসভাৰ বিষয়াৰ সৈতে এই সন্দৰ্ভত ফোনযোগে বাৰ্তালাপ কৰাৰ কথা উল্লেখ কৰি মৃণাল হাজৰিকাই কয়, “গৌৰৱ গগৈৰ বেনাৰ, প’ষ্টাৰ খুলি নিয়া সন্দৰ্ভত নগাঁও পৌৰসভাৰ বিষয়াই অজ্ঞতা প্ৰকাশ কৰে । এয়া ওপৰৱালাৰ নিৰ্দেশত সংঘটিত হৈছে ।”
স্থিতি স্পষ্ট কৰা নাই পৌৰসভাই :
গৌৰৱ গগৈৰ ফটোসম্বলিত বৃহৎ আকাৰৰ বহু হ'ৰ্ডিং খুলি নিয়া কাৰ্যৰ বিৰোধিতা কৰি ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছ নেতা মৃণাল হাজৰিকাই । অৱশ্য়ে পুৱাই নগাঁও চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা গৌৰৱ গগৈৰ বেনাৰ, হ'ৰ্ডিং ফালি পেলোৱা আৰু খুলি নিয়া সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত কোনো স্থিতি স্পষ্ট কৰা নাই নগাঁও পৌৰসভাই ।

