ETV Bharat / state

সৎকাৰৰ তিনিদিন পাছতেই কিদৰে জীৱন্তে উদ্ধাৰ হ’ল কিশোৰী ?

এক সঁচা কাহিনী যদিও সপোন সপোন যেন লাগে । নিৰুদ্দেশ হোৱা কন্যাৰ মৃতদেহ বুলি সৎকাৰ কৰাৰ পাছত ঘটনাই ল'লে নতুন মোৰ...

Nagaon missing teenager incident
কিদৰে জীৱন্তে উদ্ধাৰ হ’ল কিশোৰী ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 21, 2025 at 5:10 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও : হঠাতেই বাজি উঠিল মোবাইল ফোনটো । এজন যুৱকৰ বন্ধ হৈ থকা ফোনটো অন কৰিছিলহে মাত্ৰ । ফোনটো ৰিচিভ কৰাৰ লগে লগে নিজৰ কাণকেই বিশ্বাস কৰিব পৰা নাই যুৱকজনে । কাৰণ তেওঁলৈ যিয়ে ফোন কৰিছিল সেই নামটো শুনিলে সকলোৰেই একে অৱস্থা হ'বই । ফোন কৰোতাক দুদিন পূৰ্বেই সৎকাৰ কৰিছিল পৰিয়ালৰ লোকেই । সেইবাবে আচৰিত নহৈ নোৱাৰে । এয়া কোনো চিনেমা বা সপোনত দেখা কাহিনী নহয়, এক বাস্তৱ কাহিনীহে ।

যুৱকজনলৈ কৰা এই ফোন কলটো আছিল হত্যা কৰা বুলি সন্দেহ কৰি মৃতদেহ সৎকাৰ কৰা এগৰাকী কিশোৰীৰ । সৎকাৰৰ তিনিদিন পাছত সন্ধানহীন কিশোৰীৰ ফোন কল পাই স্তম্ভিত হৈছিল যুৱক চন্দন ডেকাৰজা । কাৰণ কিছুসময় আগলৈকে এই ফোনটো আছিল আৰক্ষীৰ জিম্মাত । আৰক্ষীৰ জিম্মাৰ পৰা ফোনটো হাতত লোৱাৰ পাছতেই আহিল একেগৰাকী কিশোৰীৰ কণ্ঠস্বৰৰ এটি ফোনকল ।

কিদৰে জীৱন্তে উদ্ধাৰ হ’ল কিশোৰী ? (ETV Bharat Assam)

সৎকাৰৰ পাছত এগৰাকী সন্ধানহীন কিশোৰী জীৱন্তে উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে নগাঁৱত । এই ঘটনাটো নগাঁৱৰ ৰহাৰ । ৰহাৰ এগৰাকী কিশোৰী ঘৰৰ পৰা সন্ধানহীন হৈছিল বিগত ১১ জুনত । এই নিৰুদ্দেশ হোৱা সন্দৰ্ভত স্থানীয় ৰহা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল নিৰুদ্দিষ্ট কিশোৰীৰ পৰিয়ালে । পৰিয়ালৰ লগতে আৰক্ষীয়েও বিচাৰ-খোচাৰ কৰি থাকোতেই যোৱা ১৭ জুনত নগাঁৱৰ ডিফলুত উদ্ধাৰ হৈছিল এগৰাকী ছোৱালীৰ মৃতদেহ । এই খবৰ পায়েই ৰহাৰ সন্ধানহীন কিশোৰীগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত হৈ মৃতদেহটো সন্ধানহীন কিশোৰীগৰাকীৰ বুলিয়েই কৰিলে নিশ্চিত । আৰক্ষীয়েও মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ অন্তত চমজাই দিয়ে পৰিয়ালৰ লোকক ।

মৃতদেহটো চমজি লৈ ধৰ্মীয় নীতি-নিয়ম অনুসৰিয়েই সৎকাৰ কৰিলে । এই ঘটনাটোক লৈ সৰ্বত্ৰে সৃষ্টি হ’ল চাঞ্চল্য, প্ৰতিক্ৰিয়াৰ । ৰাইজৰ প্ৰতিবাদত উত্তাল হৈ পৰে ৰহা অঞ্চল । আৰক্ষীও তৎপৰতাৰে পাঁচজনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৰহা অঞ্চলৰেই চন্দন ডেকাৰজাৰ মোবাইল ফোন জব্দ কৰে । এদিন পাছতেই চন্দন ডেকাৰজাক জেৰাৰ অন্তত মোবাইল ফোনটোও ঘূৰাই দিয়ে ৰহা আৰক্ষীয়ে । আৰক্ষী থানাৰ পৰা মোবাইল ফোনটো হাতত লোৱাৰ পাছতেই বাজি উঠে কিশোৰীগৰাকীৰ ফোনকল ।

কাক ফোন কৰিছিল সন্ধানহীন কিশোৰীয়ে ?

প্ৰথমে বিশ্বাস কৰিব পৰা নাছিল চন্দন ডেকাৰজাই । পৰৱৰ্তী সময়ত আৰক্ষীক সমগ্ৰ ঘটনাটো অৱগত কৰাত আৰক্ষীয়ে গুৱাহাটীৰ পৰা জীৱন্তে উদ্ধাৰ কৰে সন্ধানহীন কিশোৰীগৰাকীক । সম্প্ৰতি কিশোৰীগৰাকীক নগাঁও শিশু আৰু নাৰী গৃহত ৰখা হৈছে । এই সন্দৰ্ভত চন্দন ডেকাৰজাই কয়," মোক সোধ-পোছ কৰিবলৈ থানালৈ মাতি অনাৰ পিচত মোবাইলটো থানাতেই ৰাখিছিল । আজি ফোনটো নিবলৈ আহিছো । মোৰ ফোনটো অন কৰাৰ লগে লগে এটা অচিনাকী নম্বৰৰ পৰা এটা ফোনকল আহিল । অমূকৰ ছোৱালীয়ে কৈছো বুলি ক'লে । সঁচাই কৈছে নে বুলি সুধিলো ।... তাৰ পিচত মই আৰক্ষীক এই বিষয়ে অৱগত কৰো ।"

লগতে পঢ়ক:সৎকাৰ কৰাৰ পিচতেই জীৱন্তে উদ্ধাৰ সন্ধানহীন কিশোৰী - MISSING TEENAGER RESCUED