ETV Bharat / state

ক'ত আছে সম্প্ৰীতিৰ বাৰ্তা বিলোৱা পূজা মণ্ডপ ?

Communal Harmony in Nagaon Puja : ধৰ্মৰ সাৰমৰ্ম প্ৰেম আৰু ভাতৃত্ববোধ । এই সন্দৰ্ভত ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ এক বিশেষ প্ৰতিবেদন ।

Communal Harmony in Nagaon Puja
ক'ত আছে সম্প্ৰীতিৰ বাৰ্তা বিলোৱা পূজা মণ্ডপ ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 11, 2024 at 8:02 PM IST

3 Min Read
Choose ETV Bharat

নগাঁও, ১১ অক্টোবৰ : দুৰ্গা পূজাৰ জৰিয়তেও সমাজত বিলাব পৰা যায় শান্তি-সম্প্ৰীতিৰ বাৰ্তা । ইয়াৰে এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিছে এখন পূজা মণ্ডপে । কেৱল সম্প্ৰীতিৰেই নহয়, প্ৰকৃতি সুৰক্ষাৰো বাৰ্তা বিলাইছে পূজা মণ্ডপৰ জৰিয়তে। পিচে ক'ত আছে সম্প্ৰীতিৰ বাৰ্তা বিলোৱা এই বিশেষ পূজা মণ্ডপখন ?

ধৰ্মীয় অসহিষ্ণুতাই সাম্প্ৰতিক সমাজক প্ৰায়ে একপ্ৰকাৰ অস্থিৰ কৰি তোলাৰ সময়তে শাৰদীয় দুৰ্গোৎসৱৰ জৰিয়তে শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিলাইছে এখন পূজা মণ্ডপে । পূজা মণ্ডপখনত চলি থকা পূজা-অৰ্চনাৰ সময়তেই পূজা মণ্ডপখনৰ কাষতেই ইছলাম ধৰ্মাৱলম্বী লোকসকলে আদায় কৰিছে তেওঁলোকৰ ধৰ্মীয় কাম-কাজ ।

ক'ত আছে সম্প্ৰীতিৰ বাৰ্তা বিলোৱা পূজা মণ্ডপ ? (ETV Bharat Assam)

এফালে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মছজিদত আজানৰ সুৰধ্বনি, আনফালে দুৰ্গা পূজাৰ ঢাকৰ শব্দই যেন বিলাইছে সম্প্ৰীতিৰ বাৰ্তা । হয়, এনে এক পূজা মণ্ডপ আছে নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱত । নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱৰ বিবেকানন্দ পল্লী পূজা সমিতিয়ে আয়োজন কৰা দুৰ্গা পূজাৰ মণ্ডপৰ সন্মুখতে আছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এটা মছজিদ । য'ত এলেকাটোৰ বহু লোকে একেলগে আদায় কৰে নামাজ ।

কিন্তু দুয়োটা ধৰ্মৰ লোকে একেলগে নিজা নিজা ধৰ্মৰ ধৰ্মীয় ৰীতি-নীতি অতি শান্তিপূৰ্ণভাৱে আদায় কৰি সমাজলৈ প্ৰেৰণ কৰিছে শান্তি-সম্প্ৰীতিৰ বাৰ্তা । ইছলাম ধৰ্মাৱলম্বী সোকসকলৰ মছজিদৰ সন্মুখতেই বিশাল আকাৰৰ পূজা মণ্ডপ নিৰ্মাণ কৰি বছৰ বছৰ ধৰি দুৰ্গোৎসৱ উদযাপন কৰি আহিছে দক্ষিণ হয়বৰগাঁৱৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে ।

হিন্দু-মুছলমান উভয় সম্প্ৰদায়ৰ লোকে মিলাপ্ৰীতিৰে বসবাস কৰি অহা নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱত বিগত ৭০ বছৰে বিবেকানন্দ পল্লী পূজা সমিতিয়ে আয়োজন কৰি অহা দুৰ্গোৎৱত সম্পূৰ্ণ সহযোগ কৰি আহিছে এলেকাটোৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।

কেৱল শান্তি-সম্প্ৰীতিৰ বাৰ্তা বিলোৱাই নহয়, প্ৰতিবছৰেই ভিন্ন বিষয়বস্তু লৈ দুৰ্গা পূজাৰ মণ্ডপ নিৰ্মাণ কৰা নগাঁৱৰ দক্ষিণ হয়বৰগাঁৱৰ বিবেকানন্দ পল্লী পূজা সমিতিয়ে এইবেলিও এক ব্যতিক্ৰমী বিষয়বস্তু লৈ নিৰ্মাণ কৰিছে পূজা মণ্ডপ ।

প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা বিলোৱাৰ উদ্দ্যেশ্যে গছকটা বন্ধ কৰাৰ পৰা প্ৰদূষণ ৰোধ কৰাৰ প্ৰয়াস কৰিছে পূজা মণ্ডপৰ জৰিয়তে । গছকটাৰ ফলত পাহাৰে কান্দি থকাৰ এক প্ৰতিচ্ছবিও দাঙি ধৰাৰ প্ৰয়াস কৰিছে বিবেকানন্দ পল্লী পূজা সমিতিয়ে ।

আনকি পূজা মণ্ডপতেই অৰণ্য মানৱ যাদৱ পায়েঙে ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ লাভ কৰাৰ সময়ৰ ছবিও দাঙি ধৰা হৈছে । ষষ্ঠীৰ বেদীত দেৱী দুৰ্গাক প্ৰতিষ্ঠা কৰাৰ পাছত বুধবাৰে এই বিশেষ পূজা মণ্ডপখন উদ্বোধন কৰে অৰণ্য মানৱ যাদৱ পায়েঙে ।

আনহাতে, সম্প্ৰীতিৰ লগতে প্ৰকৃতি সুৰক্ষাৰ বাণী বিলোৱা নগাঁৱৰ দক্ষিণ হয়বৰগাঁৱৰ পূজা মণ্ডপ দৰ্শন কৰি গৈ নিজা নিজা ঘৰত এজোপাকৈ গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনাই নগাঁৱৰ বিবেকানন্দ দুৰ্গোৎসৱ সমিতিয়ে ।

লগতে পঢ়ক :তেজপুৰৰ ঐতিহাসিক ভৈৰৱী মন্দিৰত মহানৱমী : ভৈৰৱী মন্দিৰৰ কিংবদন্তী
লগতে পঢ়ক :ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত ৫৬ টাকৈ ম'হ বলি-উচৰ্গা