ই-ৰিক্সাৰ চকা নুঘূৰিলে নজ্বলে চৌকা, পিতৃয়ে নাপায় দৰৱ: কঠোৰ জীৱন সংগ্ৰামৰ বৰ্ণনা দি এগৰাকী কলেজীয়া ছাত্ৰীৰ উচুপনি
কান্দিবলৈ মন গ'লেও কান্দিব নোৱৰা এগৰাকী কলেজীয়া ছাত্ৰীৰ জীৱনৰ কঠোৰ সংগ্রাম সন্দৰ্ভত জ্যেষ্ঠ সাংবাদিক ৰকিবুল ওৱাহিদৰ বিশেষ প্ৰতিবেদন ।

Published : June 24, 2025 at 3:03 PM IST
নগাঁও: “এই বয়সত সন্মুখীন হোৱা কঠোৰ পৰিস্থিতিত বহুত ভাগি পৰোঁ, কিন্তু মাহঁতক জানিবলৈ নিদিওঁ ।” ই টিভি ভাৰতৰ সন্মুখত এই কথা উল্লেখ কৰিয়েই উচুপি উঠিল এগৰাকী কলেজীয়া ছাত্ৰী ।
এখন ই-ৰিক্সা আৰু তিনিজনীয়া এটা পৰিয়াল । হয়, এখন ই-ৰিক্সাৰ তিনিটা চকাৰ ওপৰতেই নিৰ্ভৰশীল তিনিজনীয়া এটা পৰিয়াল । তিনিজনীয়া পৰিয়ালটোৰ পেটৰ ভাতমুঠিৰ পৰা আৰম্ভ কৰি পিতৃৰ ঔষধ, নিজৰ পঢ়াৰ খৰচ আদি সকলো নিৰ্ভৰশীল এগৰাকী কলেজীয়া ছাত্ৰীৰ এখন ই-ৰিক্সাৰ ওপৰতে ।
কলেজীয়া জীৱনতেই কঠোৰ জীৱন সংগ্রামত ব্ৰতী নগাঁৱৰ পোতনি সোণাৰিগাঁৱৰ এগৰাকী সাধাৰণ কিন্তু অদম্য সাহস আৰু পৰিস্থিতিৰ সৈতে হাৰ নমনা যুৱতী গংগোত্ৰী হাজৰিকা । বহু সম্ভ্ৰান্ত পৰিয়ালৰ সন্তান কলেজীয়া জীৱনত বিলাসী জীৱনশৈলী আৰু ৰঙীন সপোনত বিভোৰ হৈ পৰে । কিন্তু গংগোত্ৰীৰ জীৱন তাৰ সম্পূৰ্ণ বিপৰীত ।

ননৈ মহাবিদ্যালয়ৰ দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী গংগোত্ৰী হাজৰিকাই এখন ই-ৰিক্সা চলাই নিজৰ পঢ়া-শুনাৰ খৰচ যোগাৰ কৰাৰ লগতে পিতৃৰ ঔষধ, পৰিয়ালটোৰ জীৱিকা নিৰ্বাহ কৰি আছে । তেওঁৰ এই কঠোৰ সংগ্ৰাম আৰু অদম্য সাহস নৱপ্ৰজন্মৰ বাবে এক আদৰ্শৰ প্ৰতীক হৈ পৰিছে ।

আন ছাত্ৰ-ছাত্ৰীৰ দৰে গংগোত্ৰী হাজৰিকাও কলেজলৈ যায় যদিও প্ৰায়েই উপস্থিত থাকিব নোৱাৰে শ্ৰেণীত । কাৰণ গংগোত্ৰীৰ কান্ধত আছে পিতৃৰ ঔষধ ক্ৰয়ৰ পৰা ঘৰৰ সকলো লাগতিয়াল সামগ্ৰী ক্ৰয় কৰাৰ দায়িত্ব ।
ছাত্ৰ জীৱনতেই পৰিয়ালৰ দায়িত্ব
গংগোত্ৰীৰ জীৱনৰ এই সংগ্রাম আৰম্ভ হৈছিল আজিৰ পৰা দুটা বছৰ পূৰ্বেই । অৰ্থাৎ গংগোত্ৰী তেতিয়া উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰী । পিতৃ ৰঞ্জন হাজৰিকা বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈছিল । ভেটি মাটিৰ বাদে সমস্ত মাটি বিক্ৰী কৰি পিতৃৰ চিকিৎসাৰ নামত খৰচ কৰিছিল ।

পিতৃ সুস্থ থকা অৱস্থাত মাটিৰ কিছু অংশ বিক্ৰী কৰি ক্ৰয় কৰিছিল ই-ৰিক্সাখন । কিন্তু পিতৃ হঠাৎ অধিক অসুস্থ হৈ পৰাত ঘৰখনক একমাত্ৰ উপাৰ্জন দিয়া ই-ৰিক্সাখনো চলাব নোৱৰা হৈ পৰে পিতৃ ৰঞ্জন হাজৰিকা । উপায়হীন হৈ বিগত দুবছৰ ধৰি পিতৃৰ দায়িত্ব পালন কৰি ই-ৰিক্সাৰে ভাৰা মাৰি পৰিয়াল পোহপালৰ লগতে পিতৃৰ নিয়মীয়া ঔষধৰ যোগান ধৰি আহিছে আনন্দ-স্ফূৰ্তিত মতলীয়া হৈ থাকিবলগীয়া বয়সতে সংগ্রাম কৰা গংগোত্ৰী হাজৰিকাই ।
এতিয়া এফালে দুবেলা দুমুঠি ভাতৰ চিন্তা, আনফালে পিতৃৰ নিয়মীয়া ঔষধ ক্ৰয়ৰ তাগিদা । নিজৰ পঢ়া-শুনাৰ খৰচৰ চিন্তা আছেয়ে । যেন চকুৰে বাট নেদেখা এক অৱস্থাত বুকত অদম্য সাহস গোটাই পৰিয়ালৰ দায়িত্ব মূৰ পাতি লৈ সকলো কৰি গৈছে গংগোত্ৰী হাজৰিকাই । সাৰথি কেৱল পিতৃয়ে চলোৱা এখন ই-ৰিক্সা ।
স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰী গংগোত্ৰী হাজৰিকাই অসাধাৰণ পৰিশ্ৰম আৰু সাহসেৰে এই দায়িত্ব পালন কৰি গৈছে । এফালে ই-ৰিক্সা চলাই পৰিয়ালৰ অৰ্থনৈতিক দুৰৱস্থাৰ সৈতে যুঁজ, আনফালে কলেজৰ পাঠ্যক্ৰমৰ বোজাও বহন কৰিবলগীয়া হৈছে গংগোত্ৰী হাজৰিকাই ।
দিনত কলেজত পাঠ গ্ৰহণৰ লগতে পৰিয়ালৰ ভাতমুঠি যোগানৰ তাগিদাত ই-ৰিক্সা চলাই কৰিব লাগে উপাৰ্জন । আনফালে ৰাতি ৰাতি কৰিব লাগে অধ্যয়ন । এনে এক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি গৈছে সাহসী ছাত্ৰী গংগোত্ৰী হাজৰিকাই । কেৱল এয়াই নহয়, ই-ৰিক্সাখনৰ ভাৰা নোপোৱা সময়ত ঘৰতেই কাপোৰ চিলাই, সৰু সৰু লকেট আদিও নিজে বনাই বিক্ৰী কৰে গংগোত্ৰী হাজৰিকাই ।
গংগোত্ৰী হাজৰিকা দৈনিক কলেজলৈ যায় যদিও ই-ৰিক্সাখনৰ ভাৰাৰ খবৰ পালে কলেজৰ পৰাও ছুটী লৈ উপাৰ্জন কৰিবলৈ ওলাই আহে গংগোত্ৰী হাজৰিকা ।
প্ৰতিকূলতাৰ মাজতো অটল সংকল্প
গংগোত্ৰীৰ জীৱনৰ পথ একেবাৰেই নহয় মসৃণ । বিগত বৰ্ষত বনৰীয়া হাতীৰ আক্ৰমণত তেওঁলোকৰ বাসগৃহও ভাঙি লণ্ডভণ্ড হৈছিল, যাৰ ফলত পৰিয়ালটোৱে অধিক দুখ-কষ্টৰ মাজেৰে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে । এই প্ৰতিকূলতাৰ মাজতো গংগোত্ৰীৰ সাহস আৰু আত্মবিশ্বাস কমা নাই ।
তেওঁ ই-ৰিক্সাৰ চকা ঘূৰাই পৰিয়াল পোহপাল দিয়াৰ লগতে নিজৰ ভৱিষ্যত গঢ়াৰ সপোন দেখিছে । তেওঁৰ এই অটল সংকল্প আৰু কঠোৰ পৰিশ্ৰমে গংগোত্ৰীক এক প্ৰেৰণাদায়ী ব্যক্তিত্ব হিচাপে পৰিগণিত কৰিছে ।
নৱ প্ৰজন্মৰ বাবে আদৰ্শ
গংগোত্ৰী হাজৰিকাৰ জীৱনৰ এই কঠোৰ পৰিস্থিতি কেৱল যেন সংগ্ৰামেই নহয়, ই আত্মনিৰ্ভৰশীলতা আৰু দায়িত্ববোধৰো এক অনন্য নিদৰ্শন । তেওঁৰ জীৱনৰ এই সংগ্রামে কঠিন পৰিস্থিতিৰ মাজতো সাহস আৰু পৰিশ্ৰমৰ মাজেৰে যে পৰিয়ালৰ দায়িত্ব লৈয়ো নিজকে আগুৱাই লৈ যাব পাৰি তাৰে এক আদৰ্শ দেখুৱাইছে নৱপ্ৰজন্মক ।
এই ক্ষেত্ৰত গংগোত্ৰীয়ে কয়, "... মই বি এ ছেকণ্ড ছিমেষ্টাৰত পঢ়ি আছোঁ । মেজৰ লোৱা নাই গাড়ীখনৰ কাৰণে । পৰিয়াল মানে তেনেকে চলাই থাকিবলগা হৈছে । পাপাৰ অসুস্থতাৰ কাৰণে মই গাড়ীখন চলাই থাকিবলগা হৈছে ।"
ই-ৰিক্সা চলোৱা প্ৰসংগত কয়, "হায়াৰ ছেকেণ্ডাৰী পাছ নকৰাৰ আগৰে পৰাই চলাই আছোঁ । মই ৰিজাৰ্ভ পালে যাওঁ, দৈনিক লাইনত নাযাওঁ । প্ৰিন্সিপাল মেমক আৰু ডিপাৰ্টমেণ্টৰ ছাৰ-বাইদেউক কৈ থোৱা আছে, ভাৰা পালে কলেজ নাযাওঁ ।"
গংগোত্ৰীৰ এই সংগ্ৰাম আৰু সাহসৰ উদাহৰণে সমাজৰ বহুতৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । কলেজীয়া ছাত্ৰী গংগোত্ৰী অবিহনে যেন এতিয়া ঘৰখনেই হৈ পৰিছে অন্ধকাৰ । আনকি গংগোত্ৰী অবিহনে পিতৃ-মাতৃৰ বৃদ্ধাশ্ৰমেই একমাত্ৰ ভৰসা হ’ব বুলিও আৱেগভৰা মন্তব্য কৰে গংগোত্ৰীৰ পিতৃ ৰঞ্জন হাজৰিকাই ।
গংগোত্ৰীৰ দৰে যুৱতীৰ কঠোৰ সংগ্ৰামৰ এক জীয়া ছবিয়ে সকলোৰে মন চুই গৈছে যদিও এই পৰ্যন্ত গংগোত্ৰীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই কোনো এজন হৃদয়ৱান লোক ।
পূৰ্বে বঢ়মপুৰ সমষ্টিৰ পৰা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্ভুক্ত হোৱা পৰিয়ালটোক বিধায়ক ৰূপক শৰ্মাই কিছু সহায়ৰ হাত আগবঢ়োৱা বুলিও উল্লেখ কৰে গংগোত্ৰীৰ মাতৃ লিপিকা বৰা হাজৰিকাই । কিন্তু আজি পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, বিনামূলীয়া বিদ্যুৎ অথবা নিযুত মইনাৰ দৰে আঁচনিয়েও পৰিয়লাটোক ঢুকি পোৱা নাই বুলি মন্তব্য কৰে গংগোত্ৰী হাজৰিকাৰ মাতৃয়ে । অৱশ্যে অৰুণোদয় আঁচনি লাভ কৰাৰ কথা জনায় গংগোত্ৰী হাজৰিকাই ।
তেওঁ কয়, "... ঘৰখন ছোৱালীজনীয়ে চলাই আছে । মাহটোত ৫-৬ হাজাৰ টকাৰ মেডিচিন. ইনজেকচন এটা লওঁতে ২৩৫০ টকা । সপ্তাহত এটা । আকৌ সেইফালেও গোটাবলগীয়া হয় ... তাই ৰিজাৰ্ভ পালে যায় । সেইকেইটাৰে ঘৰো চলোৱা হয়, ঔষধ-পাতিও অনা হয়, কলেজৰ খৰচ তাই নিজে উলিয়াই লয় ।"
জীৱনৰ এক ৰঙীন সময়ত কঠোৰ জীৱন সংগ্রামত ব্ৰতী গংগোত্ৰী প্ৰায়েই ভাগি পৰে যদিও সেয়া তেওঁ পিতৃ-মাতৃক জানিবলৈ নিদিয়ে ।
আনহাতে, অসহায় পিতৃয়ে কন্যাৰ গধুৰ দায়িত্বৰ কথা উল্লেখ কৰি কয়, "তাই বি এ পঢ়ি আছে । তাৰ মাজতে তাই ঘৰখন চলাই আছে । কলেজলৈ যোৱা সময়খিনিত বন্ধ থাকে । কলেজৰ সময়ত ভাৰা আহিলে প্ৰিন্সিপালৰ লগত কথা পাতি থোৱা আছে ভাৰা আহিলে তাই কলেজ যাব নোৱাৰে । তেনেকৈয়ে চলি আছে ঘৰখন ।"
পৰিয়াল পোহপাল দিয়াৰ দায়িত্ব কান্ধত লোৱা গংগোত্ৰীৰ ই-ৰিক্সাৰ চকাৰ প্ৰতিটো ঘূৰ্ণনে কেৱল জীৱিকাৰ যোগান ধৰাৰ উপৰি নৱপ্ৰজন্মক সপোন দেখাৰ আৰু তাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সাহস আৰু প্ৰেৰণা যোগাইছে । যি সময়ত বহু পুত্ৰই নিজে বিলাসী জীৱন কটোৱাৰ পাছতো বৃদ্ধাৱস্থাত পিতৃ-মাতৃৰ বাবে সময় উলিয়াব নোৱাৰে, তেনে সময়ত কলেজীয়া জীৱনতেই পিতৃ-মাতৃৰ বাবে সংগ্ৰাম কৰি আন এক আদৰ্শ দেখুৱাইছে গংগোত্ৰী হাজৰিকাই ।

