নগাঁৱত বিধায়ক ৰূপক শৰ্মাৰ নেতৃত্বত হৰ ঘৰ ত্রিৰংগা অভিযান - INDEPENDENCE DAY 2024
78th Independence Day : স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত হাতে হাতে ত্ৰিৰংগা লৈ নগাঁৱত বিশাল বাইক ৰেলী । জিলা প্ৰশাসনৰ উদ্যোগত হৰ ঘৰ ত্রিৰংগা অভিযানৰ লগত সংগতি ৰাখি উলিওৱা হয় বাইক ৰেলী । লগতে সম্পন্ন ত্রিৰংগা সমলয় । বাইক ৰেলীত অংশগ্ৰহণ বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ ।

Published : August 13, 2024 at 10:51 PM IST
নগাঁও,১৩ আগষ্ট: ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ বাবে দেশজুৰি চলিছে ব্যাপক প্ৰস্তুতি । দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ নগাঁও জিলাতো তুংগত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি । স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত ত্ৰিৰংগা উৰুৱাই উলিওৱা এক বাইক ৰেলীয়ে মঙলবাৰে নগাঁৱত বিৰাজ কৰে এক উখল-মাখল পৰিৱেশ ।
মঙলবাৰে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা পৰিবহণ বিভাগৰ সহযোগত হৰ ঘৰ ত্রিৰংগা অভিযানৰ লগত সংগতি ৰাখি ডিমৰুগুৰি জিলা পৰিবহন বিষয়া তথা সচিব, আঞ্চলিক পৰিবহন প্ৰাধিকাৰী কাৰ্যালয়ৰ পৰা উলিওৱা হয় এক বিশাল বাইক ৰেলী । এই বাইক ৰেলীৰ ফ্লেগ অফ কৰে নগাঁও, বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ।
এই অনুষ্ঠানত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, জিলা উন্নয়ন আয়ুক্ত গুনজিত কাশ্যপ, অতিৰিক্ত আয়ুক্ত শৌভিক ভূঞা, জিলা পৰিবহণ বিষয়া গৌতম কুমাৰ দাস, সমাজকৰ্মী তথা নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিত নাথ, নগাঁও জিলা আৰক্ষী, নগাঁও আৰক্ষীৰ যান বাহন শাখা, জিলাৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰী, পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় দল-সংগঠনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ।
নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মঙলবেৰে বিয়লি নগাঁও মহাবিদ্যালয় (স্বায়ত্ত)ৰ শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ত্রিৰংগা সমলয়ো অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত বিভিন্ন দেশ প্ৰেমমূলক গীত- নৃত্য পৰিৱেশন কৰা হয় । উক্ত অনুষ্ঠানত জিলা ভিত্তিক সাংস্কৃতিক মহাসংগ্ৰামত বঁটা প্ৰাপক ক্ৰমে- জয়শ্ৰী বৰা, সুদৰ্শনা কাশ্যপ, শুভসুন্দৰ দেই গীত পৰিৱেশন কৰে ।
ইয়াৰ উপৰিও ৩৪ বেটেলিয়ান চি. আৰ. পি.এফৰ জোৱান সকলে দেশপ্ৰেমমূলক গীত-নৃত্যৰ অনুষ্ঠান পৰিৱেশন কৰে । শ্রী কৃষ্ণ কিংকৰ খাটনিয়াৰে আঁত ধৰা এই অনুষ্ঠানটিত জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপ, অতিৰিক্ত আয়ুক্তসকল, সহকাৰী আয়ুক্তসকল, চি. আৰ.পি.এফৰ ৩৪ বেটেলিয়ানৰ বিষয়াসকল, বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ লগতে নগাঁও মহাবিদ্যালয় (স্বায়ত্ত)ৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকল আৰু বহুসংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে ।

