৭ দিনৰ সময় ! অসমীয়াক অসমৰে মাটি এৰি যাবলৈ লৈ নগাই দিলে ভাবুকি
উৰিয়ামঘাট সীমান্তৰ অসমৰ দুখনকৈ গাঁৱত নাগালেণ্ডৰ গাঁওবুঢ়া আৰু চেয়াৰমেনে দিলে উচ্ছেদৰ জাননী । বান্ধি দিলে ৭ দিনৰ সময়সীমা ।

Published : August 21, 2025 at 1:34 PM IST
সৰুপথাৰ: অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ আৰু দীৰ্ঘদিন ধৰি চলি অহা উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযানৰ মাজে মাজে অসম-নাগালেণ্ড সীমান্তৰ বিবদমান ভূমি দখলৰ ন ন কৌশল অৱলম্বন কৰি আহিছে নগা দুষ্কৃতিকাৰীয়ে । সোমবাৰে কৃষ্ণপুৰ উচ্ছেদত বাধা প্ৰদান কৰাৰ পাছত পুনৰ অসমৰ ভূমিত নগাৰ দপদপনি অব্যাহত আছে ।
এইবাৰ অসমৰ দুখনকৈ গাঁৱত নাগালেণ্ডৰ গাঁওবুঢ়া আৰু চেয়াৰমেনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে গাঁওবাসীলৈ । ৰোচেইন, জান্দলাচোং বি, চান্দলাচোং নিউৰ চেয়াৰমেন আৰু ৰোচেইন, জান্দলাচোং বি, চান্দলাচোং নিউৰ গাঁওবুঢ়া স্বাক্ষৰিত জাননী প্ৰেৰণ কৰিছে অসমৰ ৰেংমা সংৰক্ষিত বনাঞ্চল চি চেক্টৰত থকা ১নং চেতিয়া গাঁও আৰু ২নং চেতিয়াগাঁৱত বসবাস কৰা প্ৰায় ১০ ঘৰ লোকলৈ ।
গোলাঘাট জিলাৰ উৰিয়ামঘাটৰ হালধিবাৰী পঞ্চায়তৰ অন্তৰ্গত ১ নং চেতিয়া গাঁৱত প্ৰায় ৮ ঘৰ আৰু ২ নং চেতিয়া গাঁৱত ২ঘৰ লোকক জাননী দি বান্ধি দিলে ৭ দিনৰ সময়সীমা । বিশেষ সূত্ৰৰ খবৰ অনুসৰি নাগালেণ্ডৰ চান্দলাচোংৰ নিবাসী ৰেংবেং নামৰ গাঁওবুঢ়াজনৰ গৃহত অতি গোপনে যোৱা ১৮ আগষ্ট তাৰিখে চেয়াৰমেন আৰু গাঁওবুঢ়াৰ মাজত হোৱা আলোচনাৰ পাছতে অতি কৌশলেৰে অসমৰ ১নং চেতিয়াগাঁও আৰু ২নং চেতিয়াগাঁৱৰ গাঁওবুঢ়াৰ স্বাক্ষৰ গ্ৰহণ কৰে নগা চেয়াৰমেন আৰু গাঁওবুঢ়াসকলে ।
স্বাক্ষৰ প্ৰদান নকৰিলে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰাৰো অভিযোগ সীমান্তৰ গাঁওবুঢ়াৰ । যদিও বা উক্ত আলোচনাৰ বাবে ১নং চেতিয়াগাঁও আৰু ২নং চেতিয়াগাঁৱৰ গাঁও প্ৰধান দুজনক নিমন্ত্ৰণ দিছিল কিন্তু উক্ত আলোচনাত ভাগ নল'লে গাঁওপ্ৰধান দুজনে । পৰৱৰ্তী সময়ত সেই চেয়াৰমেন, গাঁওবুঢ়াই স্বাক্ষৰ থকা জাননীৰ তালিকা প্ৰস্তুত কৰি এঘৰ এঘৰকৈ নিজে নগাই প্ৰদান কৰিছে ৭ দিনৰ সময়সীমাৰে উচ্ছেদৰ জাননী ।

সমগ্ৰ ঘটনাই এতিয়া উৰিয়ামঘাট সীমান্তৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । অসমৰ ভূমিত অসম চৰকাৰ তথা বিয়াগোম বিভাগবোৰ থাকোতে কেনেকৈ নগাই ইমান সাহস কৰিব পাৰিছে তাকে লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।
ইফালে, শেহতীয়াকৈ থুৰিবাৰী অঞ্চলতো এটা অবৈধ দখলকাৰীৰ বাসগৃহত অগ্নিসংযোগৰ ঘটনাৰ সৈতেও নগা দুর্বৃত্ত জড়িত থকা বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছিল যদিও সেয়া ৰহস্যৰ আৱর্তত । তাৰ পৰৱৰ্তী সময়ত পিঠাঘাটৰ সমীপৰ সোণাৰিবিল টোপত একাংশ নগাৰ দুষ্কৃতিকাৰীয়ে অস্থায়ী ঘৰ সজাৰ লগতে উক্ত এলেকা ৰৌচান ভিলেজৰ অন্তৰ্গত বুলি ফলক আঁৰি দি নাগালেণ্ডৰ বুলি দাবী কৰিছিল ।

অৱশ্যে উক্ত ঘটনাৰ খবৰ পোৱাৰ লগে লগে সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধীশ আৰু নিৰপেক্ষ বাহিনীয়ে উক্ত ফলক আৰু অস্থায়ী গৃহটো উচ্ছেদ কৰে যদিও অসমৰ ভূমিত যে নগাৰ চকু পৰিছে, সেয়া সহজেই অনুমেয় ।
উল্লেখ্য যে কিছুদিন পূৰ্বে সীমান্তৰ 'চি' ছেক্টৰৰ কৃষ্ণপুৰ গাঁৱত উচ্ছেদ আৰম্ভ কৰোতে উক্ত গাঁওখন নাগালেণ্ডৰ, ইয়াত অসম চৰকাৰক উচ্ছেদ চলাবলৈ দিয়া নহ'ব বুলি শতাধিক নগা মহিলাই হাতে হাতে দা-কুঠাৰ লৈ উচ্ছেদত তীব্র বাধা প্ৰদান কৰিছিল । কিন্তু নগাৰ এনেধৰণৰ আগ্রাসন আজিৰ নহয় ।
সুবিধা পালেই নগাই অসমৰ ভূমি দখল কৰাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈ আহিছে । বুধবাৰৰ ঘটনাটোৰ পিছত নগাই উচ্ছেদৰ জাননী প্ৰদান কৰা নাগালেণ্ড গাঁওবুঢ়া আৰু চেয়াৰমেনে ওপৰত বিহীত ব্যৱস্থা ল’ব পাৰিব নে ? এই ঘটনাৰ কেনেদৰে বিচাৰ কৰিব অসম চৰকাৰ বা গোলাঘাট জিলা প্ৰশাসনে ।
আনহাতে নগাৰ আগ্ৰাসনৰ এনে কৌশলগত কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই । অসম চৰকাৰ তথা প্ৰশাসনক সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত দাবী জনাইছে ছাত্ৰ সন্থাই ।
ছাত্ৰ সন্থাৰ বিষয়ববীয়া বিকাশ বৰাই কয়, "সদৌ অসম ছাত্ৰ সন্থাই কয় আহিছো যে, অবৈধ প্ৰবজনকাৰীয়ে চৰকাৰী ভূমি বা বনাঞ্চলসমূহত বেদখল কৰি আহিছিল তেওঁলোকে উৎখাত কৰিব লাগে । অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি সাহসী পদক্ষেপ গ্ৰহণ কৰিল, তাৰ পৰিপ্ৰেক্ষিতত বন বিভাগে ৰেংমা বনাঞ্চলত উচ্ছেদ সফল সমাপ্তি হৈছে । কিন্তু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ চলি থকাৰ সময়তেই বিভিন্ন প্ৰকাৰৰ অপ্ৰিতিকৰ পৰিৱেশ দেখিবলৈ পাইছো ।’’
‘‘আমি জানিব পাৰিছো আৰু লক্ষ্য কৰিছো যে ১ নং চেতিয়া গাঁও বা ২নং চেতিয়া গাঁৱত নগা চেয়াৰমেন বা নগা গাঁওবুঢ়া আহি সেই গাঁওসমূহত বেদখলকাৰী বা প্ৰবজনকাৰীক উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছে বুলি খবৰ পাইছো । আমি ক’ব বিচাৰিছো যে কোনো কাৰণতে যাতে এই গাঁওসমূহ অসমৰ মানচিত্ৰৰ পৰা হেৰাই নাযায় । সেই ঠাইসমূহ অসমৰ হৈ থাকিবৰ বাবে আমি বিচাৰিছো । যিহেতু ২৭ তাৰিখে অসমৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ মুখ্য়মন্ত্ৰী উৰিয়ামঘাটলৈ গছপুলি ৰোপণ কৰিবলৈ আহিব বুলি জানিব পাৰিছো । গতিকে এই বিষয়সমূহৰ স্থায়ী সমাধান কৰিব পৰা যায় তাৰ আমি অনুৰোধ জনাইছো ।" বিকাশ বৰাই কয় ৷

