ETV Bharat / state

ভোলাগুৰি চিডফাৰ্ম কাৰ, নাগালেণ্ড নে অসমৰ ? আকৌ নাগালেণ্ড চৰকাৰৰ জাননী

নগাৰ বেদখলীকৃত ভূমিত খেতি কৰা লোকলৈ আহিল নাগালেণ্ড চৰকাৰৰ জাননী । মেৰাপানীৰ ভোলাগুৰি চিডফাৰ্মৰ ১২০০ একৰ কৃষিভূমি খালী কৰাৰ নিৰ্দেশ ।

Nagaland government orders vacating land of Bholaguri Sidfarm in Merapani for oil palm cultivation
আকৌ নাগালেণ্ড চৰকাৰৰ জাননী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 5, 2025 at 9:49 AM IST

5 Min Read
Choose ETV Bharat

গোলাঘাট: মেৰাপানীৰ ভোলাগুৰি চিডফাৰ্মৰ ১২০০ একৰ কৃষিভূমি বিগত ছটা বছৰে বেদখল কৰি ৰাখিছে নাগালেণ্ডে । যাক লৈ সময়ে সময়ে সাব্যস্ত হৈ আহিছে তীব্ৰ প্ৰতিবাদ । এইবাৰ আহিল নাগালেণ্ড চৰকাৰৰ এক বিশেষ জাননী । সেই বিতৰ্কিত ভূমিত খেতি কৰিব নোৱাৰিব বুলি জাননী জাৰি কৰে নাগালেণ্ডে । লগতে তৈল খেজুৰৰ খেতি কৰিবলৈ সেই ভূমি খালী কৰিবলৈকো দিয়ে নিৰ্দেশ । ইয়াকে লৈ জাঙুৰ খাই উঠিছে স্থানীয় কৃষক ।

উচ্চতম ন্যায়ালয়ত গোচৰ বিচাৰাধীন হৈ থকা মেৰাপানী ভোলাগুৰিৰ, বৰ্তমান নগাৰ দখলত থকা চিডফাৰ্মত দীৰ্ঘদিনৰ পৰা অসমীয়া কৃষকে কৃষি-কৰ্ম কৰি পৰিয়াল পোহপাল দি আহিছিল যদিও হঠাৎ নাগালেণ্ড চৰকাৰে কৃষকসকলক উক্ত ভূমি খালী কৰিবলৈ নিৰ্দেশ জাৰি কৰাক লৈ তীব্ৰ উত্তেজনা বিৰাজ কৰিছে উক্ত অঞ্চলত । কিয়নো প্ৰায় ১০০০ কৃষকে বছৰ বছৰ দিন ধৰি এই ভূমিত কৃষি-কৰ্ম কৰি পৰিয়াল পোহপাল দি আহিছে ।

আকৌ নাগালেণ্ড চৰকাৰৰ জাননী (ETV Bharat Assam)

যাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ উপস্থিতিত এক বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয় । সভাত নাগালেণ্ড চৰকাৰ এই জাননী কোনো কাৰণত মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰে কৃষক নেতাগৰাকীয়ে ।

সভাৰ পাছত বিদ্যুৎ শইকীয়াই সংবাদমাধ্যমৰ আগত কয়, "এই ঘটনাৰ বাবে নাগালেণ্ড চৰকাৰৰ লগতে অসম চৰকাৰো জগৰীয়া কিয়নো বছৰ বছৰ দিন ধৰি চিডফাৰ্ম তেওঁলোকৰ বুলি দাবী কৰি আহিছে । কোনে এই কৃষি ভূমি তেওঁলোকক বীজ উৎপাদন কৰিবলৈ দিছিল, কিমান বছৰৰ বাবে দিছিল এই প্ৰশ্ন উচ্চতম ন্যায়ালয়ে বাৰে বাৰে অসম চৰকাৰক সুধি আহিছে । কাৰণ এই চিডফাৰ্মৰ বিবাদ নতুন নহয়, ৫০ বছৰৰো অধিক কাল ধৰি এই চিডফাৰ্মত থকা মানুহে আতংকত থাকিবলগীয়া হৈছে । কিয়নো কোন সময়ত নগাই ভাবুকি প্ৰদান কৰিব, কোন সময়ত নগাই তেওঁলোকৰ ফচল কাটি লৈ যাব, কোন সময়ত নগাই কিমান কৰ আৰোপ কৰিব তাৰ কোনো নিশ্চয়তা নাই ।"

তেওঁ লগতে কয়,"আটাইতকৈ দুখলগা কথা অসমৰ মানচিত্ৰত থকা এই ভূমিত বসবাস কৰা মানুহে বছৰ বছৰ দিন ধৰি অনিদ্ৰাত দিন অতিবাহিত কৰিবলগীয়া হৈছে । এই ভূমিক কেন্দ্ৰ কৰি ১৯৮৫ চনত নগাৰ লগত এক সংঘৰ্ষৰ সৃষ্টি হৈছিল আৰু তাৰপাছতে এই বিষয়টো উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল আৰু পাছৰে পৰা উচ্চতম ন্যায়ালয়ে বাৰে বাৰে অসম চৰকাৰক এই সম্পৰ্কে তথ্য বিচাৰিছে যদিও আজিলৈকে দাখিল কৰিবলৈ সক্ষম হোৱা নাই ।"

সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয়, "গতিকে এইবাৰ এটা কথা স্পষ্ট কৰিব লাগে যে চিডফাৰ্মৰ ভূমি নগাই কোনো দিন নিজৰ বুলি দাবী কৰিব নোৱাৰিব । নাঙল যাৰ মাটি তাৰ গতিকে চিডফাৰ্মত কৃষি-কৰ্ম কৰি থকা কৃষকসকলক এই ভূমি অৰ্পণ কৰিবলৈ আমি দাবী জনাইছোঁ । ইয়াৰ উপৰিও কৃষি-কৰ্ম কৰি পৰিয়াল পোহপাল দি অহা এইসকল ১৫০০ লোকে মাটি যাতে হেৰুৱাবলগীয়া নহয় তাৰ দায়িত্ব অসম চৰকাৰে ল'ব লাগিব ।"

তেওঁ উল্লেখ কৰে, "পৃথিৱীৰ কোনো এখন কোনো এখন দেশ নাই, য'ত বেলেগৰ ৰাজ্যৰ ভিতৰত থকা ভূমি নিজৰ বুলি দাবী কৰা এই উদাহৰণ আছে । এয়া কেৱল মাত্ৰ অসমত আছে, তাৰ কাৰণে জগৰীয়া অসমৰ প্ৰতিখন চৰকাৰ । আমাৰ এখন চৰকাৰ আছে, মন্ত্ৰী-বিধায়ক আছে, জিলা আয়ুক্ত আছে, সীমান্ত দণ্ডাধীশ আছে । তাৰপাছতো অসম মানুহৰ ওপৰত নাগালেণ্ড চৰকাৰে জাননী জাৰি কৰি কৰিছে । কিন্তু চৰকাৰ, জিলা আয়ুক্ত, মন্ত্ৰী, বিধায়ক সকলো নিৰ্বিকাৰ আৰু চি আৰ পি এফৰো কোনো ভূমিকা নাই । গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট যে চিডফাৰ্মৰ ভূমিৰ ওপৰত কেৱল মাত্ৰ দৈয়াং অঞ্চলৰ মানুহৰ অধিকাৰ আছে নাগালেণ্ডৰ অধিকাৰ নাই ।"

নাগালেণ্ড চৰকাৰে কৰিবলৈ ওলোৱা কৃষিৰ সন্দৰ্ভত তেওঁ কয়,"নাগালেণ্ড চৰকাৰে এই ভূমিত এনেকুৱা খেতি কৰিবলৈ বিছাৰিছে, যি খেতি কৰিলে তাৰ দাঁতি কাষৰীয়া অঞ্চলত মৰুভূমিৰ সৃষ্টি হ'ব । যি খেতি কৰাৰ পাছত গোৱালপাৰাত এতিয়া গছ কাটি পেলোৱা হৈছে । লগতে এই তৈল খেজুৰৰ খেতি কৰাৰ ফলত মৰুভূমি হোৱাৰ ভয়ত ইণ্ডোনেছিয়াত কাটি তহিলং কৰিছে । তাৰ পাছত নগাই অসমৰ ভূমিত এই খেতি কৰিব, নগাপাহাৰত কিয় নকৰে ? গতিকে ইয়াত কোনো কাৰণত তৈল খেজুৰৰ খেতি কৰিবলৈ দিয়া নহ'ব আৰু যদি ইয়াত কিবা পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে চৰকাৰ আৰু প্ৰশাসন জগৰীয়া হ'ব ।"

লগতে পঢ়ক: ষট পূজাক লৈ তিনিচুকীয়াত উত্তেজনা, ঘটনাক লৈ সকীয়নি আলফা(স্বা)ৰ - CHHATH PUJA 2025

অসম আৰক্ষীৰ হাতত পুনৰ গ্ৰেপ্তাৰ কংগ্ৰেছৰ মুখপাত্ৰ ৰিতম সিং - REETAM SINGH