ETV Bharat / state

বনভোজ খাবলৈ আহক ! নেঘেৰীবিলৰ পৰা আঁতৰিল নগাৰ ফলক

অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানী নেঘেৰীবিল বনভোজথলীৰ পৰা অৱশেষত বনভোজকাৰী দলক নিষিদ্ধ কৰা ফলক আতৰিল । আগমন ঘটিছে বনভোজকাৰী দলৰ ।

Nagaland ban revoked at Negheribeel picnic site in Merapani
নেঘেৰীবিলৰ পৰা আঁতৰিল নগাৰ নিষিদ্ধ কৰা ফলক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 26, 2024 at 6:48 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: অৱশেষত অসমৰ দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদৰ সন্মুখত সেও মানি নেঘেৰীবিল বনভোজস্থলীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ'ল তিনিখন নগা গাঁৱৰ ভিলেইজ কাউন্সিলে । নেঘেৰীবিল বনভোজস্থলীত নগাই সংস্থাপন কৰা নিষেধাজ্ঞা সম্বলিত জাননী ফলকখন আঁতৰাই দিছে নগা ভিলেইজ কাউন্সিলে ।

বিগত ১৭ ডিচেম্বৰত মেৰাপানীৰ কাষৰীয়া নেঘেৰীবিল বনভোজস্থলীত অসমীয়া লোকৰ প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰিছিল নগা ভিলেইজ কাউন্সিলে । আনকি নগাৰ নিষেধাজ্ঞা ভংগ কৰিলে নগা ভিলেইজ কাউন্সিলে দহ হাজাৰ টকাৰ জৰিমনা পৰ্যন্ত নিৰ্ধাৰণ কৰিছিল ।

নেঘেৰীবিলৰ পৰা আঁতৰিল নগাৰ নিষিদ্ধ কৰা ফলক (ETV Bharat Assam)

নগাৰ এই নিষেধাজ্ঞাৰ পিছতেই মেৰাপানী সীমান্তত বিৰাজ কৰিছিল চেঁপা উত্তেজনা । এই ঘটনাৰ পাছতে অসমৰ তিনিটাকৈ ছাত্র সংগঠনে নগাৰ এনে মইমতালিৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘটৰ দৰে কাৰ্যসূচীও ৰূপায়ণ কৰি নগাৰ বিৰুদ্ধে পথ অৱৰোধ কৰা হ'ব বুলি হুংকাৰ দিছিল ।

অৱশেষত সীমান্তৰ স্থিতাৱস্থা বাহালৰ স্বাৰ্থত গোলাঘাট জিলা প্ৰশাসন, নগা প্ৰশাসন আৰু চি আৰ পি এফৰ মাজত হোৱা আলোচনা মৰ্মে নগা ভিলেইজ কাউন্সিলে বনভোজস্থলীৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয় । বুধবাৰে সন্ধিয়া নিষেধাজ্ঞা প্ৰত্যাহাৰৰ লগে লগে নেঘেৰীবিল বনভোজস্থলীত দেখা যায় পূৰ্বৰ পৰিৱেশ । বৃহস্পতিবাৰৰ দিনটোত কেইবাটাও বনভোজকাৰীৰ দল নেঘেৰীবিলত উপস্থিত হোৱাত সন্তোষ প্ৰকাশ কৰিছে মেৰাপানীবাসী ৰাইজে ।

এই সম্পৰ্কে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলা সমিতিৰ সম্পাদক বিদ্যুৎ বৰাই কয়, "১৭ ডিচেম্বৰৰ পৰা অসম নাগালেণ্ড সীমান্তৰ নেঘেৰীবিলত যি সমস্যাৰ সৃষ্টি হৈছিল সেই পৰিৱেশ বৰ্তমান শান্ত হৈছে । এই সমগ্ৰ ঘটনাৰ বিষয়ে গোলাঘাট জিলা প্ৰশাসন আৰু নাগালেণ্ড প্ৰশাসনে আলোচনাত মিলিত হৈ এই সমস্যাৰ সমাধান কৰিছে । নগাই স্থাপন কৰা নিষেধাজ্ঞা আৰোপ কৰা ফলকৰ বিৰুদ্ধে আমি যি আন্দোলন কৰিছিলো তাৰ পাছৰ পৰা পৰ্যায়ক্ৰমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম ছাত্ৰ সন্থা আৰু অনুসুচিত জাতি ছাত্ৰ সন্থা জিলা সমিতিয়ে ঐক্যবদ্ধভাৱে ইয়াৰ বিৰুদ্ধে যি সংগ্ৰাম অব্যাহত ৰাখিছিলো তাৰ ফল বুলি আমি ভাবিছো ।"

তেওঁ লগতে কয়, "ইয়াৰ উপৰিও নগাই স্থাপন কৰা ফলক বুধবাৰে সন্ধিয়া ৫ মান বজাত উঠাই নিছে । অসমৰ মানচিত্ৰত থকা নেঘেৰীবিলৰ নৈসৰ্গিক পৰিৱেশৰ মাজত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বনভোজ খাবলৈ লোক আহে তেখেতসকলক আমি আপোলোকৰ জৰিয়তে জনাও যে বৰ্তমান শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে গতিকে আপোনালোক আহক এসাজ খাওক আৰু আনন্দ লওক ।

লগতে পঢ়ক: কিয়-কেনেকৈ ভূপেনে হত্যা কৰিলে মৌচুমীক ? - BRUTAL MURDER

কাঠফুলা বুলি ক’লে নাখায় মাছৰুম বুলিলেহে খায় একাংশ মানুহে: এজন কৃষকৰ মনৰ কথা - MUSHROOM FARMING