ETV Bharat / state

অসম-নাগালেণ্ড সীমান্তৱৰ্তী তৈলখাদত নগাৰ শেন চকু

এইবাৰ নাগালেণ্ডৰ প্ৰশাসন নিজেই উপস্থিত হ'ল অসমৰ ONGC তৈল খাদত । সীমান্ত অঞ্চলৰ উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰীক লৈ মন্তব্য গোলাঘাট ছাত্ৰ সন্থাৰ ।

Nagaland administration demand closure of oil fields along Assam-Nagaland border
অসম-নাগালেণ্ড সীমান্তৱৰ্তী তৈলখাদত নগাৰ শেন চকু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 4:27 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ: অসমৰ মাটিত থকা ONGC তৈল খাদত এইবাৰ নগা প্ৰশাসনৰ চকু । অসম-নাগালেণ্ড সীমান্তৰ অসমৰ ভূমিত থকা তৈল খাদ বন্ধ কৰিবলৈ দাবী জনালে নাগালেণ্ড প্ৰশাসনে । নগা সীমান্ত দণ্ডাধীশ নিজে তৈল খাদত উপস্থিত হৈ ভাবুকি প্ৰদান ONGC ৰ বিষয়া-কৰ্মচাৰীক । অসম নাগালেণ্ড সীমান্তৰ সৰুপথাৰ সমজিলাৰ ONGC ৰ খুৰাঘাট, হালধিবাৰী আদি তৈল খাদত উপস্থিত হৈ উৎপাদন বন্ধৰ দাবী কৰিলে নগা প্ৰশাসনৰ ৰালাং মহকুমাৰ সীমান্ত দণ্ডাধীশে ।

তৈল খাদত নগা আৰক্ষীসহ উপস্থিত হৈ ভাবুকি নগা সীমান্ত দণ্ডাধীশৰ । অসম নগালেণ্ড সীমান্তৰ উৰিয়ামঘাটত অৱস্থিত ONGC ৰ কেইবাটাও তৈল খাদত এনে দৰে নগা সীমান্ত দণ্ডাধীশ, নগা আৰক্ষীসহ উপস্থিত হৈ চি আৰ পি এফ, চি আই এছ এফৰ উপস্থিতিতে অসমৰ মাটিত থকা তৈল খাদত উৎপাদন বন্ধ কৰাৰ দাবী জনালে নগা প্ৰশাসনৰ ৰালাং মহকুমাৰ BM য়ে ।

অসম-নাগালেণ্ড সীমান্তৱৰ্তী তৈলখাদত নগাৰ শেন চকু (ETV Bharat Assam)

উল্লেখযোগ্য যে অসম নাগালেণ্ড সীমান্তৱৰ্তী উৰিয়ামঘাটত চলিত বৰ্ষৰ জানুৱাৰী মাহত নগা দুৰ্বৃত্তৰ সন্ত্ৰাসক লৈ সমগ্ৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী সৰুপথাৰ সম জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । অসম নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ বি চেক্টৰৰ হালধিবাৰী লাচিত গাঁও পঞ্চায়তৰ অন্তৰ্গত হালধিবাৰী বামচুকত খাৰুৱা তেলৰ সন্ধানত ONGC য়ে এটা ড্ৰিলিং চাইড স্থাপন কৰিছিল ।

প্ৰায় ৫ মাহ পূৰ্বে নতুনকৈ স্থাপন কৰা উক্ত তৈলখাদটোত নগা দুৰ্বৃত্তই বৃহৎ পৰিমাণৰ ধন দাবী কৰা বুলি অভিযোগ উঠিছিল । যাৰ পৰিপ্ৰেক্ষিতত ড্ৰিলিঙৰ কাম আৰম্ভ কৰাৰ পূৰ্বেই উক্ত স্থানৰ পৰা ৰিগটো স্থানান্তৰ কৰিবলৈ বাধ্য হৈছে ONGC কৰ্তৃপক্ষই । সমগ্ৰ বিষয়টো সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল হালধিবাৰী লাচিত আঞ্চলিক গাঁওপ্ৰধান সন্থাৰ সম্পাদক তথা ডিমৰুজান গাঁৱৰ গাঁওবুঢ়া মনু কোঁৱৰে ।

Nagaland administration demand closure of oil fields along Assam-Nagaland border
অসম-নাগালেণ্ড সীমান্তৱৰ্তী তৈলখাদত নগাৰ শেন চকু (ETV Bharat Assam)

নগা প্ৰশাসন অসমৰ ONGC তৈল খাদত উপস্থিত হোৱাৰ ঘটনাক লৈ পুনৰ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । সীমান্ত অঞ্চলৰ উন্নয়ৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে গোলাঘাট ছাত্ৰ সন্থাৰ প্ৰতিনিধি শিৱাশীষ শৰ্মাই । তেওঁ কয়,"সমগ্ৰ বিষয়টো আমি তীব্ৰ গৰিহণা দিছোঁ । ধনশিৰি মহকুমাৰ এই নাগালেণ্ড সীমান্তৰ তৈল খাদ সমূহৰ ওপৰত নগা দুৰবৃত্ত হওঁক বা নগা প্ৰশাসনে আহি বাধা দিয়া পৰিলক্ষিত হৈছে । এনে ক্ষেত্ৰত অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ ।"

লগতে তেওঁ কয়,"চৰকাৰৰ কোনো ভূমিকা নথকাৰ বাবেই নগাই যিকোনো মুহূৰ্ততে ভয়-ভাবুকি ONGC তৈল খাদসমূহত দি আহিছে । তৈল খাদ স্থানান্তৰ কৰিবলৈয়ো বাধ্য কৰিছে । বহু অসমীয়া যুৱক-যুৱতীয়ে সেই তৈলখাদসমূহত কৰ্মত নিয়োজিত হৈ আছে । শীঘ্ৰে এই সমস্যা সমাধান নকৰিলে তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম ।"

লগতে পঢ়ক: অসমৰ ভূমিলৈ নগাৰ গুলীচালনা; আতংকিত সীমান্তবৰ্তী অসমীয়া - NAGA FIRING ON ASSAMESE LAND

অসম-নাগালেণ্ড সীমান্তত নাগালেণ্ডে খান্দিছে পাহাৰৰ টিলা - ASSAM NAGALAND BORDER