ETV Bharat / state

কৃষ্ণপুৰক নাগালেণ্ডৰ বুলি দাবী: মহিলাই হাতে হাতে দা-লাঠি লৈ বন্ধ কৰিলে উচ্ছেদ অভিযান

অসম-নাগালেণ্ড সীমান্তত উচ্ছেদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । মঙলবাৰে জিলা আয়ুক্ত পৰ্যায়ত আলোচনা ।

Naga women stop eviction drive
কৃষ্ণপুৰত হাতে হাতে দা,লাঠি লৈ বন্ধ কৰিলে উচ্ছেদ অভিযান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 18, 2025 at 7:21 PM IST

4 Min Read
Choose ETV Bharat

সৰুপথাৰ: উচ্ছেদ অভিযানৰ মাজতেই অসম-নাগালেণ্ড সীমান্তৰ কৃষ্ণপুৰত উত্তপ্ত পৰিস্থিতি । অভিযানৰ মাজতেই নগা লোকে উচ্ছেদস্থলীত উপস্থিত হৈ প্ৰশাসনৰ লোকক এই কাৰ্যত বাধা প্ৰদান কৰে । এই নগা লোকসকলে বন্ধ কৰি দিলে উচ্ছেদ অভিযান । কেৱল সেয়াই নহয়, তেওঁলোকে কৃষ্ণপুৰক নাগালেণ্ড লিফিয়ান বস্তিৰ বুলি দাবী কৰিলে ।

উৰিয়ামঘাটত সোমবাৰে উচ্ছেদ অভিযানত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নগা লোকে বন্ধ কৰি দিয়ে উচ্ছেদ অভিযান । শতাধিক নগা পুৰুষ-মহিলা উচ্ছেদস্থলীত উপস্থিত হৈ হাতে হাতে দা, লাঠি লৈ এই কাৰ্যত বাধা প্ৰদান কৰে । ইয়াৰ পিছতেই নগাৰ সৈতে আলোচনাত মিলিত হয় অসম প্ৰশাসন । ঘটনাস্থলীত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলা আয়ুক্তকে ধৰি বনবিভাগৰ লোক,আৰক্ষী- চি আৰ পি এফৰ বৃহৎ দল উপস্থিত হৈ আলোচনাত মিলিত হয় ।

অসম-নাগালেণ্ড সীমান্তৰ কৃষ্ণপুৰত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ নেতা বিকাশ বৰাই কয়, "প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছত আজি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ চলি আছিল । আজি কৃষ্ণপুৰ আৰু হালধীবাৰীত উচ্ছেদ চলি থকাৰ সময়তেই কৃষ্ণপুৰ গাঁৱত একাংশ নগা ব্যক্তি আৰু মহিলাই এই অঞ্চলটো নিজৰ বুলি দাবী কৰি উচ্ছেদত অসম প্ৰশাসনক বাধা প্ৰদান কৰে । সেই স্থানত উপস্থিত হৈ আমি এটা কথা দেখিবলৈ পাইছো যে তাৎক্ষণিকভাৱে অসমৰ সীমান্ত দণ্ডাধীশ, নাগালেণ্ডৰ দণ্ডাধীশ পৰ্যায়ত আলোচনা কৰি ইমানতেই শান্ত হৈছে ।"

Assam Nagaland border eviction
অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযান (ETV Bharat Assam)

তেওঁ পুনৰ কয়,"কাইলৈ জিলা আয়ুক্ত পৰ্যায়ত আলোচনা কৰাৰ কথা আছে । এই বিষয়টোৰ ওপৰত স্থায়ী সমাধান কৰিবৰ কাৰণে দৃঢ় পদক্ষেপ ল'বৰ বাবে মুখ্যমন্ত্ৰীক ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছো । বিভিন্ন সময়ত নগাই এই মাটিসমূহ আগ্ৰাসন কৰা আমি দেখিবলৈ পাইছো । উচ্ছেদৰ পিছত যাতে অসমৰ ভূমিসমূহ মানচিত্ৰৰ পৰা হেৰাই নাযায় এইক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছো ।"

Naga women stop eviction drive
অসম-নাগালেণ্ড সীমান্তৰ কৃষ্ণপুৰত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

উৰিয়ামঘাটত চলিল দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান :

উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত চলিছে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ । বুলড'জাৰেৰে বাসগৃহসমূহ ধ্বংস কৰিছে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ কৃষ্ণপুৰ আৰু হালধীবাৰীত । প্ৰথম পৰ্যায়ত উচ্ছেদ অভিযান সফলতাৰে সমাপ্ত কৰাৰ পিছত সোমবাৰে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদৰ অভিযান চলায় । চৰকাৰৰ লক্ষ্য ৰাণানগৰ, হাতীডুবি, দুৰ্গাপুৰ, মধুপুৰ আৰু হালধিবাৰী গাঁৱত ২৫০০ বিঘা ভূমি বেদখলমুক্ত কৰিবলৈ চলিছে অভিযান ।

Naga women stop eviction drive
অসম-নাগালেণ্ড সীমান্তৰ কৃষ্ণপুৰত উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

উল্লেখ্য যে ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান সমাপ্ত কৰি বনানীকৰণৰ কাম আৰম্ভ কৰিছে । বৃহৎ সংখ্যক এলেকাৰ ভূমিত ৰোপণ কৰা হৈছে গছপুলি । হালধিবাৰী আৰু কৃষ্ণপুৰত বেদখলকৃত ভূমি বেদখলমুক্ত কৰিবলৈ চৰকাৰে চলাইছে অভিযান । বুলড'জাৰেৰে মহটিয়াইছে বাসগৃহসমূহ । ইপিনে অচিৰেই ৰেংমা সংৰক্ষিত বনাঞ্চলত গছপুলি ৰোপণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'বহি উৰিয়ামঘাটত । নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো নিমন্ত্ৰণ জনোৱাৰ কথা সদৰী কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে ।

Naga women stop eviction drive
কৃষ্ণপুৰত হাতে হাতে দা, লাঠি লৈ বন্ধ কৰিলে উচ্ছেদ অভিযান (ETV Bharat Assam)

ছাত্ৰ সন্থাৰ বিষয়ববীয়া বিকাশ বৰাই মন্তব্য কৰি কয়, "প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পিছত আজি দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান ৰেংমা সীমান্তৰ হালধিবাৰী আৰু কৃষ্ণপুৰত চলি আছে । কিন্তু এতিয়াও বহু গাওঁ বহু বাসগৃহত জৰীপ কাৰ্য কৰা নাই । চলা নাই প্ৰশাসনৰ বুলড'জাৰ । সেই গাওঁসমূহ ৰেহাই পাব নালাগে । সেই গাওঁসমূহ থাকি নোযোৱাকৈ তৃতীয় পৰ্যায়ত উচ্ছেদ কৰিবলৈ চৰকাৰ প্ৰশাসনক ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছো ।"

Naga women stop eviction drive
কৃষ্ণপুৰত হাতে হাতে দা, লাঠি লৈ বন্ধ কৰিলে উচ্ছেদ অভিযান (ETV Bharat Assam)

লগতে পঢ়ক:ৰেংমা বনাঞ্চলত আজি আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ - URIAMGHAT EVICTION

উচ্ছেদ কৰি চৰকাৰে সোণৰ খেতি কৰিব নেকি ? বেদখলকাৰীৰ প্ৰশ্ন - URIAMGHAT EVICTION