ETV Bharat / state

অসমীয়াৰ ওপৰত জৰিমনাৰ জাননী অৱশেষত উঠাই ল'বলৈ বাধ্য হ'ল নগা ভিলেজ কাউন্সিলে

নগা ভিলেজ কাউন্সিল আৰু দৈয়াং গাঁওবুঢ়া সন্থাৰ আলোচনাত এক সিদ্ধান্তত উপনীত হৈ জাননী উঠাই লোৱাৰ লগতে অসমীয়া-নগাই ভাই ভাইৰ দৰে মিলিজুলি থাকিব বুলি কয় ।

Naga Assamese conflict
বৈঠকত অংশগ্ৰহণ কৰা দুয়োপক্ষৰ প্ৰতিনিধিসকল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 2, 2025 at 2:26 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: মেৰাপানীত ১১ খন নগা ভিলেজ কাউন্সিলে এক জাননী জাৰি কৰাক লৈ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলটোত বিগত কিছুদিন ধৰি এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে মেৰাপানী ফুটহিলছত দৈয়াং গাঁওবুঢ়া সন্থা আৰু নগা ভিলেজ কাউন্সিলৰ এক বৈঠক অনুষ্ঠিত হয় । এই বৈঠকৰ আলোচনাৰ অন্তত ১১ খন নগা ভিলেজ কাউন্সিলে জাৰি কৰা জাননী উঠাই ল'বলৈ বাধ্য হয় ।

যোৱা ২৩ আগষ্টত জাৰি কৰা জাননীত উল্লেখ আছিল যে অসমীয়া লোকৰ গৰু-ছাগলী গ'লে, জংঘলত খৰি কাটিবলৈ গ'লে আৰু আনকি নদীত মাছ ধৰিবলৈ গ'লেও ৫০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব । ইয়াৰ উপৰি আন কেইবাটাও দাবীও জাননীখনত উল্লেখ কৰিছিল ।

নগা ভিলেজ কাউন্সিল আৰু দৈয়াং গাঁওবুঢ়া সন্থাৰ সংবাদমেল (ETV Bharat Assam)

কিন্তু নগা ভিলেজ কাউন্সিল আৰু দৈয়াং গাঁওবুঢ়া সন্থাৰ আলোচনাত এক সিদ্ধান্তত উপনীত হৈ এই জাননী উঠাই লয় । লগতে কয় যে অসমীয়া আৰু নগা মানুহ সদায় মিলি আছোঁ আৰু ভাই ভাইৰ নিচিনাকৈ সদায় মিলিজুলি থাকিব লাগিব ।

এই সম্পৰ্কে নগা ভিলেজ কাউন্সিলৰ অধ্যক্ষই কয়, "১১ টা নগা কাউন্সিলৰ অধ্যক্ষই মেৰাপানী গাঁওবুঢ়া সন্থাৰ সৈতে এক আলোচনাত মিলিত হওঁ । আমি ২৩ আগষ্টত এক বিশেষ জাননী জাৰি কৰিছিলোঁ, য'ত অলপ ভুল বুজাবুজি হৈছিল । যাৰ বাবে আমি দুয়োপক্ষই আলোচনা কৰিছোঁ আৰু পূৰ্বৰ পৰা নগা আৰু অসমীয়া ভাই ভাইৰ দৰে বসবাস কৰি আহিছে । আৰু একেটা অৱস্থাতে থাকিবলৈ আমি এক বুজাবুজি কৰি অসমীয়া লোকৰ গৰু-ছাগলী গ'লে, জংঘলত খৰি কাটিব গ'লে আৰু নদীত মাছ ধৰিবলৈ গ'লে ৫০ হাজাৰ টকা জৰিমনা ভৰিব লাগিব বুলি উল্লেখ থকা কথা উঠাই লোৱা হৈছে । লগতে কোনে কি ভুল কৰিলে কি জৰিমনা ভৰিব লাগিব আমি চিন্তা কৰিম । আনহাতে, ইনাৰ লাইন পাৰ্মিট সম্পৰ্কে আমাৰ অধিকাৰ নাই । এই সম্পৰ্কে নাগালেণ্ড চৰকাৰে চাব । দুইপক্ষই শান্তিত থাকিবৰ বাবে আমি আলোচনা কৰিলোঁ ।"

Naga Assamese conflict
জাৰি কৰা জাননী (ETV Bharat Assam)

আনহাতে, এই সম্পৰ্কে মেৰাপানী সীমান্ত গাঁওবুঢ়া সন্থাৰ বিষয়ববীয়াই কয়, "অসম-নাগালেণ্ড সীমান্তৰ ওখা জিলাৰ ভাণ্ডাৰি সমষ্টিত ১১ খন নগা ভিলেজ কাউন্সিল আৰু দৈয়াং গাঁওবুঢ়া সন্থাৰ বিষয়ববীয়াই এক আলোচনাত মিলিত হ'লোঁ । বিগত ২৩ আগষ্টত ১১ খন নগা ভিলেজ কাউন্সিলে আমাৰ গাঁৱলৈ ভুলবশতঃ এখন জাননী প্ৰেৰণ কৰিছিল । আমি পূৰ্বৰ দৰে বসবাস কৰিবলৈ এই আলোচনাত মিলিত হ'লোঁ ।"

Naga Assamese conflict
আলোচনাৰ এক মুহূৰ্ত (ETV Bharat Assam)

তেওঁ লগতে কয়, "১১ খন ভিলেজ কাউন্সিলে প্ৰেৰণ কৰা জাননী বাতিল কৰা হৈছে । ইয়াৰ উপৰি অসমীয়া লোকৰ গৰু-ছাগলী গ'লে, জংঘলত খৰি কাটিবলৈ গ'লে আৰু নদীত মাছ ধৰিবলৈ গ'লে ৫০ হাজাৰ টকা জৰিমনা আৰু ইনাৰ লাইন পাৰ্মিট সম্পৰ্কে জাৰি কৰা জাননী বাতিল কৰা হৈছে ।"

লগতে পঢ়ক :খেতিৰ ভাগ লাগে নগাক; সীমান্তৰ আদিবাসী লোকক হাৰাশাস্তি - NAGA AGGRESSION
লগতে পঢ়ক :ইয়াত গছ ৰুবও নোৱাৰে কাটিবও নোৱাৰে, সব ঘৰ ভাঙি দে... প্ৰশাসনৰ লোকৰ সন্মুখতেই নগাৰ দপদপনি - URIAMGHAT EVICTION