ETV Bharat / state

উচ্ছেদৰ পূৰ্বে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত নগা সশস্ত্ৰ বিদ্ৰোহীৰ অবাধ বিচৰণ

অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযানৰ পূৰ্বে হাতে হাতে মাৰণাস্ত্ৰ লৈ বনাঞ্চলখনত অবাধ বিচৰণ কৰা সংগঠনটোৰ সদস্যৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে ।

URIAMGHAT EVICTION
উচ্ছেদৰ পূৰ্বে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত নগা সশস্ত্ৰ বিদ্ৰোহীৰ অবাধ বিচৰণ (Screenshot of Viral Video)
author img

By ETV Bharat Assamese Team

Published : July 28, 2025 at 11:41 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে কাইলৈ (২৯ জুলাই) চলিবলগীয়া উচ্ছেদৰ পূৰ্বে বনাঞ্চলখনত নগা সশস্ত্ৰ বিদ্ৰোহীৰ অবাধ বিচৰণৰ ভিডিঅ' সামাজিক মাধ্যম ফেচবুকত ভাইৰেল হৈছে । এই ভিডিঅ'টো NSCN-K (নিকি-চুমী) বুলি দাবী কৰিছে সশস্ত্ৰ সংগঠনটোৱে । হাতে হাতে মাৰণাস্ত্ৰ লৈ বনাঞ্চলখনত অবাধ বিচৰণ সংগঠনটোৰ সদস্যৰ । সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'ক লৈ সৰ্বত্ৰ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ।

ইয়াৰ পূৰ্বে এক বিবৃতি জাৰি কৰি সশস্ত্ৰ সংগঠনটোৱে বনাঞ্চলখন নাগালেণ্ডৰ বুলি দাবী কৰিছিল । বিবৃতিত তেওঁলোকে কয়, "অসম চৰকাৰে লোৱা উচ্ছেদৰ সিদ্ধান্ত পৰিকল্পিত । সীমান্তত দশকজুৰি গোপনে অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীসকল সীমান্তৰ বিতৰ্কিত অঞ্চলত স্থায়ীভাৱে বসতি স্থাপন কৰিছিল । অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীৰ দ্বাৰা অতিৰিক্ত দখল উচ্ছেদ কৰাৰ নামত অসম চৰকাৰে নাগালেণ্ড চৰকাৰক প্ৰতাৰণা কৰি, চুক্তিৰ নীতি ভংগ কৰি, নগাসকলৰ ভূমিত অসমে উচ্ছেদ চলাই দখল কৰাৰ প্ৰচেষ্টা কৰিছে ৷"

উচ্ছেদৰ পূৰ্বে উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত নগা সশস্ত্ৰ বিদ্ৰোহীৰ অবাধ বিচৰণ (ETV Bharat Assam)

বিবৃতিত লগতে কোৱা হৈছিল, "সাধাৰণ নগা জনতাই নাগালেণ্ড চৰকাৰক গম্ভীৰভাৱে প্ৰশ্ন কৰিব লাগে যে - নাগালেণ্ডৰ ৰাজনীতিবিদসকলে কেনেকৈ নগাসকলৰ ভূমি অসম চৰকাৰে দখল কৰিব লোৱাৰ পৰা ৰক্ষা কৰিব পাৰে । ইয়াত যেন নাগালেণ্ড চৰকাৰৰ একমাত্ৰ উত্তৰ হ’ল নাগালেণ্ডৰ ৰাজনীতিবিদসকলে কেইখনমান আৰক্ষীৰ সৈতে ফটো তোলাৰ পিছত সীমান্ত অঞ্চল অসুৰক্ষিত কৰি থৈ যোৱা । নাগালেণ্ড চৰকাৰে নাগালেণ্ডক কেৱল এক ডিজিটেল ৰাজ্য হিচাপে ৰাখিব বিচাৰে, ভৌগোলিকভাৱে কোনো ভূমিকা গ্ৰহণ নকৰে ।"

NSCN-ৰ এই পত্ৰ তথা বিবৃতিয়ে সৰুপথাৰ সমজিলাৰ লগতে সীমান্ত অঞ্চলৰ লোকসকলক শংকতি কৰি তোলাৰ সময়তে সামাজিক মাধ্যমত সংগঠনটোৰ সদস্যৰ হাতে হাতে মাৰণাস্ত্ৰ লৈ বনাঞ্চলখনত অবাধ বিচৰণ এই ভিডিঅ' ভাইৰেল হৈছে । উৰিয়ামঘাটৰ উচ্ছেদৰ বিৰুদ্ধে NSCN-K (নিকি-চুমী)ৰ দাবী সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে ।

নগা উগ্ৰপন্থীৰ দাবীক অযুক্তিকৰ আখ্যা দিয়ে বিধায়কগৰাকীয়ে । দুষ্ট চক্ৰৰ প্ৰৰোচনাত নগা দুৰ্বৃত্তৰ এনে দাবী বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে । তেওঁ লগতে কাইলৈ উৰিয়ামঘাটত সফলভাৱে উচ্ছেদ হ'ব বুলি মন্তব্য কৰে ।

ইফালে এই সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতা বিকাশ বৰাই কয়, "অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চল বেদখলমুক্ত কৰা প্ৰাকক্ষণত NSCN ৰ ফালৰ পৰা যি ভিডিঅ' প্ৰদান কৰিছে, ভাবুকি প্ৰদান কৰিছে, সেইটো এটা বৰ লক্ষ্যনীয় বিষয় । আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসম চৰকাৰ প্ৰতি এটা আহ্বান, অসম চৰকাৰ আৰু নাগালেণ্ড চৰকাৰে আলোচনা কৰি সমস্যাটো সমাধান কৰিবৰ বাবে অনুৰোধ জনাইছো ।"

তেওঁ লগতে কয়, "এইটো এটা সীমান্তৱৰ্তী অঞ্চল, বিভিন্ন সময়ত আমি নগাৰ অগ্ৰাসন দেখিবলৈ পাইছো । কোনো কাৰণতে যাতে অসমৰ মানচিত্ৰৰ পৰা যিসকল উচ্ছেদ চলিব, সেই ভূমি যাতে নগাই বেদখল কৰিব নাযায়, সেই বিষয়ত দুয়োখন চৰকাৰে আলোচনা কৰিব লাগে ।"

লগতে পঢ়ক : মুছলমান মানেই বাংলাদেশী নহয়, উচ্ছেদ কৰিলেও আমি ইয়াতেই থাকিম - উৰিয়ামঘাটৰ বেদখলকাৰীৰ ভাষ্য

এন এছ চি এনৰ অভিযোগ: নগাৰ ভূমিত উচ্ছেদ চলাই দখল কৰাৰ চেষ্টা কৰিছে অসমে

উচ্ছেদ কৰিলেই জ্বলাই দিব মিচিং গাঁও; হুংকাৰৰ পিচতেই সুৰক্ষা প্ৰদানৰ দাবী