ETV Bharat / state

সীমান্তৰ মধুপুৰ অঞ্চলক লৈ টনা আঁজোৰা; উচ্ছেদিত ভূমিক নিজৰ বুলি দাবী নগাৰ

বনানীকৰণ কেনেকৈ হ'ব ? গোলাঘাট-নাগালেণ্ডত প্ৰথম পৰ্যায়ৰ উচ্ছেদৰ পিছত গছপুলি ৰোপণত বাধা প্ৰদান নগাৰ !

assam nagaland border
কৃষ্ণপুৰত হাতে হাতে দা, লাঠি লৈ বন্ধ কৰিলে উচ্ছেদ অভিযান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 21, 2025 at 11:08 AM IST

|

Updated : August 21, 2025 at 2:48 PM IST

3 Min Read
Choose ETV Bharat

সৰুপথাৰ : উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ গোলাঘাট-নাগালেণ্ডত প্ৰথম পৰ্যায়ৰ উচ্ছেদ সামৰণি হোৱাৰ পিছতো সীমান্তত অব্যাহত আছে নগাৰ উপদ্ৰৱ । বাৰে বাৰে অসমৰ মাটি আগ্ৰাসনৰ চেষ্টা নগাৰ । কেতিয়াবা যদি উচ্ছেদৰ সময়ত নগাই চোকা অস্ত্ৰ লৈ উচ্ছেদ বন্ধ কৰাৰ চেষ্টা কৰে, কেতিয়াবা আকৌ গছপুলি ৰোপণত বাধা দিয়ে নগা লোকে । এই অভিযোগ সীমান্তবাসীৰ ৷

শেহতীয়াকৈ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ সীমান্তৰ মধুপুৰ অঞ্চলত বনবিভাগৰ লোকে গছপুলি ৰোপণৰ বাবে যাৱতীয় কাম-কাজ চলাই থকাৰ মাজতে বাধা দিয়ে নগা লোকে । মধুপুৰ অঞ্চলটো নিজৰ মাটি বুলি দাবী কৰে নগাই । বুধবাৰে মধুপুৰত গছপুলি ৰোপণত বাধা দিয়া নগাৰ কাৰ্য বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ৷ জানিব পৰা মতে, নগাৰ ফালৰ পৰা ভাইৰেল কৰা হৈছে এই ভিডিঅ’টো ৷

গছপুলি ৰোপণত বাধা নগাৰ ! (ETV Bharat)

ইতিমধ্যে সকলোৰে জ্ঞাত যে, দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ সময়ত নগা লোকে বাধা দিয়াৰ সমান্তৰালকৈ হাতে হাতে দা লৈ নগা মহিলায়ো ওলাই অহা দেখা গৈছিল । তাৰ পাচতে উৰিয়ামঘাটৰ উচ্ছেদ অভিযানত ক্ৰমাৎ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । নগা লোকে বন্ধ কৰি দিয়ে উচ্ছেদ অভিযান ।আনকি কৃষ্ণপুৰক নাগালেণ্ড লিফিয়ান বস্তিৰ বুলি মন্তব্য কৰিছিল শতাধিক নগা পুৰুষ মহিলাই ৷

ইয়াৰ পিছতেই নগাৰ সৈতে আলোচনাত মিলিত হয় অসম প্ৰশাসন । ঘটনাস্থলীত গোলাঘাট জিলাৰ আৰক্ষী অধীক্ষক, সৰুপথাৰ সমজিলা আয়ুক্তকে ধৰি বনবিভাগৰ লোক, আৰক্ষী-চি আৰ পি এফৰ বৃহৎ দল উপস্থিত হৈ আলোচনাত মিলিত হয় ।

assam nagaland border
অসম আৰক্ষীয়ে হাতযোৰ কৰাৰ দৃশ্য (ETV Bharat)

শেহতীয়াকৈ পুনৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ ৷ একাংশ নগা লোকে হাতে হাতে মাৰণাস্ত্ৰ লৈ অসম পুলিচৰ লগত তৰ্কত লিপ্ত হোৱা দেখা গৈছে । তেনে সময়তেই অসম পুলিচে নগা লোকক হাতযোৰ কৰাও দেখিবলৈ পোৱা গৈছে ।

অসম আৰক্ষীয়ে হাতযোৰ কৰাৰ দৃশ্য (ETV Bharat)

লগতে পঢ়ক : কৃষ্ণপুৰক নাগালেণ্ডৰ বুলি দাবী: মহিলাই হাতে হাতে দা-লাঠি লৈ বন্ধ কৰিলে উচ্ছেদ অভিযান

লগতে পঢ়ক : ৰেংমা বনাঞ্চলত আজি আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ - URIAMGHAT EVICTION

উল্লেখ্য যে, অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে ২৯ জুলাইৰ পৰা আৰম্ভ হৈছিল বৃহৎ উচ্ছেদ অভিযান । লক্ষ্য আছিল ৰেংমা বনাঞ্চলৰ প্ৰায় ১১ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰা । কিন্তু ২৭ জুলাইৰ দিনা অসম-নাগালেণ্ডৰ উচ্ছেদক লৈ নাগালেণ্ডৰ সংগঠন এন এছ চি এনে জাৰি কৰে এক বিবৃতি । এই বিবৃতিত অসম চৰকাৰে উচ্ছেদ চলোৱা ভূমি নগাৰ বুলি দাবী কৰিছিল ৷

লগতে পঢ়ক : মুছলমান মানেই বাংলাদেশী নহয়, উচ্ছেদ কৰিলেও আমি ইয়াতেই থাকিম - উৰিয়ামঘাটৰ বেদখলকাৰীৰ ভাষ্য

লগতে পঢ়ক : এন এছ চি এনৰ অভিযোগ: নগাৰ ভূমিত উচ্ছেদ চলাই দখল কৰাৰ চেষ্টা কৰিছে অসমে

Last Updated : August 21, 2025 at 2:48 PM IST