ETV Bharat / state

অস্ত্ৰধাৰী নগাৰ আতংকত অসম-নাগালেণ্ড সীমান্তবাসী - NAGA ENCROACHMENT

অসম-নাগালেণ্ড সীমান্তত উত্তেজনা । অসমৰ দিচৈভেলীত অস্ত্ৰধাৰী নগাই স্থাপন কৰিছে এটাৰ পিছত আন এটা বস্তি ৷

Naga people have established a settlement in Disoivally
অসম-নাগালেণ্ড সীমান্তত নগা বস্তি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 11, 2025 at 4:49 PM IST

3 Min Read

যোৰহাট: অসমৰ ভৌগোলিক মানচিত্ৰ সংকুচিত কৰি কাষৰীয়া ৰাজ্যসমূহে অসমৰ ভুমিত আগ্ৰাসন চলাই থকাৰ অভিযোগ দীৰ্ঘদিনীয়া । বৰ্তমান যোৰহাট জিলাৰ মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত অসমৰ ভূমিত একাংশ নগাই চলাইছে আগ্ৰাসন, ফলত নগাৰ বেদখলক লৈ মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা ।

যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ দিচৈভেলী সংৰক্ষিত বনাঞ্চলৰ বনভূমি সংকুচিত কৰি নগাই স্থাপন কৰিলে আকৌ এটা নতুন বস্তি । অসমৰ ভূমি দখল কৰি একাংশ অস্ত্ৰধাৰী নগাই স্থাপন কৰিলে বিহ’টো নামৰ এই বস্তিটো । মৰিয়নীৰ নিউ সোণোৱাল খণ্ড বন বিষয়াৰ কাৰ্যলয় আৰু নিউ সোণোৱাল সীমান্ত নিৰীক্ষণ চকীৰ সমীপতে দিচৈভেলী সংৰক্ষিত বনাঞ্চলত ভিকটু আকাহুতো বস্তি স্থাপনৰ পিছতে বিহ’টো বস্তিৰ নামফলক লগাই নগাই পুনৰ স্থাপন কৰিলে নতুন এটা বস্তি ।

সীমান্তবাসী উদ্বিগ্ন (ETV Bharat Assam)

ইফালে অসমৰ ভূমিত নগাৰ ভয়াবহ আগ্ৰাসনৰ পিছতে সীমান্তত সৃষ্টি হৈছে এক আতংকময় পৰিৱেশৰ । মন কৰিবলগীয়া যে দিচৈভেলীৰ উক্ত বেদখলীকৃত ভূমি পৰিদৰ্শনৰ বাবে যাওতে প্ৰায় তিনিবছৰ পূৰ্বে তেতিয়াৰ কংগ্ৰেছী আৰু বৰ্তমানৰ বিজেপিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক লক্ষ্য কৰি নগা দুৰ্বৃত্তই গুলীবৰ্ষণ কৰিছিল । গুলীবৰ্ষণৰ ঘটনা সংঘটিত হোৱা স্থানতে নগাই সম্প্ৰতি ঘৰ-দুৱাৰ নিৰ্মাণ কৰি স্থায়ীভাৱে বসতি কৰিবলৈ আৰম্ভ কৰিছে যদিও অসমৰ প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

Naga people have established a settlement in Disoivally
অস্ত্ৰধাৰী নগাৰ আতংকত অসম-নাগালেণ্ড সীমান্তবাসী (ETV Bharat Assam)

নগাৰ আগ্ৰাসনত ভ্ৰীতিগ্ৰস্ত হৈ সীমান্তৰ অসমীয়াই উজাগৰী নিশা কটাবলগীয়া হৈছে ৷ ফলত সীমান্তৱৰ্তী ৰাইজৰ অসম চৰকাৰলৈ হুংকাৰ যদিহে সীমা সমস্যা সমাধান নকৰে তেন্তে, হয় হাতত অস্ত্ৰ তুলি ল'ব নহ'লে নগা আগ্ৰাসনৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ব ৷ তাৰ বাবে সীমান্তৱৰ্তী ৰাইজ দায়ী নহ'ব ।

দিচৈভেলীত অস্ত্ৰধাৰী নগা (ETV Bharat Assam)

এই সন্দৰ্ভত অসম-নাগালেণ্ড সীমান্তত বাস কৰা এজন লোকে কয়, "নগাই চিন্তা কৰিছে যে আমাৰ ইয়ালৈ মানুহ আহিলে কেনেকৈ গুলীয়াই মাৰিব পাৰো ? আমি যিখিনি ঠাইত আছো, সেইখিনিও তেওঁলোকৰ মাটি বুলি কৈ আমাক খেদিব বিচাৰিব বা আমাকো গুলীয়াই মাৰিব বিচাৰিব তেতিয়া আমি ক'ত যাম, কি কৰিম ? তেতিয়া কিন্তু আমি ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ম ।"

ন্যায়ালয়ৰ ৰায়কো অৱমাননা কৰিছে এইসকল নগা লোকে । বিভিন্ন সময়ত অসমৰ ভূমিত নগাই আগ্ৰাসন চলাই সীমান্ত ৰাইজক মাৰধৰ কৰাৰ অভিযোগ থকাৰ পিছতো অসম চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা অভিযোগ উত্থাপন হৈছে ।

লগতে পঢ়ক: বাঁহগছত আশ্ৰয় লৈ থকা বগলীকেইটাও ৰক্ষা পৰা নাই - BIRD HUNTERS ARRESTED

আৰক্ষীয়েই নহয়, এতিয়াৰে পৰা টিএমপিকেইও ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰম্ভ কৰিছে অভিযান - TMPK ANTI DRUGS CAMPAIGN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.