উচ্ছেদক সমৰ্থন কৰিও গেলাজান-ৰজাপুখুৰী নিজৰ বুলি দাবী নগাৰ
মিঞাসকলৰ ৰাজ চলিব বুলি কোনে ক'লে ? উচ্ছেদক কিয় সমৰ্থন কৰে নগাই ?

Published : August 3, 2025 at 7:17 PM IST
সৰুপথাৰ : গোলাঘাট জিলাৰ অসম-নাগালেণ্ড সীমান্তত উচ্ছেদ অভিযানৰ অন্ত নহওঁতেই আৰম্ভ হ'ল নগাৰ দাবী । সীমান্তত উচ্ছেদ অভিযানৰ পূৰ্বে হাতে হাতে মাৰণাস্ত্ৰ লৈ বনাঞ্চলখনত অবাধ বিচৰণ কৰিছিল NSCN-K (নিকি-চুমী) বুলি দাবী কৰা সশস্ত্ৰ সংগঠনটোৰ সদস্য়ই ।
এই সংগঠনটোৰ সদস্যৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতেই সকলোৱে আশংকা কৰিছিল উচ্ছেদিত স্থান দখল কৰিব নগাই । এনে আশংকাৰ মাজতেই উচ্ছেদিত স্থানত পিটপিটাই ফুৰিছে নগা লোকে ।
দেওবাৰে উচ্ছেদৰ মাজতেই দক্ষিণ নামবৰ বনাঞ্চলৰ গেলাজান আৰু ৰজাপুখুৰী নগাৰ মাটি বুলি দাবী কৰিলে একাংশ নগা লোকে । উৰিয়ামঘাটত উচ্ছেদৰ সময়তেই স্থানীয় দল-সংগঠনে সন্দেহ প্ৰকাশ কৰিছিল যে উচ্ছেদৰ পিছতেই নগাই দখল কৰিব নেকি ৰেংমা আৰু দক্ষিণ নামবৰ বনাঞ্চলৰ ভূমি; কিন্তু এতিয়া দেখা গৈছে যে অসম চৰকাৰৰ উচ্ছেদ কাৰ্যক সমৰ্থন জনোৱা নগালোকসকলে উচ্ছেদস্থলীতেই টিঘিলঘিলাই ফুৰিছে ।
তেওঁলোকে যে প্ৰকৃততে উচ্ছেদৰ পিছত এই ভূমি দখল কৰিব তাৰ যেন পূৰ্ণ সম্ভাৱনাও প্ৰকট হৈছে । কিয়নো তেওঁলোকে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে এই কথা ।
গেলাজান, ৰজাপুখুৰী হেনো নগাৰ !
দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলত গেলাজান, ৰজাপুখুৰী তেওঁলোকৰ ভূমি বুলি মন্তব্য কৰিছে নগা লোকে । আজি (দেওবাৰ) ষষ্ঠ দিনটোত গেলাজান, ৰজাপুখুৰী গাঁৱত চলিল প্ৰশাসনৰ বুলড'জাৰ । উচ্ছেদ কৰাৰ সময়লৈকে বহু লোক ঘৰতেই আছিল । গেলাজানত ১৪০টা পৰিয়ালৰ বাসগৃহ উচ্ছেদৰ বাবে চলিল অভিযান । আনহাতে ৰজাপুখুৰীত ২৫০ পৰিয়ালৰ বাসগৃহত চলিছে উচ্ছেদ অভিযান ।

দক্ষিণ নামবৰৰ অন্তৰ্গত ৰজাপুখুৰী আৰু গেলাজানত আজি উচ্ছেদ চলি থকাৰ সময়তেই বিস্ফোৰক মন্তব্য কৰিলে নগা লোকে । মিঞাই তেওঁলোকৰ মাটি দখল কৰি আছিল বুলি এই নগা লোকসকলে দাবী কৰিছে । অসম চৰকাৰে লোৱা এই উচ্ছেদক পূৰ্ণ সমৰ্থন জনাইছে নগা লোকসকলে । সমৰ্থন জনাইছে যদিও তেওঁলোকে মন্তব্য কৰি কৈছে যে ৰজাপুখুৰী আৰু মাজগাঁও এলেকাটো নগাৰ ।
মিঞাসকলৰ ৰাজ চলিব বুলি কোনে ক'লে ?
ইপিনে, নগা লোকে উচ্ছেদস্থলীত টিঘিলঘিলাই থকা দেখি একাংশ স্থানীয় লোক শংকিত হৈ পৰিছে । নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ মাজতেই যথেষ্ট সংখ্যক নগা লোক উচ্ছেদস্থলীত উপস্থিত হয় ।
নগা লোকে গেলাজানত উপস্থিত হৈ কয়, "অসমতেই হওঁক, নাগালেণ্ডতেই হওঁক সীমান্তৰ ভূমিত মিঞাসকলে দখল কৰি আমাক বহুত অসুবিধা কৰি থাকে । অসম চৰকাৰে এই যি উচ্ছেদ অভিযান চলাইছে বহু সময়োপযোগী সিদ্ধান্ত । অন্যথা ১০/২০ বছৰৰ পিছত অসমতেই হওঁক, নাগালেণ্ডতেই হওঁক মিঞাসকলৰ ৰাজ চলিব ।"
এজন নগা লোকে কয়, "তেওঁলোকে ইয়াত বসতি স্থাপন কৰি দুই নম্বৰী কাম-কাজ কৰে । আমি তেওঁলোকক বাধা দিবলৈ গ'লে তেওঁলোকৰ লগত সংঘাট হয় । গতিকে তেওঁলোকে বেআইনী তথা অপৰাধমূলক কাম কৰিলেও আমি মনে মনে চাই থাকো । আমাৰ কৃষিপথাৰত চুৰিকাৰ্য সংঘটিত কৰে তেওঁলোকে ।"

উচ্ছেদক কিয় সমৰ্থন কৰে নগাই ?
আন এজন নগা লোকে এইবাৰ সীমান্তৰ ভূমি নিজৰ বুলি দাবী কৰি কয়, "আমি মাজ গাঁৱৰ লোক আৰু এইটো এলেকা আমাৰ হয় । এই ৰজাপুখুৰী, গেলাজান আমাৰ এলেকা হয় । তেওঁলোকে দখল কৰি বহি আছিল । গতিকে অসম চৰকাৰে সঠিক সময়ত লোৱা উচ্ছেদৰ সিদ্ধান্তক সমৰ্থন জনাওঁ ।"

